বৃহস্পতিবাৰৰ গুজৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বৃহস্পতিবাৰৰ গুজৱ

বৃহস্পতিবাৰৰ গুজৱ

Share This
(সামাজিক ব্যংগ আৰু অৰ্ধ-সত্য বাতৰিৰে সপোনৰ বাতৰিৰ সন্ধান)

১. ৱিকিলিকছ কেচত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰাক লৈ অগপৰ ভিতৰতে প্ৰতিক্ৰিয়াঃ ডেকা কালত কৰা ভুলৰ কথাবোৰ ৰাইজে পাহৰিবলৈ লওঁতেই, আকৌ সেইবোৰ খান্দি পৌৰ সভাৰ নিৰ্বাচনৰ আগতে নিজকে ডাষ্টবিনত পেলাব বিচাৰিছে নেকি বুলি তুলিলে সচেতন শৰ্মাই তুলিলে প্ৰশ্ন৷

২. অগৰুদ্দিনে এৰি দিয়া নাই আশাঃ ব্যৱসায়ীয়ে পইচাৰ জোৰক লৈ আশা কেনেকৈ এৰিব পাৰে বুলি ওলোটাই তুলিলে প্ৰশ্ন!

৩. চিএমজে বিশ্বব্দ্যালয়ৰ সঞ্চালক কাৰাগাৰলৈঃ জেলতো পিএইচডি দি দিয়ে বুলি শংকা প্ৰকাশ কৰিলে সচেতন মহলে ৷

৪. উভতি ধৰিছে বিসম্বাদীয়েওঃ ঘোঁৰাৰ শিঙ গজাইতো বেমাৰ বুলি ক’লে কৰুণ গগৈয়ে ৷

৫. এইবাৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান কৰিবলৈ অহা ৰাছিয়ান গ্ৰেপ্তাৰত সন্তোষ প্ৰকাশ কৰিলে দেশীয় ভুৱা বিত্তীয় প্ৰতিষ্ঠান সংস্থাইঃ দেশৰ ভিতৰৰ ডকাইত সকলৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ বাবে জনালে আহ্বান৷

৬. জাপানত প্ৰধানমন্ত্ৰীৰ আলোচনা, বেইজিঙত তাকে লৈ প্ৰতিক্ৰিয়াঃ সিঙ চাৰে ক’লে- অচমীয়াত এনেয়ে নকয় জাপান মে মাৰিলো টিপা, চাইনা পালেগৈ শিপা ৷

৭. পাঁচটা বাঁহ পুলিত আঠ লাখ টকা ব্যয় কৰি আদৰ্শ দেখুৱালে বন বিভাগেঃ কেন্দ্ৰলৈ ধন ঘূৰি যোৱাতকৈ এইদৰে ৰাইজৰ ধন ব্যৱহাৰ কৰি অন্ততঃ এচাম অসমীয়াৰ কল্যাণ সাধনৰ দাবী তুলিলে অসমীয়া বনিয়া সন্থাই ৷

৮. শ্ৰীসান্থে জেলত টোপনি নোযোৱাকলৈ উদ্বিগ্ন হৈ পৰিছে ক্ৰিকেটপ্ৰেমী সকলঃ অচিৰেই বুকীয়ে ঠিক কৰা হোটেললৈ পঠাই দিবলৈ জনালে দাবী ৷

৯. খেলিমেলিৰ দৰৱ বিচাৰি দিগ্বিজয় বাবাৰ শৰনাপন্ন শান্তিকাম, হাছমিৰ কাষত দয়াৰামঃ ৰাজনৈতিক তাবিজ পৰিধান কৰি ৪জুনত সন্মুখীন হব শৈক্ষিক নাগৰিক সভাৰ ৷

১০. জাত-পাত বিচাৰ কৰি মেট্ৰিকত স্থান পোৱা সকলৰ উঠিছে সম্বৰ্ধনাৰ ধুমঃ উ্ন্নয়ন পৰিষদ সমূহৰ এনে প্ৰতিযোগিতায়ো অন্ততঃ লিমকা বুকত ৰেকৰ্ড গঢ়িব বুলি সম্ভাৱনা প্ৰকাশ ৷

No comments:

Post a Comment