ASD 196:2nd May 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 196:2nd May 2013

ASD 196:2nd May 2013

Share This

শেহতীয়া লেখাঃ

সম্পাদকীয় কলমত

শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য


বিশ্বৰ মেহনতী,  শ্ৰমজীৱি মানুহৰ সংগ্ৰামী জীৱনৰ এক উৎসৱ যেন মে দিৱস ৷ এই দিনটোতে বিশ্বৰ সকলো শ্ৰমিক ঐক্যবদ্ধ হোৱাৰ বাণী গুঞ্জৰিত হৈ উঠে ৷ শোষণ বঞ্চনাৰ বিৰুদ্ধে যুঁজিবলৈ শ্ৰমজীৱি ৰাইজক সংগঠিত কৰাৰ পথত এই মে দিৱসে বছৰে বছৰে কঢ়িয়াই আনে আশাৰ বাণী 
(সম্পূৰ্ণ পঠনৰ বাবে ইয়াত ক্লিক কৰক)

মে দিৱস উপলক্ষে আগবঢ়োৱা হৈছে
কাৰ্ল মাৰ্ক্স আৰু ফ্ৰেডেৰিক এংগেলচ"  ৰচিত
 "কমিউনিষ্ট মেনিফেষ্টো"ৰ পিডিএফৰ বিনামূলীয়া ডাউনলোড ৷ 


সোঁতৰ বিপৰীতে নিৰ্বাচিত লেখাঃ

ফেচবুকৰ ব্যৱহাৰ আৰু অপব্যৱহাৰ

#প্ৰতিম প্ৰতাপ বৰুৱা

চ’ছিয়েল নেটৱৰ্কিং চাইট “ফেচবুক”ৰ ব্যৱহাৰকাৰীসকলৰ সপক্ষে আৰু বিপক্ষে বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। সেই মন্তব্যসমূহৰ বিষয়ে ক’ব লগা একো নাই। কাৰণ প্ৰতিটো আহিলাৰে ভাল-বেয়া দুয়োটা দিশেই থাকে। কোনটো দিশে প্ৰাধান্য পাব সেইটো ব্যৱহাৰকাৰীজনৰ ব্যক্তিগত পচন্দ-অপচন্দৰ ওপৰত নিৰ্ভৰ কৰে। 

অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ১৯৬তম সংখ্যাঃ ২মে ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক


সুখৰ খবৰঃ

১. ১০নিযুত পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীক সকাহ দিবলৈ কেন্দ্ৰীয় কেবিনেটে পাছ কৰিলে বিলঃ ১৮বছৰৰ ওপৰৰ ব্যক্তিয়ে আবেদন কৰি পৰিচয় পত্ৰসহ কৰিব পাৰিব ব্যৱসায় ৷ লাইচেন্স চিষ্টেম হ’ব বন্ধ, নগৰ সমিতিয়ে নিৰ্দিষ্ট ব্যৱসায়ীক পৰিসৰ তথা ৰাতিৰ বজাৰৰ ব্যৱস্থাৰে কৰি দিব লাগিব নিৰ্মাণ, নগৰৰ ব্যৱসায়ী সকলৰ সংগঠনে ঠিক কৰিব পাৰিব একোজন এনে ব্যৱসায়ীয়ে ব্যৱসায় কৰিব পৰা অঞ্চলৰ পৰিসীমা ৷

২. উচ্চতম ন্যায়ালয়ে দিলে সেউজ সংকেতঃ মায়াৱতীৰ আয়ৰ সতে সংগতিবিহীন সম্পত্তিৰ বিৰুদ্ধে চিবিআইয়ে মুকলিকৈ চলাব পাৰিব গোচৰ ৷

৩. মুম্বাইৰ ব্যৱসায়ীলৈ কিয় জেড কেটেগৰীৰ সুৰক্ষাঃ মুকেশ আম্বানীৰ নাম নোলোৱাকৈয়ে সমালোচনা কৰি কাৰণ দৰ্শাবলৈ কেন্দ্ৰক ক’লে উচ্চতম ন্যায়ালয়ে ৷

৪. বিবাহ বিচ্ছেদৰ সময়ত পতিৰ পৈত্তিক সম্পত্তিৰ ওপৰত পত্নীৰ অধিকাৰ সন্দৰ্ভত কেন্দ্ৰীয় কেবিনেটত তীব্ৰ মতানৈক্যঃ হিন্দু বিবাহ আইন ১৯৫৫ আৰু বিশেষ বিবাহ আইন ১৯৫৪ৰ সংশোধনী বিলৰ এনে প্ৰস্তাৱে বহু পৰিয়াল ধ্বংস কৰিব বুলি সামাজিক সংগঠনে দিল্লীত প্ৰদৰ্শণ কৰিলে তীব্ৰ প্ৰতিবাদ ৷

৫. আহমেদাবাদ চহৰত প্ৰথম গৰাকী মহিলা মেয়ৰ ৰূপে দ্বায়িত্ব ল’ব পেটেল সম্প্ৰদায়ৰ মীনা বেহেনে ৷

৬. ন্যায় ব্যৱস্থাৰ গীনিপিগত পৰিণত হোৱা অসমৰ মহেন্দ্ৰ দাসৰ মৃত্যুদণ্ড অৱশেষত যাৱজ্জীৱন কাৰাদণ্ডলৈ পৰিণত কৰিলে উচ্চতম ন্যায়ালয়েঃ ৰাষ্ট্ৰপতি কাৰ্য্যালয়ে ক্ষমাদানৰ আবেদন বাৰ বছৰে আবদ্ধ কৰি ৰাখি গঢ়িছিল অন্য এক প্ৰসহনমূলক অভিলেখ ৷

৭. মানকাচাৰত বিএফএফ আৰু অসম পুলিচে উদ্ধাৰ কৰিলে ১৫বছৰীয়া বাংলাদেশী কিশোৰীকঃ নাৰী দেহ সৰবৰাহৰ আন্তঃজাতিক চক্ৰৰ সক্ৰিয়তা প্ৰমাণিত ৷

৮. ধৰ্মৰ ভিত্তিত সাম্প্ৰদায়িকতাবাদৰ অভিযোগত নৰেন্দ্ৰ মোদীৰ ওপৰত বাহাল থাকিব আমেৰিকাৰ ভিচা নিষিদ্ধকৰণঃ ধৰ্মীয় স্বাধীনতা সন্দৰ্ভত থকা আমেৰিকান পেনেলে দিলে পৰামৰ্শ ৷

৯. বিজেপিৰ নেতা অৰুণ জেটলী আৰু জনতা দল (সংযুক্ত)ৰ শাৰদ যাদৱলৈ উৎকৃষ্ট সাংসদৰ বঁটাঃ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব অহা ৯মে’ত ৷

১০. বিশ্বৰ প্ৰান্তে প্ৰান্তে উদযাপিত হ’ল আন্তৰ্জাতিক শ্ৰমিক দিৱসঃ গুঞ্জৰিত হ’ল শ্ৰমিক ঐক্য আৰু শোষণ তথা বঞ্চনাৰ পৰা মুক্তিৰ সপোন ৷

১১. চেন্নাইৰ ৰাজহুৱা ষ্টেম চেল বেংকৰ বাবে তামিলনাডু চৰকাৰে মঞ্জুৰ কৰিলে ৯ কোটি টকাঃ জীৱন ব্লাড বেংকৰ পৰা ৰাজ্যৰ ৰোগীয়ে এই মঞ্জুৰীৰ ফলত পাব বিনামূলীয়াকৈ পাব ষ্টেম চেল ট্ৰেন্সপ্লেণ্টৰ বাবে ৷

১২. অৱশেষত আলোচনাত বহিল গেছ ক্ৰেকাৰ প্ৰকল্পৰ কৰ্তৃপক্ষঃ থলুৱাৰ নিযুক্তিৰ ক্ষেত্ৰত আছুক জনালে সহাঁৰি ৷

১৩. ভুৱা পিএইচডি এমফিলৰ বেহা কৰাৰ অভিযোগ উঠা মেঘালয়ৰ এখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে ৰাজ্যপালে ব্যৱ্স্থা লোৱাৰ বাবে দিলে আশ্বাসঃ বন্ধ কৰিবলৈ দিলে নতুন নামভৰ্তি, শংকিত শিক্ষাৰ্থীয়ে মুখৰ কৰিলে বিশ্ববিদ্যালয় চৌহদ ৷

১৪. ৫.৩% শতাংশ হ্ৰাস পালে ATFৰ দামঃ উৰাজাহাজৰ টিকেটৰ দাম কমোৱা সন্দৰ্ভত মৌন হৈ ৰৈছে বিমান কোম্পানী ৷

চিন্তনীয় খবৰঃ

১. সাৰদা কাণ্ডৰ বাবে জগৰীয়া কৰিলে মুখ্যমন্ত্ৰীকঃ চীটফাণ্ড বন্ধ কৰিবলৈ আহ্বান জনালে পৰেশ পন্থী আলফাই ৷

২. বিশ্বনাথত পাৱাৰ গ্ৰীডৰ প্ৰকল্পত মৃতদেহ আগত লৈ ৰাইজৰ প্ৰতিবাদঃ গ্ৰীদৰ কাম বন্ধ ৰখাৰ তুলিলে দাবী ৷

৩. আজমলক সমালোচনা কৰি গণৰোষত পৰা ৰকিবুল হুছেইনে পুনৰ তুলিলে অভিযোগৰ আঙুলিঃ আজমলৰ হোজাইৰ ঘৰত বিজেপিৰ বিধায়কৰে বহে গোপন বৈঠক ৷

৪. মুখ্যমন্ত্ৰীক লাইট পোষ্টত ওলোমোৱাৰ দৰে অশালীন ভাষা প্ৰয়োগ কৰা বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তী সৰ্বত সমালোচিতঃ ভৰত নৰহে ক’লে- এয়া মুখ্যমন্ত্ৰীৰ ভাৱমুৰ্তি বিনষ্টৰ অপচেষ্টাহে!

৫. প্ৰেম প্ৰত্যাখ্যানৰ ফলাফলঃ ধুবুৰীত কিশোৰীক হত্যাৰ চেষ্টা চলোৱাৰ চিন্তাজনক খবৰ ৷

৬. গোৱালপাৰাৰ ৰাজকুমাৰ-জয়ন্তৰ হত্যাকাণ্ড সন্দৰ্ভত ৰাইজে বান্ধি দিলে ৪৮ ঘণ্টাৰ সময়সীমাঃ হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবীত মৰনৈ থানা ঘেৰাও ৷

৭. পুনৰ খহি পৰিল যোৰহাট মেডিকেল কলেজৰ অস্ত্ৰোপচাৰ কক্ষৰ চিলিঙঃ তদন্তৰ নামত ভেকোঁভাওনা কৰি থকাৰ সৱল অভিযোগ ৷

৮. পুনৰ বিতৰ্কৰ আবৰ্তলৈ ডিমৰীয়া কলেজঃ অধ্যক্ষক বন্দুক দেখুৱাই প্ৰমাণপত্ৰ সংগ্ৰহ কৰাৰ ঘটনাৰ খবৰে সচেতন ৰাইজক কৰিলে সচকিত ৷

৯. চিৰাঙত বজ্ৰপাতত আহত হ’ল ১৯জনঃ চিকিৎসালয়ত ভৰ্তিৰ খবৰ ৷

১০. মেঘালয়, দক্ষিণ কামৰূপৰ চোৰাং কাঠেৰে ভৰি পৰিছে বহৰি বজাৰঃ বন বিষয়া-আৰক্ষীৰ ছ্ত্ৰছায়াতে বৰপেটাত বহিছে চোৰাং কাঠৰ বেহা ৷

ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিকঃ

১. পাকিস্তান চৰকাৰে পঠাব পাৰে সৰৱজিত সিঙক উন্নত চিকিৎসাৰ বাবেঃ চিকিৎসকৰ মতে ব্ৰেইন ডেড ৰূপে বিবেচিত হৈছে সৰৱজিতৰ অৱস্থা ৷

২. বষ্ট’নৰ মাৰাথান বোমা বিস্ফোৰণ সন্দৰ্ভত আৰু তিনিজনক আটক কৰিলে বষ্ট’ন পুলিচে ৷

৩. ভাৰতীয় মূলৰ এখন বিয়াৰ বাবে যোৱা জেট বিমান নমালে বায়ু সেনাৰ বিমান বন্দৰতঃ দক্ষিণ আফ্ৰিকাৰ এই ঘটনাই তুলিলে চকু কপালত ৷

৪. পাকিস্তানী সেনা প্ৰধানে ক’লে- পাকিস্তানৰ নিৰ্বাচনে গণতন্ত্ৰক অধিক শক্তিশালী কৰি তুলিব ৷

৫. মে দিৱসত ইউৰোপত প্ৰৱল প্ৰতিবাদী ঢৌঃ ইউৰোপক অৰ্থনৈতিক মন্দাৱস্থাই জুৰুলা কৰাৰ শংকাত কঁপিছে জনগণ ৷

৬. ফ্ৰাণ্সৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহত মজুত ৰখা ৱাইন নিলাম হব পেৰিচতঃ মে মাহৰ শেষলৈ হব এই নিলামী ৷

৭. ৰাছিয়াৰ মস্কোত ৯০হাজাৰ মানুহে উলিয়ালে মে দিৱসৰ শোভাযাত্ৰাঃ ট্ৰেড ইউনিয়ন সমূহ শক্তিশালী হৈ উঠাৰ সম্ভাৱনা প্ৰকট ৷

৮. উত্তৰ ভাৰতত ভূমিকম্পঃ কাশ্মীৰত এজন নিহত, ৫০জন আহত হোৱাৰ খবৰ ৷

৯. দিল্লীত বৃদ্ধি পালে অট’ আৰু টেক্সীৰ ভাড়া ৷

১০. কয়লা কেলেংকাৰীৰ ধুমুহাত বিধ্বস্ত হব খুজিছে ইউপিএ-২, এইবাৰ আইনী পৰামৰ্শ ল’লে খোদ প্ৰধানমন্ত্ৰীয়ে ৷

বিজ্ঞানঃ

১. বিশ্ববিখ্যাত বিজ্ঞানী ষ্টিফেন হকিংৰ নতুন লক্ষ্যঃ অচিৰেই স্পেচ ফ্লাইটত বৃটিছ আৰৱপতি ৰিচাৰ্ড ব্ৰেনচনক সংগ দিব স্পেচ ফ্লাইটত ৷

২. এইমছত ব্ৰেইন ড্ৰেইনঃ দেশৰ অন্যতম কেঞ্চাৰ বিশেষজ্ঞ ডাঃ বিনোদ ৰাইনা আৰু স্ত্ৰীৰোগ বিশেষজ্ঞা সুনীতা মিট্টলে এইমএছ এৰি যোগ দিলে গুৰগাঁৱস্থ ফৰটিছৰ নতুন চিকিৎসালয়ত ৷

৩. নাছাই ৰাছিয়াৰ লগত স্পেচ ষ্টেচনলৈ স্পেচ শ্বাটলৰ ছীট ভগাই লবলৈ কৰিলে চুক্তি ৷

৪. হোণ্ডা এমেজে মাৰুতিৰ চুইফট ডিজাইৰলৈ আগবঢ়ালে তীব্ৰ প্ৰতিদ্বন্দিতাঃ ডিজেল চালিত চিডান গাড়ীৰ ক্ষেত্ৰত এমেজে দাবী কৰিছে আটাইতকৈ বেছি মাইলেজৰ ৷

No comments:

Post a Comment