AXD 115: 21ST MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 115: 21ST MAY 2013

AXD 115: 21ST MAY 2013

Share This

অসমীয়াৰ সুখ-দুখ
প্ৰথম বছৰঃ ২১৫তম সংখ্যাঃ ২১মে’ ২০১৩

বিশেষ সংযোজন
গগগানে গানে পৃষ্ঠাত
"উকি মাৰি গুচি যায়" আৰু "দোলা মোৰ আহিব এদিন" শীৰ্ষক গীতেৰে 
নতুন পৰিচয় গঢ়া

-------------------------------------------------------------
 আৰু

শিল্পী আৰু শিল্প শিতানত

“এখন নেদেখা নদীৰ সিপাৰে” ছবিৰ পৰিচালক বিদ্যুত কটকীৰ
মনৰ জগতৰ এক অন্বেষণ  
"আমেৰিকাৰ ৱাচিংটন ডি চিত অনুষ্ঠিত হোৱা দক্ষিণ এচিয়া বোলছবি মহোৎসৱত (South Asian Film Festival)  শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ  অভিনেতাৰ বঁটা কঢ়িয়াই অনা ছবিখনৰ..... 

সম্পূৰ্ণ শ্ৰাৱ্য কথোপকথন ৰেডিঅ’ সুখ দুখৰ পৃষ্ঠাত
সূত্ৰৰ বাবে ইয়াতে ক্লিক কৰক



আজিৰ ৰসাল হিতোপদেশঃ

১. পৰকীয়া প্ৰেমত বিশ্বাসী সকললৈ উপদেশঃ আনৰ দুৱাৰত টুকুৰিওৱা বন্ধ কৰক, অন্যথা  দেখিব আপোনাৰ দুৱাৰতো কোনোৱে কলিংবেল বজাই থৈ গৈছে!

২. চপককৈ শব্দ নুশুনা মানেই আপোনাৰ ছোৱালীয়ে মোবাইলত ৰাতি ৰাতি কাকো চুমা দিয়া নাই বুলি ভুল নাভাবিব, মনত ৰাখিব টেক্সট মেজেচত চুমা দিলে এনে শব্দ নহয়!

৩. শ্ৰীমতী আপোনাৰ ওপৰত খঙ অভিমান কৰি বহি আছে, তেন্তে সৰু সুৰা চাৰপ্ৰাইজ দিবলৈ আৰম্ভ কৰক, যেনে- ভাতটো ময়েই বহাই দিলো দেই, বাচন কেইটাও ধুই পেলালো, মেখেলা কেইখনো ইত্যাদি (পিছে এইবোৰ কাম যদি আপুনি সদায় কৰেই, তেন্তে তাৰ বিপৰীত কৰি চাৰপ্ৰাইজ দিবলৈ নাপাহৰিব!)

৪. ধুনীয়া ছোৱালীৰ হাতৰ আঙুলিলৈ ৰ লাগি চাই থাকোতে ধৰা পৰিলে লাজ পাব নালাগে, বুকু ডাঠি কওক, আজি বজাৰৰ পৰা ভেন্দী মানে লেডিজ ফিংগাৰ কেইটা কেনেকুৱা কিনিম সেয়াহে আচলতে বিবেচনা কৰি আছিলো !

৫. প্ৰতিবেশীৰ সন্তানৰ পৰীক্ষাৰ ৰিজাল্ট বেয়া হৈছে, তেন্তে সেই সুযোগতে কেঁচা ঘাত চেঙা তেল মাৰি নাহেগৈ কিয়?

৬. খুলশালীজনীৰ যদি বিয়া আহিছে, তেন্তে অফিচৰ পৰা জৰুৰী টুৰ বুলি এমাহমানৰ আগৰে পৰা চিমলা মৌছুৰিত গৈ অকলে আনন্দ কৰি আত্মগোপন কৰি থাককগৈ, খৰচ কম পৰিব!

৭. শ্বিলঙলৈ ফুৰিবলৈ যাবলৈ ছোৱালী লাগে, দামী মলত মোবাইল হেণ্ডচেটৰ ষ্টলৰ আগত ৰওক, "প্ৰতিজ্ঞা" চিৰিয়েলৰ দৰে ব্লেকবেৰী উপহাৰ দিলে ধুনীয়া বহল মনৰ ছোৱালীৰ সন্ধান পাই যাব পাৰে ৷

৮. প্ৰেমত ব্ৰেক-অফ হৈছে, এতিয়া যদি তাই সোনৰ আঙুঠি ঘূৰাই দিছে, তেন্তে লগত কেচ ৰিফাণ্ড লবলৈ নাপাহৰিব, মনত ৰাখিব, আপুনি কিনাৰ সময়তকৈ সোনৰ দাম এতিয়া যথেষ্ট কমিল ৷

৯. ফেচবুকৰ বাবে, ঘৰৰ ওচৰৰ পুখুৰীৰ কাষতে বেলি ডুৱা পৰৰ ফটো তুলিব? সস্তীয়া অথচ বজৰুৱা, চুটি চুটি কাপোৰ পিন্ধি ফটো উঠক; দেখিব বিদেশৰ লোকেচন বুলি আপোনাৰ ফেচবুকত লাইকৰ জোৱাৰ উঠিছে৷

১০. ৰাতি ৰাতি টোপনি নাহে, তেন্তে আপুনিও লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফৰ্ম ফিলাপ কৰক, কচিংৰ পঠন সামগ্ৰী লৈ এইবাৰ বিচনাত পৰকচোন, দেখিব কিমান ভাল টোপনি হৈছে...!!
--------------------------------
আজিৰ সুখ-দুখৰ প্ৰকৃত খবৰ
--------------------------------
সুখৰ খবৰঃ

১. প্ৰকাশ হ’ল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলঃ কলাত উত্তীৰ্ণৰ হাৰ ৭০.১১%, বিজ্ঞানত ৮৩.৮২% আৰু বাণিজ্যত ৮০.০৮% ৷

২. উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ তিনিওটা শাখাতে আধিপত্য বিস্তাৰ কৰিলে ছাত্ৰীয়ে ৷

৩. পুনৰ ঘূৰি আহিছে কটন কলেজৰ গৌৰৱঃ বিজ্ঞান-কলাত পুনৰ শীৰ্ষস্থানেৰে সাত শিক্ষাৰ্থীয়ে অপ্ৰতিৰোধ্য কৰিলে কটনৰ জয়যাত্ৰা ৷

৪. ব্যক্তিগত বিদ্যালয়ৰ সাফল্যত উৎসৱমুখৰ পাঠশালাঃ বৰপেটা জিলালৈ সাফল্যৰ গৌৰৱ কঢ়িয়ালে ৭জনকৈ কৃৰ্তি শিক্ষাৰ্থীয়ে ৷

৫. ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীয়ে ৰাখিলে সফলতাৰ ধাৰাবাহিকতাঃ বাণিজ্য আৰু বিজ্ঞানৰ শীৰ্ষত স্থান পালে সাত জনে ৷

৬. পাঁচ জনকৈ শিক্ষাৰ্থীৰ স্থান দখলেৰে বৰাকৰ নাম উজ্বলালে ৰামানুজ জুনিয়ৰ কলেজে ৷

৭. ৰামানুজন কলেজে উৰুৱালে সাফল্যৰ ধ্বজঃ বিজ্ঞান-কলাত জিলিকিল নগাঁৱৰ সাতজনকৈ শিক্ষাৰ্থী ৷

৮. বাণিজ্যত ৯গৰাকীৰ শীৰ্ষস্থান দখলঃ মেধাৰ প্ৰতিযোগিতাত পুনৰ জিলিকিল গুৱাহাটী কমাৰ্চ কলেজ৷

৯. কংগ্ৰেছৰ দ্বিতীয়জন প্ৰাৰ্থীৰূপে কুজুৰে দাখিল কৰিলে মনোনয়ন, মুখ্যমন্ত্ৰীয়ে অভিহিত কৰিলে তেখেতক আটাইতকৈ ভাগ্যশালী প্ৰাৰ্থীৰূপেঃ এআইএইডিএফৰ প্ৰাৰ্থীয়েও দাখিল কৰিলে মনোনয়ন ৷

১০. চীনৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সুফলঃ ব্ৰহ্মপুত্ৰৰ ওপৰত হব লগা যিকোনো বান্ধ সম্পৰ্কীয় নিৰ্মাণৰ ক্ষেত্ৰত তথ্য শ্বেয়াৰ কৰিবলৈ চীনৰ চৰকাৰ হ’ল সন্মত ৷

১১. বিগত ১৪বছৰ ৫৭জনৰ স্থান লাভেৰে অন্য এক অভিলেখ গঢ়িলে ডিব্ৰুগড়ৰ ছ্ল্ট ব্ৰুক একাডেমীয়ে ৷

১২. সৰ্বোচ ৯২.১৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বিজ্ঞান শাখাৰ শীৰ্ষস্থান লাভ কৰিলে নলবাৰীয়ে ৷

চিন্তনীয় খবৰঃ

১. ছেৱাৰ ফলাফলৰ বিসংগতিঃ ৰি-চেকৰ বাবে প্ৰতিটো বিষয়ত ৩০০টকাৰ ফীজ, মুখ্য-কাৰ্যালয়ত নাপাব বিসংগতিপূৰ্ণ মাকশ্বিটৰ শুদ্ধ ৰূপ, নিজৰ বিদ্যালয়তে অপেক্ষা কৰিবলৈ ক’লে ছেৱাৰ সচিবে ৷

২. কংগ্ৰেছত ৰাজ্য সভাৰ দ্বিতীয়জন প্ৰাৰ্থীক লৈ নতুন প্ৰতিবাদী গোটঃ অঞ্ন দত্তৰ নেতৃত্বত শীঘ্ৰে ২৫ বিধায়কৰ দল যাব দিল্লীলৈ ৷

৩. পথ আৰু নলা নিৰ্মাণৰ ধন ভুৱা কমিটিলৈ মুকলি কৰিলে গাভৰু খণ্ড উন্নয়ন বিষয়াইঃ শোণতপুৰৰ জিলা উপায়ুক্তৰ নিৰ্দেশকো কৰিলে অৱমাননা৷

৪. ৰোজভেলীত জমা ধন ঘূৰাই বিচাৰি চিলাপথাৰত গ্ৰাহক হাঁহাকাৰ ৷

৫. লখিমপুৰৰ ঘিলামৰাত ক’লা বজাৰত বিক্ৰী হৈছে ৰেভিনিউ ষ্টাম্পঃ ৰাজ্যৰ অন্য প্ৰান্তটো একেই অৱস্থা ৷

৬. বাঁহজনীৰ মৰোৱা-কমলপুৰ পথ নিৰ্মাণত বিয়োগম কেলেংকাৰীৰ উঠিল অভিযোগঃ অবাধ লুণ্ঠনত উৱলিছে ৰাস্তা পদূলি ৷

ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয়ঃ

১. উচ্চতম ন্যায়ালয়ে গুজৰাটলৈ উভতিব নিদিয়া অমিত শ্বাহক উত্তৰ পৰ্দেশত বিজেপিৰ প্ৰভাৰী নিযুক্তিঃ সৰ্বত প্ৰতিক্ৰিয়া ৷

২. চাৰি লাখ ডলাৰত নিলাম হ’ল জন লেননৰ গীটাৰ ৷

৩. চীনা প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত দিল্লীত তিৰ্বতী জনতাৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী দিল্লীত ৷

৪. "বাৰ্থ" নামৰ এটা এহাজাৰ শব্দ সমৃদ্ধ কবিতা লিখিলে মণিপুৰৰ লৌহ-মানৱী ইৰম শৰ্মিলাইঃ এই কবিতাটি অন্তৰ্ভুক্ত হব তথ্য চিত্ৰ নিৰ্মাতা মিনি বৈদে শৰ্মিলাৰ জীৱনক লৈ লিখা এখন গ্ৰন্থত ৷

৫. জিভা পিচল খালেঃ লালু প্ৰসাদৰ বিপক্ষে আপত্তিজনক শব্দ ব্যৱহাৰ কৰা বুলি মানহানিৰ গোচৰ তৰিলে জনতা দল (ইউ) ৰ বিধায়ক সঞ্জয় সিঙে ৷

৬. এইবাৰ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব অভিনেত্ৰী প্ৰিয়ঙ্কা চোপ্ৰাৰ জীৱনঃ দিল্লীৰ এখন বিদ্যালয়ৰ এখন পাঠ্যপুথিত "ৰভিং ফেমিলিজ, ছিফটিং হোমছ" পাঠত ছবিসহ প্ৰিয়ঙ্কাৰ জীৱনক সামৰি লোৱা হৈছে ৷

৭. আফগানিস্তানত আত্মঘাতী আক্ৰমণত নিহত ১১জন ৷

৮. বিদেশী বিনিয়োগৰ সন্ধানতঃ হোৱাইট হাউচত উপস্থিত হ’লগৈ ম্যানমাৰৰ ৰাষ্ট্ৰপতি ৷

৯. স্পট ফিক্সিঙৰ অভিযোগত আটক হোৱা তিনি ক্ৰিকেট তাৰকাৰ সৈতে নিজৰ চুক্তি বাতিল কৰিলে ৰাজস্থান ৰয়েলচে৷

১০. চকুপানী টুকি শেষ খেলত অংশ লৈ অৱসৰৰ দিশে ৰাওনা হ’ল বন্দিত ফুটবলাৰ ডেভিড বেকহাম৷



---------------------------------------------


বিশ্লেষণঃ
ক’ত শেষ হব "পলিটিকেল ক্লাছ" আৰু "সাধাৰণ মানুহ"ৰ
মাজৰ সেই বৃহৎ ব্যৱধান

#অনিল কুমাৰ
ৰাষ্ট্ৰীয় পৰ্যবেক্ষক, সুখ-দুখ.কম 

আজিৰ তাৰিখত আমাৰ দেশে ৰাজনৈতিক অনুষ্ঠান সমূহৰ পৰা যিটো বৃহৎ প্ৰত্যাহ্বান গ্ৰহণ কৰিব লগা হৈছে সেয়া আচলতে দুৰ্নীতি নহয়, ই হ’ল এক শক্তিশালী বিৰোধীৰ অভাৱহে ৷ দেশত বহু-দলীয় কৰ্মী জড়িত থকা কেলেংকাৰীবোৰ যেন এটা ধাৰাবাহিক পৰিঘটনালৈহে পৰিবৰ্তিত হৈছে৷ যেতিয়া কংগ্ৰেছে দেশক ডকাইতি কৰা মন্ত্ৰী কালমাদী, খুৰশ্বিদ, বানচাল বা অশ্চিনী কুমাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাকৈ থাকিবলৈ পাৰ্যমানে চেষ্টা চলায়, সেইদৰে বিজেপিৰো একেই প্ৰচেষ্টা, গাডকাৰী আৰু য়েড্ডুৰাপ্পাৰ ক্ষেত্ৰত ৷ তেতিয়াই সাধাৰণ জনতা বাধ্য হয় "বেয়া" আৰু "অতি বেয়া"ৰ মাজৰ পৰা নিৰ্বাচন কৰাৰ দৰে কাম বলপূৰ্বক ভাৱে কৰিবলৈ৷ আজিৰ তাৰিখত যেন বিৰোধী দলে একো নকৰাকৈয়ে "এক বিকল্পহীন বিজয়" (By default) প্ৰাপ্ত কৰিছে ৷ এইটো যেন প্ৰতিটো পাঁচ বছৰৰ মূৰ মূৰে ঘটিব লগা এক নিয়মমাফিক ঘটনাহে!

এটা কেচ ষ্টাডিৰ ৰূপত বিগত কৰ্ণাটকৰ বিধান সভাৰ নিৰ্বাচনৰ কথাকে বিবেচনা কৰিবলৈ যোৱা যাওক৷ ২২৩খন বিধান সভাৰ আসনত বিধায়ক হোৱা ৩৯জনৰ বিৰুদ্ধেই গুৰুতৰ অপৰাধী গোচৰ (Criminal Charge) ৰুজু হৈ আছে ৷ যদি কোনোবাই ভুলতো ভাবিছে যে, এই শ্ৰেণীৰ মানুহে দেশ আৰু জনতাৰ সেৱা কৰিবলৈ আহিছে, সেয়া প্ৰকৃততেই এক মহাভুল! এতিয়া শৈক্ষিক অৰ্হতাৰ কথালৈ অহা যাওক, এই নিৰ্বাচিত সকলৰ এক তৃতীয়াংশই স্নাতক মহলাৰ দেওনা চুই নোপোৱা লোক৷ (তাৰ অৰ্থ হ’ল যি সকল চৰকাৰী চাকৰিৰ বাবে কোনোপধ্যেই বিবেচিত হোৱাৰ যোগ্যতা নাই, তেওঁলোকে আকৌ চৰকাৰকে চলাব!)

যদি ঘোষিত সম্পত্তিৰ কথা বিবেচনা কৰো, ইয়াৰে ৯৫% শতাংশতকৈ অধিক লোক কোটিপতি, আৰু এটা গড়মান উলিয়ালে সি ২০-২৫ কোটিৰ অৰ্থ সম্পদৰ সীমা পায়গৈ ৷ মই এইটো কথা স্পষ্ট কৰি দিব খুজিছো যে, এই সংখ্যা সকলো পাৰ্টি আৰু প্ৰতিটো পাৰ্টিৰ ক্ষেত্ৰতে সমবিতৰণৰ পাছতহে পোৱা গৈছে৷ তথাপিও, এটা দেশজোৰা এক বৃহৎ আন্দোলন (আন্নাৰ নেতৃত্বত) হৈ যোৱাৰ পাছতো দেশত এক নিকা ৰাজনৈতিক চিষ্টেম গঢ়াৰ বাবে কোনো ৰাজনৈতিক দলেই একো নিৰ্ভৰযোগ্য পদক্ষেপ হাতত নল’লে ৷ যিটো অতিকৈ পৰিতাপৰ কথা ৷

কর্ণাটকৰ বিগত নিৰ্বাচনত কংগ্ৰেচে ১২১খন আসন লাভ কৰিলে ৩৬% ভোট লাভ কৰি ৷ বিজেপিয়ে ৪০টা চীট নিজৰ দখললৈ আনিলে ২০% ভোটাৰৰ সমৰ্থন আদায় কৰি ৷ য়েড্ডুৰাপ্পাৰ কৰ্ণাটক জনতা পাৰ্টিয়ে ১০% ভোট লাভ কৰিলে ৷ সেয়ে আমি ২% ক্ৰছ ভোটিঙৰ সম্ভাৱনাকো বিবেচনা কৰিব লাগিব, (কাৰণ নতুনকৈ গঠিত য়েড্ডুৰাপ্পাৰ কৰ্ণাটক জনতা পাৰ্টিৰ সমৰ্থকে বিজেপিক হৰুৱাবলৈ কংগ্ৰেছক ভোট দিছে, আৰু কৰবাত বিজেপিক হৰুৱাবলৈ কংগ্ৰেছী সমৰ্থকেও কেজিপিক ভোট দিছে ৷)  যদি নিৰ্বাচনৰ আগতে বিজেপি কৰ্ণাটকত দ্বি-খণ্ডিত নহ’লহেতেন তেন্তে বিজেপিৰ খাটালৈ ৩২% ভোটেই আহিলহেতেন৷ তেতিয়া কংগ্ৰেছৰ হাতত থাকিব লগা ৩৪% ভোটেৰে প্ৰকৃততে ৯০-১০০ আসনহে হস্তগত কৰিবলৈ সক্ষম হ’লহেতেন (আৰু সংখ্যাগৰিষ্ঠ হোৱাৰ সীমাৰ পৰা যথেষ্ট দূৰতে থাকিব লগা হ’লহেতেন আৰু বিজেপিয়েও ৭০-৮০খন আসন লাভ কৰিলেহেতেন৷

আচলতে মই কবলৈ বিচৰা কথাটো হ’ল যে বিজেপি চৰকাৰৰ সীমাহীন দুৰ্নীতি, ইমান অপ-শাসন আৰু প্ৰতিষ্ঠানবিৰোধী ঢৌৰ পাছতো কিন্তু কোনোপধ্যেই জনতাই কংগ্ৰেছৰ পক্ষত সমৰ্থনৰ ঢৌ সৃষ্টি কৰা নাই ৷ কংগ্ৰেছৰ এই বিজয় মাত্ৰ এক "বিকল্প-বিহীন বিজয়" (By Default)হে ৷ প্ৰকৃততে মই বাখ্যা কৰিব বিচৰা দিশটো এয়ে যে সাধাৰণ জনতাই প্ৰকৃততে এই দুয়োটা দলৰ মাজত যে কিবা এটা পাৰ্থক্য আছে তাক বিচাৰি পোৱাত অক্ষম হৈ পৰিছে ৷ কাৰণ দুয়োটা দলেই সমানেই দুৰ্নীতিগ্ৰস্ত!

আজি পলিটিকেল ক্লাছ আৰু সাধাৰণ জনতাৰ মাজত আচলতে এক  বিশাল দূৰত্বহে বিৰাজ কৰিছে৷ সাধাৰণ জনতাই প্ৰতিবাদ প্ৰদৰ্শণৰ মাধ্যমেৰে এই কথাকেই বাৰে বাৰে সোঁৱৰাই দিছে যে, তেওঁলোকে এই ৰাজনীতিৰ এক সুদূৰ প্ৰসাৰী পৰিবৰ্তন বিচাৰে, কিন্তু সেই দাবীলৈ ৰাজনৈতিক মহলে কান নিদিয়ে বা দিব খোজা নাই৷  চিৰদিন একেধৰণৰ নেতাই দলীয় টিকট লাভ কৰি আহিছে বা জিকি আহিছে, পৰিবৰ্তন যদি হৈছে সেয়া হ’ল নেতাজনে সলনি কৰা দলহে!

তেন্তে আমি কেনেকৈ আশা কৰিছো যে তেওঁলোকৰ চৰিত্ৰ সলনি হব? তাৰ উত্তৰ হ’ল- তাৰ বাবে মানুহৰ সমুখত কিবা এটা নতুন বিকল্প থাকিব লাগিব৷ এটা নতুন দল যি সাধাৰণ জনতাই গঢ় দিব লাগিব আৰু তেওঁলোকৰ উদ্দেশ্য হ’ব লাগিব, দেশৰ সাধাৰণ জনতাৰ সেৱা কৰাহে৷ মনত ৰাখিব, এজন অশিক্ষিত, অপৰাধী ব্ৰেকগ্ৰাউণ্ডৰ কোটিপতিয়ে কেতিয়াও মানুহৰ বাবে কাম নকৰে৷ তেওঁ প্ৰকৃততেই ৰাজনীতিলৈ নামিছে তেওঁৰ সম্পত্তিক কম আয়াসতে কেইবা সূচকাংক বৃদ্ধি কৰিবলৈহে ৷

আপুনি যদি এটা পাৰ্টিৰ "পাৰ্টি অফিচ"লৈ যায়, তাত আপুনি সৰু-সুৰা লাভালাভৰ বাবে দলৰ লগত ঘূৰিবলৈ অহা সৰু সৰু নেতা-কৰ্মীকেই লগ পাব, যি সকলে শাসকৰ লগত মিতিৰালি কৰি থাকি ৰাস্তাৰ-ৰেলৰ-কয়লা আদিৰ ঠিকা সৰকাই দেশক লুটিবলৈহে তাত গোট খাইছে৷ তাৰ অৰ্থ হ’ল একোজন সৰু দলীয় কৰ্মীও আচলতে তেওঁৰ ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবেহে তাত সমবেত হৈছেহি ৷ তেনেকুৱা এটা দুৰ্বল ফাউণ্ডেচনৰ ওপৰত আপুনি কি এটা নিকা পাৰ্টি খাড়া কৰিব? 

কৰবাত এনে এটা পাৰ্টি আছেনে, য’ত এনে উদেশ্যৰে দলীয় কৰ্মীৰূপে সদস্য হোৱাৰ পৰা বাৰণ কৰি ৰখা হয় আৰু কোৱা হয় যে মাত্ৰ মানুহক বা দেশৰ সেৱাৰ বাবেহে এই দলত যোগদান কৰিব পাৰিব৷ আপুনি ভাবেনে কোনোবা এজন সৎ নেতা বা ব্যক্তিয়ে তেওঁৰ দলৰ পাৰ্টিৰ সদস্যক দুৰ্নীতি কৰিবলৈ এৰি দিব? আমাক প্ৰকৃততে শক্তিশালী বিবেকেৰে পৰিচালিত এক শক্তিশালী মৰেল ফাউণ্ডেচনৰ ওপৰত থিয় হোৱা এটা দল লাগে ৷ ভাৰতীয় জনতাই এনে এক এৰাব নোৱাৰা বিকল্পৰ সন্ধান পাবনে নেপায়, সেয়া সময়েই উত্তৰ দিব ৷

1 comment: