সোমবৰীয়া ৰসাল হিতোপদেশ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সোমবৰীয়া ৰসাল হিতোপদেশ

সোমবৰীয়া ৰসাল হিতোপদেশ

Share This
গাভৰু সকললৈ বিশেষঃ
১. সোমবাৰে ব্ৰত ৰাখি শিৱৰ দৰে পতি পাবলৈ আশা কৰিলেই নহব, তেওঁৰ নিচাসক্ত স্বভাৱকো গ্ৰহণ কৰাৰ এক বিশাল মন গঢ়ি তুলিব লাগিব!

২. আধুনিক গাভৰুৱে ৱিক এণ্ডত বাৰে, পাবে মদে-মাংসই দকচি খোৱাৰ পাছত সোমাবাৰে ব্ৰত ৰাখি উপবাস দিয়াতো স্বাস্থ্যৰ পক্ষে অতি উত্তম কথাই!

৩. বিবাহত বহাৰ আগতে ল’ৰাজনৰ ৰন্ধন ক্ষমতাৰ পৰীক্ষা লওক, পাছত যাতে "অসুবিধাজনিত কাৰণত" বনকৰা মহিলা নাহিলে যাতে আপুনি দুৰ্ভোগ ভূগিব নালাগে আগতীয়াকৈ নিশ্চিত হওক৷

৪. সোণৰ আঙুঠি আদি উপহাৰ নলব, তাতোকৈ দামী দামী ক্ৰীম, পাউদাৰ, পাৰফিউম আদি উপহাৰ লওক, যাতে কেতিয়াবা মনোমালিন্য হ’লে খালী টেমা কেইটা ঘূৰাই দিলেও কাম চলে৷

৫. লং ড্ৰাইভত গৈ "আসৈ" দিয়াতকৈ তেওঁক আপোনাৰ ঘৰলৈকে মাতি সেইবোৰ আসৈ দিয়ক, তেনে কৰিলে ল’ৰা "জব্দ" কৰাত সহজ হয়৷

৬. সহজে বশ মনাব পৰা ধনী ল’ৰাক আদৰি লওক৷ ভগৱানে সকলোকে একোখনকৈ অন্তৰ দিছে, কিন্ত অত্যাধিক পইচা আৰু বশ মনাৰ গুণ সকলোকে যে দিয়া নাই সেয়া মন ৰাখিব৷
৭. মাজে মাজে ব্ৰেক কৰাৰ অভিনয় কৰক, তেতিয়াও যদি লেঠা নিচিগে, তেতিয়া বুজিব এয়াহে প্ৰেমৰ আচল এঠা!

৮. ধুনীয়া ভনীয়েক, সখীয়েক আদিৰ লগত বয়ফ্ৰেণ্ডক মাজে মাজে অকলে এৰি থৈ যাওক, ধুনীয়া নাৰীয়ে তেওঁক কিমান বিচলিত কৰে সহজেই গম পাই যাব!

৯. বিয়াৰ পাছত খাবলৈ নাপালে হেনো প্ৰেম খোলা খিৰিকিৰে উৰি যায়, সেয়ে ভাল দুৱাৰ খিৰিকি থকা ধনী ঘৰৰ ল’ৰাক বিয়া কৰাবলৈ প্ৰতিজ্ঞাবদ্ধ হওক৷ প্ৰেমবিহীন জীৱন কিমান অসাৰ, সেই কথা অনুভৱ কৰক!

১০. আনৰ গুণী বয়ফ্ৰেণ্ডক হাইজেক কৰিবলৈ চেষ্টা কৰক, মনত ৰাখিব, কিবা এটা প্ৰতিযোগিতাত জিকি অনাৰ আনন্দই বেলেগ!

-----------------------------------------
আজিৰ গুজৱ খবৰঃ
১. ধেমাজি কাম কৰি খোৱা লোকৰ সংখ্যাতেই সৰ্বাধিক নহয়, কাম নকৰাকৈ বিল পাচ কৰি লোৱা ঠিকাদাৰ-বিষয়াৰ সংখ্যাতো সৰ্বাধিক, সেই কথা সোঁৱৰাই দিলে সচেতন যুৱ মঞ্চই৷

২. এইবাৰ যোৰহাটৰ গিনীজ বৰুৱাৰ নুতুন উদ্যমঃ হাতটাকৈ বগাহাতী গা ধুৱাব পৰাকৈ মাটিৰ চৌব্বাচ্চা নিৰ্মাণৰ বাবে ল’লে প্ৰকল্প! ৰাজহুৱা খণ্ডৰ বগাহাতী উদ্যোগৰ তালিকা দিলে উদ্যোগী বৰদলৈয়ে৷

৩. এইবাৰ জাপানত গৈ খৰতকীয়া কামৰ পাঠ শিকিব মনেমনে সিঙেঃ ঠাইলেণ্ডতো শিকিব মনোৰঞ্জনৰ নতুন পাঠ!

৪. কচুগুটি বিনিয়োগ আঁচনিত বিনিয়োগ কৰক, চেক গেট, টোল গেট, চিণ্ডিকেটত বিনিয়োগৰ জড়িয়তে প্ৰতি বছৰেই আপোনালৈ দুগুণ ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি!

৫. বিদেশী বিতাৰণৰ ন্যায়াধীকৰণৰ জাননী দিবলৈ গৈ ধন দাবী কৰা পুলিচ প্ৰহৃত হ’ল নলবাৰীৰ বালিতাৰাত৷ পুলিচৰ এনে দুঃসাহসক ধিক্কাৰ দিলে নতুন অসমীয়া নাগৰিক সংস্থাই ৷

No comments:

Post a Comment