AXD 205: 11TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 205: 11TH MAY 2013

AXD 205: 11TH MAY 2013

Share This


অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ২০৫তম সংখ্যাঃ ১১  মে ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহ


ৰাষ্ট্ৰীয় ৰাজনীতিঃ

১. মন্ত্ৰীৰ পদ আৰু ক্ষমতাৰ অপ-ব্যৱহাৰ কৰি দুৰ্নীতিৰে পৰিয়ালে টকাৰ পাহাৰ গঢ়াৰ বাতৰিলে জোকাৰিলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমঃ অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য হ’ল ৰেলমন্ত্ৰী পৱন কুমাৰ বাঞ্চাল ৷

২. উচ্চতম ন্যায়ালয়ে কৰিছিল সমালোচনাঃ কয়লা ক্ষেত্ৰ আবণ্টন কেলেংকাৰীৰ তদন্ত হস্তক্ষেপ কৰি সলাই পেলাইছিল "তদন্তৰ মূল হৃদয়": এই অভিযোগৰ ধুমুহাত পদ এৰিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় আইন মন্ত্ৰীয়ে ৷

৩. কে. সিদ্দাৰামাইয়া কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী ৰূপে নিযুক্তঃ ৰাজ্যপালে দিলে চৰকাৰ গঠন কৰিবৰ বাবে আমন্ত্ৰণ ৷

৪. এইবাৰ নৰেন্দ্ৰ মোদীৰ অনলাইন যাদুঃ ভিডিঅ’ কনফাৰেন্সিঙৰ সহায়ত আমেৰিকাৰ ১৮খন চহৰৰ প্ৰৱাসী ভাৰতীয়ক দিব ভাষণ ৷

৫. পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনঃ তিনিটা পৰ্যায়ত কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ উপস্থিতিত অনুষ্ঠিত কৰিবলৈ কলকাতা উচ্চ ন্যায়ালয়ে জাৰি কৰিলে নিৰ্দেশ ৷

সুখৰ খবৰঃ
১. গুৱাহাটীত চলিত বৰ্ষতে আৰম্ভ হ’ব মেট্ৰ’ ৰেলৰ কামঃ ৰাজ্য চৰকাৰৰ ব্যয় সংকোচনৰ বাবে শীঘ্ৰে কমিটি গঠন কৰিব মুখ্যমন্ত্ৰীয়ে ৷

২. সাক্ষীক ভাবুকি দিয়াৰ আশংকাত পুনৰ চিণ্ডিকেটৰ নায়ক নানকা, মাইনা আৰু ধ্ৰুৱৰ জামিন আবেদন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে ৷

৩. অহা ১৩মে’ত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতিঃ শংকৰদেৱ বঁটা আৰু অসম ৰত্ন বঁটা প্ৰদান অনুষ্ঠানত থাকিব উপস্থিত ৷

৪. সাৰদাৰ চেয়াৰমেন সুদীপ্ত সেনক অসম আৰক্ষীয়ে আনিব জিম্মালৈঃ মুখ্যমন্ত্ৰীয়ে জনালে সংবাদ মাধ্যমক ৷

৫. সংখ্যালঘু মানেই মুছলিম নহয়ঃ ধৰ্মীয় সংখ্যালঘু ৰূপে ভাৰতীয় বৌধধৰ্মী কাউন্সিল, সদৌ বড়ো খ্ৰীষ্টিয়ান এচোচিয়েচন, আহোম বৌদ্ধধৰ্মী(ফুৰালুং) সংঘ আদিয়ে দেশৰ সংখ্যালঘু মন্ত্ৰালয়ক শিক্ষা তথা নিয়োগৰ ক্ষেত্ৰত সংৰক্ষণৰ সুবিধা এইসকল খিলঞ্জীয়াক দিবলৈ দাবী তুলি প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ ৷

৬. ধৰা পৰিল ২৯ এপ্ৰিলৰ চান্দমাৰীত বোমা ফুটোওৱা উগ্ৰপন্থীঃ আলফা আলোচনাপন্থীৰ সদস্য বুলি নিজকে চিনাকি দিলে ধৃত মনোজ ৰাজবংশীয়ে ৷ ধন সংগ্ৰহৰ বাবে মানুহৰ মাজত শংকা বিয়পাবলৈকে বোমা ফুটোৱা বুলি সৈ কাঢ়িলে আৰক্ষীৰ জেৰাত ৷

৭. নেছ’ অৰ্থাৎ উত্তৰ পূৱ ছাত্ৰ সন্থাই তুলিলে উত্তৰ পূৱক বিশেষ সাংবিধানিক সুৰক্ষাৰ মৰ্যদা প্ৰদানৰ দাবীঃ মাটি আৰু সম্পদৰ সুৰক্ষাৰ বাবে এই দাবী জনালে প্ৰধানমন্ত্ৰীক ৷ এই বিষয়ত দেশৰ সকলো মুখ্য ৰাজনৈতিক দলকো সহমতৰ বাবে অনুৰোধ জনাব বুলি নেছৰ সূত্ৰই কৰিলে প্ৰকাশ ৷

৮. বিসম্বাদীয়ে চলাই আছে ৰাজনীতিঃ বহুত আকৰ্ষণীয় কথা অচিৰেই সমুখলৈ আহিব বুলি সংবাদ মাধ্যমক দিল্লীত অৱগত কৰিলে ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

৯. অসম আৰোগ্য নিধিৰ পৰা ১.৫লাখ টকালৈকে চিকিৎসা খৰছ বহনৰ যি আঁচনি, তাৰ সুফল গ্ৰহণ কৰিবলৈ অসমৰ ৰাইজলৈ আহ্বান জনালে অসম চৰকাৰেঃ এতিয়াও আঁচনিত পৰি আছে কেইবাকোটি টকা ৷

১০. ৰামদিয়াত দামোৰদেৱৰ তিথিত পোৰাভিটা সত্ৰত বিতৰণ হ’ল দুইলাখ লাড়ু ৷

দুখৰ খবৰঃ

১. দিল্লীত দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক ঘৰতে গুলীবিদ্ধ কৰি কৰিলে হত্যাঃ দেউতাকে কৰিলে সম্পৰ্কীয় লোকক সন্দেহ ৷

২. গাজিয়াবাদত অচিনাক্ত লোকৰ হাতত চলিত অটোৰিক্সাত গণ-ধৰ্ষণৰ বলি হ’ল এগৰাকী নাৰীঃ নাৰী নিৰ্যাতনৰ এনে নতুন ঘটনাই চকু তুলিলে কপালত ৷
৩. গীতিকা শৰ্মী হত্যাকাণ্ড সন্দৰ্ভত কৰ্টে দিলে ইংগিতঃ তদন্তত হেৰফেৰ কৰাৰ পোৱা গৈছে সংকেত ৷ গোপাল কাণ্ডাই চলোৱা অপ্ৰাকৃতিক যৌন নিৰ্যাতনৰ অভিযোগনামা সন্দৰ্ভত গোচৰ ল’লে ন্যায়ালয়ে ৷

৪. মহাৰাষ্ট্ৰৰ লাটুৰত চৰকাৰী বাছত বিস্ফোৰণৰ খবৰঃ ১০জন আঘাতপ্ৰাপ্ত ৷


চিন্তাজনক খবৰঃ

১. অৰুণাচলে পঞ্চায়ত নিৰ্বাচনৰ বুথ বনাব খুজিলে অসমতঃ শিৱসাগৰ প্ৰশাসনে দৰ্শালে প্ৰৱল আপত্তি ৷

২. সঞ্জয় দত্তৰ শেষ আবেদন নৰজিল উচ্চতম ন্যায়ালয়তঃ ১৫মে’ৰ ভিতৰত জেললৈ যাব লাগিব মুন্না ভাই ৷

৩. পবিতৰাৰ সমীপত চোৰাং চিকাৰী আটক হোৱাৰ খবৰ ৷

৪. গেৰুৱা দলৰ বিৰুদ্ধে নেছৰ বিস্ফোৰক অভিযোগঃ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বিচাৰে বিজেপিয়ে ৷

৫. ৰাজ্যসভাত বিৰোধীৰ শক্তি নাথাকিলেও থিয় কৰাব প্ৰাৰ্থীঃ অগপত চলি আছে গুণাগঁথা ৷

৬. সংখ্যালঘু জনসাধাৰণৰ আশা আকাংখ্যা পূৰণৰ বাবে অগপ এৰি কংগ্ৰেছত যোগ দিলে প্ৰাক্তন বিধায়ক আজিজে ৷

৭. দুই ৰাভা ৰাজনীতিকক লৈ উত্তপ্ত গোৱালপাৰাঃ টংকেশ্বৰৰ গ্ৰেপ্তাৰৰ দাবী সংখ্যালঘু ছাত্ৰৰ, প্ৰণয়ৰ প্ৰৱেশ কৰিলে নিষিদ্ধ৷

৮. দিল্লীত লাখ টকাত বিক্ৰী হ’ল বৰপেটাৰ ছাত্ৰীঃ গোচৰ ৰুজু হোৱাৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ উঠিল অভিযোগ ৷

৯. অধ্যক্ষৰ বিৰুদ্ধে স্বেচ্ছাচাৰী হোৱাৰ অভিযোগ তুলি পদত্যাগ কৰিলে দৰং কলেজৰ উপাধ্যক্ষই ৷

১০. যোৰহাট জিলাত ধোঁৱাচাংত ধঁপাত বিৰোধী আইনঃ গুটখাৰ মুকলি বেহা বহাৰ উঠিল অভিযোগ ৷


১১. অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তুলিলে অভিযোগঃ সৰ্বশিক্ষাত সংঘটিত হৈছে ২০০কোটি টকাৰ কেলেংকাৰী ৷

১২. দিল্লীৰ সংস্থাই চলাইছিল সমীক্ষাঃ উত্তৰ পূৱত অত্যাধিক হাৰত বায়ু প্ৰদূষণ বৃ্দ্ধি পোৱাৰ তথ্য কৰিলে প্ৰকাশ ৷

১৩. এজাক বৰষুণতে ত্ৰাহি মধুসুধন দেখিলে গুৱাহাটীবাসীয়েঃ জনপ্ৰতিনিধিৰ ওপৰত উজাৰিলে ক্ষোভ ৷ বিদ্যুত পৰিবাহী তাঁৰত লাগি এগৰাকী মহিলাৰ মৃত্যুৰ খবৰ ৷

আন্তঃৰাষ্ট্ৰীয়ঃ

১. পৰিবৰ্তনৰ বাণী লৈ আগবাঢ়িছে ইমৰাণ খান পাকিস্তানৰ নিৰ্বাচনতঃ মঞ্চৰ পৰা পৰি নিৰ্বাচনী সভাত আঘাতপ্ৰাপ্ত হোৱা খানক লাহোৰৰ চিকিৎসালয়ত কৰিলে ভৰ্তি ৷

২. ভাৰতবৰ্ষ আৰু চীনৰ মাজত সহযোগিতা বৃদ্ধিত আৰোপ কৰিলে গুৰুত্বঃ বৈদেশিক মন্ত্ৰী চলমান খুৰশ্বিদে সাক্ষাৎ কৰিব চীনৰ ৰাষ্ট্ৰপতিক ৷

৩. পাকিস্তানত হোৱা আমেৰিকাৰ দ্ৰোণ আক্ৰমণত অবৈধ ঘোষণা কৰিলে পাকিস্তানী আদালতে ৷

৪. আং চাং চু-কীয়ে বিচাৰিলে বাৰ্মীজ বিশ্ববিদ্যালয়ৰ বাবে ইংলেণ্ডৰ পৰা সহায় ৷

৫. চিৰিয়াক নতুন কোনো অস্ত্ৰ বিক্ৰী নকৰাৰ সিদ্ধান্তৰ কথা সদৰী কৰিলে ৰাছিয়াৰ প্ৰশাসনে ৷

৬. আজি পাকিস্তান সাধাৰণ নিৰ্বাচনঃ ৰক্তাক্ত কৰাৰ হুমকি দিলে পাক তালিবানীয়ে ৷
ৰসাগাৰতঃ
গুজৱ খবৰঃ
(সামাজিক ব্যংগৰে সপোনৰ খবৰৰ সন্ধানত, নিজকে কোনোৱে সাঙুৰি ল’লে সুখদুখ.কম দায়ী নহয়)

১. ভাগিন ভতিজাৰ নামত কমেও দহটা কোম্পানী নাথাকিলে লাভ কৰিব নোৱাৰিব ৰেলৱে মন্ত্ৰালয়ঃ সিঙ চাৰে দিলে নতুন নিৰ্দেশনা ৷

২. "এশ কোটি মাৰিলে মন্ত্ৰীৰো মৰণ" বুলি অসমীয়া খণ্ডবাক্যটি গগৈচাৰৰ মুখত শুনাৰ পাছতে দুজন মন্ত্ৰীৰ চাকৰি খালে চানিয়া মেডামে !

৩. অসমক নাৰী চালান বাহিনীৰ স্পেচিয়েল অপাৰেটিঙ জ’ন ৰূপে ঘোষণা কৰিবলৈ ক’লে দিল্লী চহৰৰক্ষী বাহিনীয়ে ৷


৪. লোকসভা নিৰ্বাচনৰ আগে আগে বিৰোধীৰ পিছত মেলিব চিবিআইঃ বিষয়াক সাজু কৰি ৰাখিবলৈ ৰেচ কৰ্চৰ পৰা আহিল গোপন নিৰ্দেশ ৷

৫. আহি আছে আৰু বহু আকৰ্ষণীয় কাৰ্যসূচীঃ নতুন নতুন কাৰ্যসূচীৰে ৰাইজক শিক্ষা দিব বুলি দোহাৰিলে জালুকবাৰীৰ যুৱকে ৷


৬. অসমত বনিব মেট্ৰ ৰেল’, বানপানীৰ সময়ত মেট্ৰত উঠি কৰিব পাৰিব আত্মৰক্ষাঃ নাগৰিক সমিতিয়ে গগৈচাৰলৈ যাচিলে হিয়া ভৰা অভিনন্দন ৷

৭. ভূমি নীতি সলাব চৰকাৰেঃ অতি সহজে বেপাৰীক ভূমি গতাব পৰাকৈ আৰু সেইবোৰত যাতে অখিলপন্থীয়ে বাধা দিব দিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা ৰখাৰ কথা নিশ্চিত হোৱাৰ কথা ফোন যোগে জনালে পিঠানি ভাতৃদ্বয়ে ৷

৮. দেওবাৰে দেওবাৰেও বিশেষ শিক্ষাদান কৰিব মহাবিদ্যালয়তঃ মহাবিদ্যালয় শিক্ষক সংস্থাৰ এনে কাৰ্যসূচীত উৎফুল্লিত হৈ পৰিছে অধ্যক্ষ সংস্থা ৷ 

৯. ভোটজলকীয়া তাবিজ পিন্ধি দিল্লীলৈ যায় বিসম্বাদীঃ নলবাৰীৰ বৰ্মন বীৰাই যাতে আক্ৰমণ কৰিব নোৱাৰে, তাৰ বাবে তেওঁলোকে লৈছে এই বিশেষ ব্যৱস্থা ৷

১০. গুটখাৰ বিক্ৰীত বাধা দিয়াৰ পৰা গোপনে অধিক দাম দি কিনিব লগা হৈছে গুটখা ঃ এনে মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগৰ হস্তক্ষেপ দাবী কৰিলে গুটখাপ্ৰেমী ছাত্ৰ সংস্থাই ৷

১১. গোৱালপাৰাত দৰৱত দিব পৰাকৈ সুৰক্ষিত  হৈছে মানৱ অধিকাৰঃ এইবোৰ খৰ্ব নকৰি প্ৰশাসনে গৰ্ব কৰাকলৈ চিন্তিত হৈছে মানৱ অধিকাৰ কৰ্মী, একো ইছ্যু নাপাই মৰ্মাহত হোৱাৰ বাতৰি ৷

১২. ৰাজনেতাৰ ফোন টেপ কৰাটো হব বাধ্যতামূলকঃ নিৰ্বাচনৰ আগে আগে গৰম হব ৰেকৰ্ডৰ ব্লেকমেইলিঙৰ মাৰ্কেট ৷


১৩. জেলত গৈ ধৰ্মগ্ৰন্থ পঢ়িব মুন্না ভাইয়েঃ ওলায়েই ধৰ্মীয় ছবি কৰাৰ বাবে চুক্তিত কৰি যাব চহী ৷

(২০০তম সংখ্যা উপলক্ষে প্ৰকাশ হোৱা বিশেষ ৰহঘৰা পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক)

No comments:

Post a Comment