AXD 217: 23RD MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 217: 23RD MAY 2013

AXD 217: 23RD MAY 2013

Share This
অসমীয়াৰ সুখ দুখ
প্ৰথম বছৰ ২১৭তম সংখ্যাঃ ২৩মে’ ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক

আজিৰ বিশেষ


জুতি লগা আখলত


পংকজ বৰাৰ
আৰু আছে

 হাস্য বংগতঃ ধ্ৰুৱজ্যোতি শইকীয়াৰ


সুখৰ খবৰঃ
১. হামৰেন মহকুমাৰ মিনট্ৰেং(টেৰেংলাংছ) ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ গোটৰ কাম প্ৰায় শেষ সীমাতঃ অসমবাসীয়ে অহা  জুনমাহৰ পৰা লাভ কৰিব বিদ্যুত ৷

২. দিল্লীত মুখ্যমন্ত্ৰীয় ক’লে- ভূৱা পৰীক্ষাৰ্থী বিষয়ক গুৰুত্ব সহকাৰে লৈছে চৰকাৰে, এনে ঘটনাৰ আঁৰত থকা অভিভাৱকৰ বিৰুদ্ধেও গ্ৰহণ কৰা হব আইনী ব্যৱস্থা ৷

৩. ৰাজ্যৰ প্ৰাকৃতিক সম্পদ সমূহ পঞ্চায়ত পৰ্যায়ত নিৰীক্ষণ ৰাখিবৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে জৈৱ-বৈচিত্ৰ্য ব্যৱস্থাপনা সমিতি গঠনৰ কামঃ অসমৰ চুকে-কোণে ১৯৮খন এনে সমিতিয়ে লব এই দ্বায়িত্ব ৷

৪. মায়া আলোচনীয়ে পূৰ্ণ কৰিলে ২০বছৰঃ ডঃ মামণি ৰয়ছম গোস্বামীৰ নামতো প্ৰবৰ্তন কৰিলে বঁটা, ৯টা শিতানত বঁটা প্ৰাপকৰ নাম ঘোষণা৷
ডাঃ বিকুল দাসলৈ শ্ৰেষ্ঠ প্ৰবাসী অসমীয়া, মৰম কুমাৰলৈ শ্ৰেষ্ঠ কবি, সুৰঞ্জনা শৰ্মালৈ শ্ৰেষ্ঠ গল্পকাৰৰ বঁটাৰ লগতে অভিজিৎ বৰুৱালৈ আগবঢ়ালে শ্ৰেষ্ঠ অসমীয়া বঁটা ৷

৫. অসম আৰক্ষীৰ সতে বুজাবুজিৰ চুক্তি কৰিলে ভাৰতীয় ষ্টেট বেংকেঃ সৰলীকৃত হ’ব আৰক্ষীৰ দৰমহাৰ ব্যৱস্থা, লাভ কৰিব চৰকাৰী কৰ্মচাৰীলৈ দিয়া বেংকিংৰ আন আন সা-সুবিধাও ৷

৬. একেৰাহে ৪৮ঘণ্টাত ৬৭৭ কিল’মিটাৰ দৈৰ্ঘ্য চাইকেল চলাই অভিলেখ গঢ়িলে নাজিৰাৰ অনিল মহন্তইঃ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত পালে স্থান ৷

৭. পাঁচজনকৈ কৃৰ্তিমান অথচ আৰ্থিকভাৱে দৰিদ্ৰ শিক্ষাৰ্থীলৈ গোলাঘাটৰ চেম্বাৰ অৱ কমাৰ্চে আগবঢ়ালে সহায়ৰ হাতঃ বহন কৰিব অধ্যয়নৰ সকলো খৰচ ৷

৮. দুজনকৈ আৰ্থিকভাৱে দুৰ্বল প্ৰতিভাবানৰ স্নাতক পৰ্যায়লৈকে শিক্ষাৰ ব্যয় বহন কৰিব শব্দ শৈক্ষিক ন্যাসেঃ মেধাৱী শিক্ষাৰ্থীৰ পৰা আবেদন কৰিলে আহ্বান ৷

৯. গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত, সেৱাৰ প্ৰতিশ্ৰুতি দিয়া প্ৰাৰ্থীকহে সমৰ্থন দিয়াৰ আহ্বান জনালে  গুৱাহাটী সন্মিলিত নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চৰ সভাপতি ডঃ হীৰেণ গোহাঁইয়ে ৷

১০. আমাৰ পঢ়াশালিৰ পৰা প্ৰাথমিক বিদ্যালয়লৈ উন্নীতকৰণঃ তেজপুৰ সমষ্টিৰ বিধায়কে একেদিনাই স্থাপন কৰিলে পাঁচখনকৈ বিদ্যালয়ৰ আধাৰশিলা ৷
চিন্তনীয় খবৰঃ
১. হঠাত ইউপিএ-২ চৰকাৰৰ বৰ্ষপুতিত গা লৰিল ৰাজ্য চৰকাৰৰঃ ১৯টা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচী ৰূপায়নৰ সন্দৰ্ভত গতি নিৰ্ধাৰণ কৰিবলৈ দ্বায়িত্ব দিলে আঠজন শীৰ্ষ বিষয়াক ৷

২. ধুবুৰী আদালতে দিলে ৰায়ঃ হত্যাৰ অপৰাধত ৪জনক যাৱজ্জীৱন কাৰাদণ্ড৷

৩. আদালতত চান্দনী হ্ত্যাৰ গোচৰত অভিযুক্তঃ ১২ দিনৰ আৰক্ষীৰ জিম্মালৈ পঠালে ঘটনাৰ নায়ক-নায়িকাক ৷

৪. কথমপি ৰক্ষা পৰিল ১৪০জনকৈ যাত্ৰীঃ বৰঝাৰত জৰুৰীভাৱে অৱতৰণ কৰা হ’ল দিল্লী মুখী এয়াৰ ইণ্ডিয়াৰ বিমান ৷

৫. ছেবাৰ দৰেই উচ্চতৰ মাধ্যমিক শিক্ষা সংসদো হ’ল সমালোচিতঃ উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিসংগতিয়ে পালে বাতৰিৰ শিৰোনামা৷

৬. হঠাত ধুমুহা লুইতৰ বুকুতঃ নৌকা দুৰ্ঘটনাত কথমপি ৰক্ষা পৰিল ডাঃ ভূমিধৰ বৰ্মন ৷

৭. ছয়খন জিলাত চাকৰি কৰিবলৈ প্ৰাৰ্থীয়ে দেখুৱালে অনীহা, কোকৰাঝাৰত পদতকৈ অধিক যোগদানঃ চাকৰি পায়ো ৬০০০টেট শিক্ষকে কৰ্মত যোগদান নকৰাৰ চিন্তনীয় খবৰে দখল কৰিলে সংবাদ শিৰোনামা৷

৮. গ্ৰাম্য বৈদুতিকৰণেও সামৰিব পৰা নাই বহু অঞ্চলঃ এতিয়াও চাকিৰ পোহৰতেই বিশ্ববিদ্যালয়ৰ পদূলি গৰকিৰছে দুলীয়াজানৰ ওচৰৰ ভাদৈ পাঁচআলি অঞ্চলৰ বহু ছাত্ৰ ছাত্ৰীয়ে ৷

৯. দিখৌমুখত বন্যহস্তীৰ তাণ্ডৱঃ তহিলং কৰিলে কেইবাটাও পৰিয়ালৰ ঘৰ ভঁৰাল ৷

১০. কলিয়াবৰ উন্নয়ন খণ্ডত ব্যাপক অৰাজকতাঃ চৰ অঞ্চলৰ সামগ্ৰীৰ ওপৰত লুণ্ঠন চলাৰ উঠিল অভিযোগ ৷

১১. লক্ষ্য গুৱাহাটী পৌৰ সভা নিৰ্বাচনঃ পাৰভেজ হাচমী অসমত কংগ্ৰেচ দলৰ সহঃ পৰ্যবেক্ষক নিযুক্ত ৷

১২. শিলসাঁকো বিলৰ ৪৫২বিঘা মাটি পানীৰ দৰত দিলে নেতা-ব্যৱসায়ীকঃ অভিযোগে পালে সংবাদ শিৰোনামাত স্থান ৷

১৩. ২০হেক্টৰ মাটিত থাকিব লগা ডেৰ কোটি বাঁহৰ ঠাইত আছে মাত্ৰ ছডালঃ ৩০০কোটি টকীয়া বাঁহ কেলেংকাৰী উন্মোচিত, চৰজমিন তদন্তৰ নিৰ্দেশ দিলে ন্যায়ালয়ে ৷


ৰাষ্ট্ৰীয়ঃ

১. দেশৰ কণ্ট্ৰলাৰ তথা অডিটৰ জেনেৰেল ৰূপে পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰি পদৰ পৰা অৱসৰ ল’লে বিনোদ ৰাইয়েঃ তেখেতেই টু-জি স্পেকট্ৰাম কেলেংকাৰী আৰু কয়লা ব্লক আবণ্টনৰ কেলেংকাৰী সন্দৰ্ভত সাহসেৰে ৰিপৰ্ট দিছিল ৷

২. ইউপিএ-২ চৰকাৰে পূৰ কৰিলে চাৰিটা বছৰঃ প্ৰকাশ কৰি উলিয়ালে ৰিপৰ্ট কাৰ্ড, কেলেংকাৰীবোৰৰ ওপৰত সঠিক তদন্ত কৰাৰ আশ্বাস দিলে প্ৰধান মন্ত্ৰীয়ে৷

৩. বিজেপিয়ে কৰিলে প্ৰৱল সমালোচনাঃ ক’লে মনমোহন সিঙে না পাৰ্টিৰ নেতা হব পাৰিলে, না দেশৰ ৷

৪. এইবাৰ দিল্লীৰ লোকায়ুক্তই আঙুলিয়ালে শীলা দীক্ষিতে কৰা  ৰাজহুৱা ধন অপব্যৱহাৰৰ ঘটনাঃ দিল্লী বিজেপিয়ে লগে লগে উচ্চ স্বৰে কৰিলে দীক্ষিতৰ সমালোচনা ৷

৫. ঝাৰখণ্ডৰ মধু কোড়াৰ আয়ৰ লগত সংগতি নথকা পৰ্বত-সমান সম্পত্তিৰ সন্দৰ্ভত চিবিআইয়ে ফাইল কৰিলে চাৰ্জচীট ৷

৬. কেৰেলাৰ মুখ্যমন্ত্ৰীৰ জনংযোগ কাৰ্যসূচীয়ে জয় কৰিলে ৰাষ্ট্ৰ সংঘৰ পুৰষ্কাৰ ৷

৭. আঞ্চলিক সহযোগিতাইহে গোলকীয় অৰ্থনৈতিক অচলাৱস্থাৰ উত্তৰ দিব পাৰিব বুলি মতামত পোষণ কৰিলে পাকিস্তানী উচ্চায়ুক্তৰ বিষয়াইঃ অচিৰেই ভাৰতক "আটাইতকৈ বেছি সহযোগিতা কৰা দেশ" ৰূপে ঘোষণা কৰিব বুলি কৰিলে সম্ভাৱনা প্ৰকাশ ৷

৮. ভাৰতে আজি গোৱাৰ উপকূলীয় অঞ্চলত এখন যুদ্ধ জাহাজৰ পৰা ২৯০ কিল’মিটাৰ ভেদ কৰিব পৰা অতি-শাব্দিক ব্ৰাহ্মোচ মিচাইলৰ সফল পৰীক্ষামূলক উৎক্ষেপন সম্পন্ন হয় ৷

৯. উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰীৰ সভাতে লাঠিৰে পৰস্পৰক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হব লগা হ’ল দুজনকৈ পুলিচ জোৱান ৷

১০. চৰকাৰ আৰু ট্ৰেড ইউনিয়নৰ মাজত বৈঠকঃ যথেষ্ট দাবী এতিয়াও অমীমাংসিত হৈ ৰোৱা বুলি প্ৰকাশ কৰিলে "চিটু"ৱে ৷

১১. নবীন পাটনায়কৰ দাবীয়ে নাপালে নেচনেল ডেভেলপমেণ্ট কাউন্সিলত সঁহাৰিঃ উৰিষ্যাৰ বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যদা পাবৰ অৰ্হতা নাই বুলি মন্তব্য কৰিলে পৰিকল্পনা আয়োগে৷

১২. কৰ্ণাটকৰ চৰকাৰে কৰিলে মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ সহযোগত এখন বিশ্বস্তৰীয় বিশ্ববিদ্যালয় স্থাপন কৰাৰ পৰিকল্পনা ৷

১৩. পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে এইবাৰ গুটখা আৰু অনলাইন লটাৰীক কৰিলে নিষিদ্ধ ঘোষণা ৷

১৪. মুম্বাইৰ ঘাটকোপাৰত জুইঃ অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতিলে দুগৰাকী বয়সস্থা মহিলাই ৷

আন্তঃৰাষ্ট্ৰীয়ঃ

১. লণ্ডনত নীলাম হ’ব মহাত্মা গান্ধীৰ তেজৰ নমুনাঃ লগতে নীলাম হব ইচ্ছা পত্ৰ আৰু চেণ্ডেলো ৷

২. এইবাৰ চীনা প্ৰধানমন্ত্ৰী পালেগৈ পাকিস্তানঃ কেইবাখনো বুজাবুজি চুক্তিত কৰিলে চহী, ক’লে চীন আৰু পাকিস্তান চিৰদিনৰ বাবে ভাই-বন্ধু হৈয়ে থাকিব৷

৩. আচিফ আলি জৰ্দাৰী আৰু নৱাজ শ্বৰীফ বহিল নিৰ্বাচনৰ পাছত প্ৰথমবাৰৰ বাবে আলোচনাতঃ প্ৰবাসী পাকিস্তানীৰ অধিকাৰৰ কথা সোঁৱৰালে নৱাজ শ্বৰীফে ৷

৪. যৌন কেলেংকাৰীৰ অভিযোগত ফানিছ মূৰ্তিক খেদিলে আই-গেট কোম্পানীয়েঃ  ৮৪কোটি টকাৰ আৰ্থিক লোকচান ভৰিব লগা হব আই-গেটৰ এই পূৰ্ব মুখ্য কাৰ্যবাহী বিষয়াজনে ৷


--------------------------------------
সামাজিক গুজৱঃ
(সামাজিক ব্যংগৰে সপোনৰ বাতৰিৰ সন্ধান)

১. ব্যক্তিগত খণ্ডৰ স্কুলৰ ৰিজাল্টৰ লগতে ৰৌজাল-বৌজাল হৈছে ব্যৱসায়ঃ মাছ, কণী, পাণ এৰি এতিয়া দীৰ্ঘ-দিনৰ বাবে ভৱিষ্যত উজ্জ্বল হোৱাকৈ এইবিধত বিনিয়োগৰ বাবে মুকলি আহ্বান জনালে চিণ্ডিকেট সন্থালৈ ৷

২. গুৱাহাটীৰ পল্টন বজাৰত আৰম্ভ হব ক্ৰাইম পেট্ৰল অনুষ্ঠানৰ লাইভ ৰেকৰ্ডিঙঃ চেট বনাব নলগাকৈ ইমান সহজে ক্ৰাইমৰ ঘটনা পাই থকাৰ বাতৰিয়ে উৎফুল্লিত কৰিলে ছনী টিভিৰ প্ৰযোজকক৷

৩. মানুহে কম্পিউটাৰ চলাওতে ভুল কৰেই, মাৰ্কশ্বিতত নম্বৰ ভৰাওতে ভুল কৰেইঃ শিক্ষামন্ত্ৰীয়ে মাথো বিধায়ক বা নেতা নিৰ্বাচন যে মানুহে ভুল কৰে সেয়া কথা নোকোৱাত দুখ প্ৰকাশ কৰিলে বিসংগতিহে কাহিল কৰা পৰীক্ষাৰ্থী সকলে ৷

৪. ৰাজ্যসভাৰ নিৰ্বাচনক লৈ পানী-জৰা ফুকাত ব্যস্ত হৈ পৰিছে অগৰুদ্দিন চাহাবঃ দিল্লীৰ ভোজমেলত তেখেতক পানীৰ টেংকীৰ ফালে যোৱাত নিৰাপত্তাৰক্ষীয়ে বিশেষ বাধা প্ৰদান কৰাৰ খবৰ৷

৫. এতিয়াও অসমত চলি আছে চীট ফাণ্ডৰ ৰমৰমীয়া ব্যৱসায়ঃ বাতৰি কাকতৰ বিজ্ঞাপন বিভাগে স্পষ্টীকৰণৰ বিজ্ঞাপন সংগ্ৰহ তুমুল কৰি তোলাৰ মজাৰ খবৰ ৷
---------------------------------
ৰসাল হিতোপদেশ
---------------------------------
১. ফ্লেট ভাড়ালৈ  বিচাৰি ভাগৰিছে, চিন্তা নকৰিব৷ ফ্লেটৰ চিকিউৰিটিক গৈ টকা এশ দিয়ক, ফ্লেট খালী থকা মালিকৰ নম্বৰটো পাবই,  ভাড়া কমাব পৰাকৈ মালিকৰ সকলো দুৰ্বলতা লগত বিনামূলীয়া !

২. প্ৰেমত পৰিছে, তাইক লগ কৰিবলৈ সুৰক্ষিত স্থান লাগে, চৰকাৰী পুথিভঁৰালৰ কাৰ্ড বনাওক৷ তাতকৈ নিৰ্জন আৰু সুৰক্ষিত (পুলিচ ৰেইডৰ ক্ষেত্ৰত) ঠাই আৰু ক’তো নাপাব সেয়া গাৰাণ্টি আছে!

৩. 
তাইৰ ঘৰৰ ফপৰা কুকুৰটোলৈকো আপোনাৰ বৰ মৰম লাগে নহয়নে? পাৰিলে তাকো নি হোটেলত চিকেন অকন খুৱাব!


৪. আপোনাৰ পৰা যদি কোনোবাই কিতাপ ধাৰলৈ বিচাৰে, তেওঁৰ পৰা আগতীয়াকৈ নগদ ধন বেছিকৈ ধাৰ লওঁক, দেখিব আপোনাক কিতাপ ঘূৰাবলৈ কেতিয়াও নাপাহৰে ৷

৫. 
প্ৰেমিকাক দিবলৈ ৰঙা গোলাপ পোৱা নাই, চিন্তা নকৰিব, ডাউনলোড কৰি লওক, আপোনাৰ স্মাৰ্টনেচ তাতেই৷ কাঁইটেৰে সৈতে আচল বিধ দিবলৈ গৈ নিজকে "ফুল" বনাই নেপেলাব!


৬. আপোনাৰ ঘৰলৈ আলহী আহিলে, পুটুককৈ কেলেণ্ডাৰলৈ চাই বাৰটো জানি লওক৷ চেহ আজি অমুক বাৰ নহয়, আমাৰ আকৌ অমুক নাখায়, তমুক নাখায় বুলি বকলা মেলক, দেখিব আলহীয়ে চাহ কাপো নিবিচাৰে!

৭. প্ৰেমত সিদ্ধি হোৱা নাই, ছোৱালীয়ে পাত্তা দিয়া নাই, মাক অথবা মাহীয়েকৰ সৈতে ভাল যোগাযোগ কৰক, আপোনাৰ অৰ্হতা থাকিলে কাম বনি যাব!

৮. 
কাৰোবাৰ সৈতে খাবলৈ গ’লে সৰু হোটেললৈ যাওক, বিল দিবৰ সময়ত, চেহ এটিএম খনহে আছে বুলি কওক, দেখিব বাধ্য হৈ সিজনে নগদ টকা পৰিশোধ কৰিছে ৷ পাছত আপুনি এটিএমৰ পৰা উলিয়াই শ্বেয়াৰ কৰিম বুলি সান্ত্বনা বাণী শুনাই মূৰ পোলোকা মাৰক!

৯. 
বাইকত তেল ভৰাবলৈ পইচা নাই, অলপ দেৰী পেট্ৰ’ল ডিপোত ধৈৰ্য ধৰক, আজিকালি সংগঠনবোৰে ফ্ৰীতে তেল ভৰাবলৈ লানি পতায়েই থাকে, চেগ বুজি তাতে থিয় দি আপুনিও নিয়মানুবৰ্তিতা বজাই ৰাখক!

১০. 
 পৃথিৱীত দুবিধেই প্ৰেমিক থাকে, এবিধ এক পক্ষীয়, এবিধ দুই পক্ষীয় ৷ সেই সীমা নেওচি বহু-পক্ষীয় হবলৈ গ’লেই তেওঁ আৰু প্ৰেমিক হৈ নাথাকে৷ তেওঁ হয়গৈ আততায়ী, প্ৰেমৰ!

No comments:

Post a Comment