ASD 201: 7TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 201: 7TH MAY 2013

ASD 201: 7TH MAY 2013

Share This

অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ২০১তম সংখ্যাঃ ৭ মে ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহ

JEE MAINS পৰীক্ষাৰ ৰিজাল্টৰ বাবে ইয়াত ক্লিক কৰক


সুখৰ খবৰঃ
১.  পল্টন বজাৰৰ মাছৰ বজাৰৰ দ্বায়িত্ব ল’লে ফিছফেডেঃ ছিণ্ডিকেট উৎখাতৰ বাবে ভংগ কৰা হ’ল পাইকাৰী মাছ বেচা-কিনা সমিতি ৷

২. কৃষি খণ্ডত বিচাৰিব বিদেশী বিনিয়োগঃ আজি থাইলেণ্ডলৈ উৰা মাৰিব কৃষি মন্ত্ৰী ৷

৩. বিলুপ্তপ্ৰায় পৰম্পৰাগত খেলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে বড়ো সমাজতঃ ৮-৯মে’ত ঘিলা আৰু বাথা ক্ৰীড়াৰ কৰ্মশালা, লগতে ৰৌতাত ১০মে’ৰ পৰা অনুষ্ঠিত হ’ব পৰম্পৰাগত খেল প্ৰতিযোগিতা ৷

৪. নৈ-পৰীয়া মানুহলৈ অভিনৱ উপহাৰঃ পাগলাদিয়া আৰু নদীয়াল মানুহক লৈ কৰা তথ্যচিত্ৰ, আলতাফ মজিদ পৰিচালিত "বলিয়া পিতাইৰ চহকী চোতাল"য়ে লাভ কৰা পুৰস্কাৰৰ একলাখ টকাৰ ধনৰাশি প্ৰদান কৰিলে  উত্তৰ আঞ্চলিক ডোং বান্ধ সমিতি নামৰ পাগলাদিয়াৰ ব্যৱস্থাপনা কৰা স্বেচ্ছাসেৱী সংগঠনলৈ ৷ এনে আদৰ্শনীয় কৰ্মৰ সচেতন মহলে ল’লে শলাগ ৷

৫. মুখ্যমন্ত্ৰীৰ জ্ঞানজ্যোতি আঁচনিৰ কাৰ্যসূচীত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিলে নলবাৰীয়ে ৷

৬. তেজপুৰ বিশ্ববিদ্যালয়ত ৰক্তদান শিবিৰঃ এনচিচি কেডেটৰ উদ্যোগত ৮০জনে দান কৰিলে ৰক্ত, প্ৰদান কৰিলে কনকলতা অসামৰিক চিকিৎসালয়ক ৷
৭. এইবাৰ মংগলদৈৰ লেঙেৰীপাৰা বহুতলীয়ে আয়োজন কৰিলে মাৰাথান দৈৰঃ অহা ১০মে’ত  সদৌ অসম ভিত্তিত হব অনুষ্ঠিত ৷

৮. সদৌ অসম যোগাসন প্ৰতিযোগিতাত শিৱসাগৰ পৰিগণিত হ’ল শ্ৰেষ্ঠ দল ৰূপেঃ আকাশ প্ৰতিম চেতিয়াক প্ৰদান কৰিলে "যোগ সম্ৰাট" সন্মান ৷


৯. JEE মেইনচৰ ফলাফল আজি হব ঘোষিত ৷

দুখৰ খবৰঃ

১. বিশিষ্ট সাংবাদিক প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ দেহাৱসানঃ ৭৬বছৰীয়া জীৱন পৰিক্ৰমাৰ সামৰণি, নৱগ্ৰহত সম্পন্ন হব শেষকৃত্য ৷  সতীৰ্থ, গুণমুগ্ধই জনালে শ্ৰদ্ধা, মুখ্যমন্ত্ৰীয়েই প্ৰকাশ কৰিলে শোক ৷ শোকত ম্ৰিয়মাণ হ’ল জন্মস্থান শিৱসাগৰ ৷

২. অসমৰ এগৰাকী স্বনামধন্য ভূ-তত্ববিদ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পেট্ৰ’লিয়াম টেকনলজি বিভাগৰ অধ্যাপক ডঃ ক্ষেত্ৰধৰ গগৈৰ দেহাৱসানঃ ছাত্ৰ আৰু গুণমুগ্ধই জনালে শ্ৰদ্ধাঞ্জলি ৷


চিন্তনীয় খবৰঃ

১. দিল্লীলৈ উৰা মাৰিবলৈ লৈ মুখ্যমন্ত্ৰীয়ে ক’লে- চীট ফাণ্ডৰ ধন খোৱা মন্ত্ৰীয়ে কৰিছিল তেখেতক আঁতৰোৱাৰ ষড়যন্ত্ৰ ৷

২. মাছৰ ছিণ্ডিকেটৰ নায়ক জিতুক মুকলিঃ পনৰ গ্ৰেপ্তাৰ নকৰিলে আদালতৰ দ্বাৰস্থ হ’ব বুলি সঁকিয়ালে সচেতন নাগৰিক মঞ্চই ৷

৩. কাৰ্যক্ষম কৰাৰ বাবে চৰকাৰৰ নেতিবাচক স্থিতিয়ে জনাইছে উৎসাহঃ অশোক কাগজ কলৰ ২২শ বিঘা ভূমিত চলিছে বেদখল ৷

৪. গতি সলাই যোৰহাটৰ ফালে ধাৱধান হৈছে মহাবাহু ব্ৰহ্মপুত্ৰঃ সংকটত পৰিছে বৰআলি, পানীত পৰিল জলসম্পদৰ ১.৫ কোটি ৷

৫. হাতী দাঁতৰ চোৰাং ব্যৱসায়ত ছাত্ৰঃ যোৰহাটত প্ৰিন্স ৱেলছৰ ছাত্ৰৰ জিম্মাৰ পৰা উদ্ধাৰ হ’ল এক কেজিৰ হাতীৰ দাঁত ৷

৬. GMDAক মেনেজ কৰি উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰৰ তলতে চলি আছে গুৱাহাটীৰ ডিপিএছ ৷

৭. মীন মহলত বেআইনী ভাৱে মাছ মৰাক লৈ ৰাইজ আৰু লেচীৰ মাজত সংঘাতঃ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিলে মৰিগাঁৱৰ জিলা উপায়ুক্তই ৷

৮. সৰ্থেবাৰীত বিজেপিৰ ধৰ্ণাঃ গহিয়া, গাদেশালী গো-চৰণীয়া পথাৰ বেদখলমুক্ত কৰাৰ তুলিলে দাবী ৷

৯. নগাঁও জিলাত ধোঁৱাচাঙত উঠিছে গ্ৰাহক সুৰক্ষা আইনঃ অভিযোগ সন্দৰ্ভত নমিতা হৈ পৌৰসভাই দিছে উৎসাহ ৷

১০. ঠেলামাৰাত গঁড়ৰ খৰ্গসহ গ্ৰেপ্তাৰ হ’ল তিনিজন ৷

১১. ভেদ ভাঙিলে টিভি চেনেলেঃ আলফা (স্বাধীন)ৰ নতুন সভাপতি ডাঃ অভিজিত অসম প্ৰকৃততে ইংলেণ্ড নিবাসী ডাঃ মুকুল হাজৰিকাহে ৷

১২. সৰ্বস্তৰৰ দুৰ্নীতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিলে উত্তৰ পূৱৰ বিধান সভাৰ অধ্যক্ষ সকলে ৷

১৩. অসম জাতীয় বিদ্যালয়ত অঘটনঃ পৰিচালনা সমিতিৰ সম্পাদক আৰু সভাপতি নামিল পৰস্পৰৰ মাজত আইনী যুঁজত৷

১৪ বিগত বিত্তীয় বৰ্ষত লোকচানৰ পৰিমাণ বাৰশ কোটিঃ এইবাৰ জনৰোষত পৰিল শিৱসাগৰৰ ৰ’জভেলীৰ এজেণ্ট ৷

১৫. মানকাচাৰত সেনাৰ ৰূপ ধৰি জৈন মন্দিৰত লুটঃ ২৫লাখৰো অধিক সম্পত্তি লুট হোৱাৰ খবৰ ৷

১৬. মৰিগাঁৱত যৌতুকজনিত কাৰণত অধিবক্তাসহ তিনিজনক তিনিবছৰৰ জেললৈ পঠালে ন্যায়ালয়ে ৷

১৭. বৰপেটাত খহনীয়াৰ কৱলত তিনি লাখৰো অধিক লোকঃ ৬০খন গাঁৱত অব্যাহত আছে খহনীয়া ৷

১৮. নগাঁৱত কণীযুক্ত মাছেৰে ভৰি পৰিছে বজাৰঃ কৰ্তৃপক্ষই লৈছে চকুমুদা কুলিৰ ভূমিকা ৷


ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়ঃ
১. কুডানকুলমৰ পাৰমাণৱিক প্ৰকল্পলৈ সেউজ সংকেত দিলে উচ্চতম ন্যায়ালয়ে ৷

২. বিয়াৰ ১৫দিনৰ ভিতৰতে যৌতুকৰ বাবে NRI স্বামীয়ে দিছিল ডিভোৰ্চঃ ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে নিজকে প্ৰতিপন্ন কৰিলে গুজৰাটৰ কোমলে ৷

৩. বাংলাদেশত মৌলবাদীৰ প্ৰতিবাদত জ্বলিছে জুইঃ ব্যাপক হিংসাৰ বাতৰি ৷

৪. চৰকাৰৰ মন্ত্ৰী তথা বিষয়াৰ হস্তক্ষেপত সলনি হৈছিল কয়লা কেলেংকাৰীৰ অভিযোগনামাঃ শপত নামাত সৈ কাঢ়িলে চিবিআইয়ে ৷

৫. খাদ্য নিৰাপত্তা বিল পাছ কৰিবলৈ সংসদলৈ আহ্বান জনালে অৰ্থনীতিবিদ অৰ্মত্য সেনে ৷


৬. পাকিস্তানত নিৰ্বাচনী সভাত তালিবানী আক্ৰমণঃ ২০জন নিহত ৷

৭. পাৰ্টিত উলংগ নৃত্য কৰা অপৰাধত নিলম্বিত হ’ল মহাৰাষ্ট্ৰ NSUIৰ সভাপতি সূৰয ঠাকুৰ ৷

No comments:

Post a Comment