বাঃ বাঃ কলি কাল
#ধ্ৰুৱজ্যোতি শইকীয়া
চাহিদা বাঢ়িল ধোদৰ দেশত,
বাহী কাম কৰোঁতা নাই,
আমদানি বাঢ়িল দহৰ স্বাৰ্থত,
ইম্পোৰ্টেড মাল ভাই ৷
বিদেশী বস্তু যে কেনে মোহনীয়
লাগে সবৰে ঘৰত,
কোনোৱে ঘৰত এটাকে ৰাখিছে,
কোনোৱে ডজনৰ দৰত ৷
দোষ দেখোঁ আমি চকুচৰহাই,
চৰকাৰক পাৰোঁ গালি,
কাম কৰা লোক নিতৌ বাঢিছে,
ঘৰে ঘৰে পদ খালী ৷
ডিমাণ্ডৰ জোৰত চাহিদা বাঢ়িছে,
কামৰো যে বাঢ়িছে ভৰ,
এটা লাগে য'ত জাকে জাকে দিছে,
অভাৱ দূৰ হওক অসমৰ ৷
দেশৰ কেইবাগুনীয়া প্ৰগতিত অসমৰ
আধাতকৈ বেছি ভাগ,
সেয়ে অনুৰুধ কৰিছো ৰাইজ,
নকৰিব খং ৰাগ ৷
আমন্ত্ৰিতই হওঁক বা নিজে আহিছে,
অসমৰ হৈ কৰিছে কাজ,
আপোনাৰ ঘৰৰো বাহী বন কৰিছে,
আপুনি যি কৰে লাজ ৷
কাপোৰ ধুবলৈ তিৰিক আনিছে,
মজিয়া মচিছে লগত,
ৰিক্সা ঠেলা মতাই টানিছে,
বজাৰতকৈ আধা দৰত ৷
মিছাতেনো কিয় কৰে হুলস্থুল,
ৰাইজৰ ভালেই দেশৰ ভাল,
উপকাৰীক সচাই অজগৰে গিলে ,
বাঃ বাঃ কলি কাল৷
চাহিদা বাঢ়িল ধোদৰ দেশত,
বাহী কাম কৰোঁতা নাই,
আমদানি বাঢ়িল দহৰ স্বাৰ্থত,
ইম্পোৰ্টেড মাল ভাই ৷
বিদেশী বস্তু যে কেনে মোহনীয়
লাগে সবৰে ঘৰত,
কোনোৱে ঘৰত এটাকে ৰাখিছে,
কোনোৱে ডজনৰ দৰত ৷
দোষ দেখোঁ আমি চকুচৰহাই,
চৰকাৰক পাৰোঁ গালি,
কাম কৰা লোক নিতৌ বাঢিছে,
ঘৰে ঘৰে পদ খালী ৷
ডিমাণ্ডৰ জোৰত চাহিদা বাঢ়িছে,
কামৰো যে বাঢ়িছে ভৰ,
এটা লাগে য'ত জাকে জাকে দিছে,
অভাৱ দূৰ হওক অসমৰ ৷
দেশৰ কেইবাগুনীয়া প্ৰগতিত অসমৰ
আধাতকৈ বেছি ভাগ,
সেয়ে অনুৰুধ কৰিছো ৰাইজ,
নকৰিব খং ৰাগ ৷
আমন্ত্ৰিতই হওঁক বা নিজে আহিছে,
অসমৰ হৈ কৰিছে কাজ,
আপোনাৰ ঘৰৰো বাহী বন কৰিছে,
আপুনি যি কৰে লাজ ৷
কাপোৰ ধুবলৈ তিৰিক আনিছে,
মজিয়া মচিছে লগত,
ৰিক্সা ঠেলা মতাই টানিছে,
বজাৰতকৈ আধা দৰত ৷
মিছাতেনো কিয় কৰে হুলস্থুল,
ৰাইজৰ ভালেই দেশৰ ভাল,
উপকাৰীক সচাই অজগৰে গিলে ,
বাঃ বাঃ কলি কাল৷
No comments:
Post a Comment