AXD 223: 30TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 223: 30TH MAY 2013

AXD 223: 30TH MAY 2013

Share This
অসমীয়াৰ সুখ দুখ
প্ৰথম বছৰ ২২৩তম সংখ্যাঃ ৩০ মে’ ২০১৩
সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জনজীৱনৰ বাৰ্তাবাহক

এখন এবচাৰ্ড নাটকঃ ডাঃ নিৰমল চাইৱালা মুৰ্দাবাদ!

 বিনামূলীয়া পিডিএফৰ বাবে ওপৰৰ শিৰোনামত ক্লিক কৰক

আজিৰ আন আন শিতান
জুতি লগা আখলঃ পনীৰৰ সতে ৰঙালাও
সম্পাদকীয়ঃ মাওবাদীক শক্তিশালী কৰিছে কোনে?
শেহতীয়া লেখা 
১. আজি ৰাজ্যসভাৰ নিৰ্বাচনঃ পুৱা ৯বজাৰ পৰা বিয়লৈ ৪বজালৈ ভোটগ্ৰহণ, বিয়লি ৫বজাৰ পৰা হব ভোট গণনা ৷ সমৰ্থন নকৰে আজমলৰ প্ৰাৰ্থীক, সেয়ে ভোটদানৰ বিৰত থকাৰ সিদ্ধান্ত ল’লে অগপ-বিজেপিয়ে ৷

২. সঁচা ঘটনাৰে সমৃদ্ধ ৰতন লহকৰৰ "মোৰ খং মোৰ ৰং" শীৰ্ষক গ্ৰন্থখনি উন্মোচিত হ’ল গুৱাহাটী প্ৰেছ ক্লাৱতঃ সম্পাদনা হিল্লোল কুমাৰ পাঠকৰ৷

৩. ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল কৰিলে ছেবাৰ কাৰ্যালয়ঃ বিশৃখংলতাৰ জবাবদিহি হবলৈ বাধ্য কৰিলে ছেবাৰ সচিবক ৷

৪. বেচৰকাৰী বিদ্যালয়লৈ ঢাপলিয়াব কিয় লাগেঃ মেট্ৰিকত প্ৰথম বিভাগ পোৱা ২৮হাজাৰ শিক্ষাৰ্থীৰ প্ৰায় ২৪হাজাৰেই চৰকাৰী আৰু অ-প্ৰাদেশীকৃত বিদ্যালয়ৰ বুলি প্ৰকাশ পালে সন্তোষজনক তথ্য ৷ ডিষ্টিংচন পোৱা ১১৫০জনৰ ভিতৰত ৭২৫ গৰাকী চৰকাৰী বিদ্যালয়ৰ, ৫৬০খন চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০শতাংশ ৷

৫. অহা পোন্ধৰ আগষ্টৰ পৰা প্ৰাথমিক আৰু হাইস্কুলৰ শৈক্ষিক পৰিবেশৰ হব গোপন ভিডিঅ’ ৰেকৰ্ডিঙঃ গাফিলতা কৰা সকলৰ বিৰুদ্ধে শিক্ষা বিভাগে লব ব্যৱস্থা ৷

৬. অচিৰেই উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়তো শিক্ষকৰ উপস্থিতি নিশ্চিতকৰণৰ বাবে হব পাঞ্চিং মেচিনৰ ব্যৱস্থা ৷

৭. সাংসদ যোচেফ তপ্পই পৰিদৰ্শন কৰিলে বিশ্বনাথৰ ঘাঁহ খেতিৰ পামঃ নিবনুৱা হৈ নাথাকি দুগ্ধ উৎপাদনৰ ব্যৱসায়কত লগা যুৱক সকলে লাভ কৰিলে উৎসাহ আৰু প্ৰেৰণা ৷

৮. গোৱালপাৰাৰ লক্ষীপুৰত দৈনিক গণ অধিকাৰ চচিয়েল চাৰ্কোলৰ উদ্যোগত আৰু গ্লোকেন বিশ্ববিদ্যালয়ৰ সহযোগত শিক্ষাবিদ ডঃ কাছি বালাচন্দন আৰু অৰ্থনীতিবিদ ইন্দ্ৰজিত গুপ্তাৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত হয় উচ্চ শিক্ষা আৰু আন্তঃ ৰাষ্ট্ৰীয় ক্ষেত্ৰত কৰ্মসংস্থান বিষয়ক এক আলোচনাচক্ৰ ৷

চিন্তনীয় খবৰঃ
১. কংগ্ৰেছৰ বিধায়কৰ ওপৰত দলৰ নাই ভৰসাঃ আখৰা ভোটিং আৰু থ্ৰী-লাইন হুইপেৰে প্ৰাৰ্থী জয়ৰ বাবে প্ৰচেষ্টা ৷ আৰু কোনো কাক ভোট দিব, সংবাদ মাধ্যমত প্ৰকাশ পালে গোপন ভোটৰ নিৰ্বাচনৰ ভোটিঙৰ আগতীয়া তালিকা৷

২. বিসম্বাদীৰ পাছত এইবাৰ অঞ্জন দত্তৰ নেতত্বত দহজনীয়া বিধায়কৰ দলে সাক্ষাক কৰিলে কংগ্ৰেছৰ সহ-পৰ্যবেক্ষক হাছমীক ৷

৩. গুৱাহাটী উন্নয়নৰ ৩২০০কোটি টকা খৰচৰ শ্বেতপত্ৰ দাবী কৰিলে বিজেপিয়েঃ মুখ্যমন্ত্ৰীয়ে গাদী এৰি তেখেতক দ্বায়িত্ব দিব লাগে বুলি ক’লে বিজয়া চক্ৰৱৰ্তীয়ে৷

৪. মন্ত্ৰী গৌতম ৰয়ৰ ৰসাগাৰে সৃষ্টি কৰিলে প্ৰতিক্ৰিয়াৰঃ "মোৰ মাথা ঢিলা, তেজপুৰত দুই-এদিন থকাকৈ আহিব লাগিব" বুলি ভাষণ দিয়াক লৈ মন্ত্ৰী হ’ল সমালোচিত৷

৫. বৰ্হিঃ ৰাষ্ট্ৰ পৰাও আহিছে বিত্তীয় লুণ্ঠনকাৰীঃ ভুৱা বিত্তীয় প্ৰতিষ্ঠান চলোৱাৰ অভিযোগত ৩জন ৰাছিয়ান সহ গুৱাহাটীত গ্ৰেপ্তাৰ হ’ল ছয়জনকৈ অভিযুক্ত৷

৬. ম্যাদ উকলিল লখিমপুৰৰ ২৪টা মাথাউৰিৰঃ বানৰ ভয়ত শংকিত হৈছে লখিমপুৰ জিলাৰ ৰাইজ ৷

৭. সাৰদা চিটফাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙক সোধা পোছা কৰিলে পশ্চিমবংগ আৰক্ষীয়ে ৷

৮. শক্তি বিতৰণত পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ নামত উজনিৰ অঞ্চল ব্যক্তিগতকৰণৰ প্ৰতিবাদ জনাইছে দুটাকৈ কৰ্মচাৰী সংগঠনেঃ অহা ১জুনত লৈছএ বিক্ষোভ প্ৰদৰ্শণৰ কাৰ্যসূচী ৷

৯. পশ্চিম গুৱাহাটীৰ বিধায়ক হেমন্ত তালুকদাৰে মুখ্যমন্ত্ৰীক জনালে প্ৰত্যাহ্বানঃ ক’লে-পাৰে যদি বিসম্বাদীৰ বিৰুদ্ধে লৈ দেখুৱাওক ব্যৱস্থা ৷

১০. গোৰেশ্বৰত দাবী কৰা ধন নিবলৈ আহি ধৰা পৰিল দুজনকৈ এনডিএফবি সদস্য৷

১১. ভুৱা বিত্তীয় প্ৰতিষ্ঠানঃ ৰাংঢালীক বিত্ত সঞ্চালক টাইজুলক গ্ৰেপ্তাৰ কৰিলে মঙলদৈ আৰক্ষীয়ে ৷

১২. মহানগৰীৰ বেতকুচিত বনিব লগা মিনি সচিবালয়ৰ পৰিকল্পনাত স্থবিৰতাঃ ৪৩ বিঘা চৰকাৰী ভূমি ছন পৰি হ’ল অৰণ্য ৷

No comments:

Post a Comment