ASD 200: 6TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 200: 6TH MAY 2013

ASD 200: 6TH MAY 2013

Share This

অসমীয়া সুখ-দুখৰ ২০০তম সংখ্যা উপলক্ষে বিশেষ ৰহঘৰাঃ
গুজৱ গুজৱঃ
দিছপুৰতঃ

১. শিক্ষা আৰু স্বাস্থ্যৰ ঠিকা বিতৰণৰে যথেষ্ট ধন আহৰণ কৰিব নোৱাৰি শৰ্মা নামৰ এজন ৰাজনৈতিক ব্যৱসায়ীয়ে জ্যোতিষ বিদ্যাৰ চৰ্চাত হাত দিয়া বুলি প্ৰকাশ ৷

২. সংখ্যালঘুৰ সভাত চেণ্ডেল দলিওৱা অনুষ্ঠান অতি কম পৰিমানৰ চেণ্ডেল গোট খোৱাক লৈ দুখ প্ৰকাশ কৰিলে ৰক হুছেইনেঃ এইবাৰ সংখ্যাগুৰুৰ সভাত বেছি চেণ্ডেল গোটাই অনাৰ বাবে ল’লে শপত ৷

৩. বহাগ বিহুৰ বতৰত চোৰাং চিকাৰীয়ে গঁড় বধ সাময়িক ভাৱে স্থগিত ৰখাৰ বাতৰিঃ বহাগী বিদায়ৰ পাছতে আগতীয়া কমিচন পহোচাই কামলৈ ঘুৰি অহাৰ আশ্বাস দিলে চিকাৰী সংঘই ৷

৪. ভৰলু হব দেশৰ পবিত্ৰতম নদীঃ কোটি টকীয়া নিস্কাশন আঁচনিৰ শুভ উদ্বোধনত উপস্থিত থাকি মহানগৰীৰ জাবৰ খোঁচৰা শিশুসকলে প্ৰকাশ কৰিলে প্ৰত্যাশা ৷

৫. বিদ্যুত মাচুল বৃদ্ধিৰ ওপৰত গৱেষণাৰ বাবে শ্বিলংৰ এখন বিশ্ববিদ্যালয়ে অচিৰেই প্ৰদান কৰিব অনলাইন ডক্টৰেট পি. বৰদলৈকঃ কাৰেণ্ট নোহোৱাৰ বাবে গৱেষণা পত্ৰ টাইপিঙ শেষ নোহোৱাত প্ৰকাশ কৰিলে ক্ষোভ ৷

৬. সস্তাত, ঘৰতে বহি লাভ কৰিব ডিগ্ৰীঃ যাদু বিশ্ববিদ্যালয়ৰ নতুন অফাৰ, পিএইচডিত নাম ভৰ্তি কৰিলে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী পাব বিনামূলীয়াকৈ, চীট সীমিত, খৰধৰ কৰক ৷

৭. চাহ বাগিচাৰ ঠাইত স্থাপন কৰক অগৰুৰ বাগিচাঃ হোজাইত গৱেষণা মূলক সন্মিলনত আহ্বান জনালে সুগন্ধিউদ্দিন চাহাবে ৷

৮. কেঁচা মাছৰ ছিণ্ডিকেট বন্ধৰ পাছতে জিলিকি উঠিল জাগীৰোডৰ শুকান মাছৰ ব্যৱসায়ঃ দাতাই নিদিলেও বিধাতাই দিবই বুলি সন্তোষ প্ৰকাশ কৰিলে চিণ্ডিকোষ হাজৰিকাই ৷

৯. মৰিয়নিক স্পেচিয়েল চোৰাং বিজনেজ প্লেচৰ মৰ্যদা দিবলৈ উঠিল দাবীঃ স্মাগলাৰ সন্থাই ৰাজনৈতিক তথা পুলিচি আশীষ বিচৰাৰ খবৰ ৷

১০. ডিব্ৰুগড়ত জ্বলাই দিলে ১২০কেজি ড্ৰাগচঃ ৰপ্তানি নকৰাৰ বাবে ক্ষোভ উজাৰিলে অৰ্থনৈতিক অপৰাধ শাখাই ৷

১১. নবোদয় বিদ্যালয়ৰ উদণ্ড ছাত্ৰৰ বাবে আহিব ড্ৰেনড্ৰাইডঃ বৰ্ডে বৰ্ধিত সেৱনৰ ঘটনাক লৈ কৰি আছে পৰ্যালোচনা ৷

১২. শ শয়ে বিকল হৈছে "মৃত্যুঞ্জয়" সেৱাৰ গাড়ীঃ মৃত্যুক এনজয় কৰিবলৈ শিল্প হিচাবে লবলৈ শিক্ষা বিভাগে প্ৰচাৰ চলাবলৈ কৰি আছে গুণাগঁথা ৷

১৩. ন্যায় ব্যৱস্থাই নহয়ঃ দেশৰ দাগী কাৰাবন্দী সকলেই প্ৰদান কৰিবলৈ লব ন্যায় জেল হাজোতত, সৎ হাজোতী সন্থাই প্ৰকাশ কৰিলে পৰিকল্পনা ৷

১৪. বিপিএল পৰিয়ালে দাবী কৰিলে বিদেশী মদৰ কোটাঃ মাত্ৰ নিৰ্বাচনৰ আগদিনা দিয়াটো নচলিব বুলি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ ভাবুকি দিলে বিপিএল সুৰাপায়ী সমিতিয়ে ৷

১৫. বিহুৰ চান্দা সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখ কৰা সকলক "শান্তিৰে অৰ্থনীতিলৈ অৰিহণা"ৰ কাৰ্যকুশলতা বঁটা প্ৰবৰ্তন কৰিব চাংস্কৃতিক মন্ত্ৰালয়ে ৷

সাংস্কৃতিকঃ

১. আটাইতকৈ লম্বা চাংস্কৃতিক চন্ধিয়া পাতি বিশ্ব অভিলেখৰ ক্ষেত্ৰত অসমৰ বিভিন্ন বিহু সন্মিলনীৰ মাজত তয়াময়া যুঁজ ৷

২. বিহুত হিন্দী গীত পৰিবেশন শুনি শুনি এইবাৰ বহাগী বিদায়ৰ বেলালৈ কুলিয়ে হিন্দীতে "য়া আলি কুলি" বুলি বিনোৱাৰ খবৰঃ "আলি-কুলি" শব্দই কংগেচী ভোটবেংকত খলকনি তোলাৰ গোপন খবৰ ৷

৩. এইবৰ্ষৰ সৰ্বাধিক জনপ্ৰিয় বিহুকেন্দ্ৰিক ভিচিডি "পৰেশ জুবিনৰ বিহু": চেটেলাইট ফোন যোগে ৰেকৰ্ড হোৱা আৰু চেটেলাইট চেনেলৰ টিআৰপি বঢ়োৱাত অৰিহণাৰ বাবে মনোৰঞ্জন শিতানত অস্কাৰলৈ পঠোৱাৰ সিদ্ধান্ত ৷

খেলঃ

১. খেলৰ জগতত নতুন খেলঃ এইবাৰ ফটোচপৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিব অসমীয়া ক্ৰিকেট সন্থাই ৷

২. সকলো IPIL ক্ৰিকেট দলৰ সদস্যই পান কৰিলে একে ব্ৰেণ্ডৰ সুৰাঃ "মিলে সুৰা মেৰা তোমাহাৰা" গীতৰ বাণীবদ্ধনেৰে দেশত বিলালে অনৈক্যৰ মাজত ঐক্যৰ বাণী ৷

৩. ৰাজনৈতিক কাবাদীত নামিছে নামী দামী পৰাজয়বৰণ কৰা প্ৰাৰ্থীঃ পুৰস্কাৰৰ বাবে সমুখত ৰখা হৈছে ৰাজ্য সভাৰ দুখনকৈ আসন ৷

কৰ্মশালাঃ

১. মন্ত্ৰীৰ সতে যোগাযোগ তথা মধ্যস্থতাৰ কলা কেনেকৈ আহৰণ কৰিবঃ "বানচাল মামা ইষ্টিটিউটত" প্ৰশিক্ষণ লওক ৷ যোগাযোগঃ ভাগিন, মাৰফৎ বানচাল মামা, ৰেইল ভৱন, দিল্লী ৷

২. বিফলতাৰ পৰা কেনেকৈ গঢ়িব বিসম্বাদঃ শৰ্মা প্ৰশিক্ষণ কেন্দ্ৰ, জালুকবাৰীত প্ৰশিক্ষণ লওক ৷

৩. এন্ধাৰৰ পৰা পোহৰলৈঃ বিজুলী বিহীন ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ কেনেকৈ জীৱন উজলাবঃ তিনচুকীয়াৰ বৰদলৈ জ্ঞানপীঠ একাডেমীৰ বিশেষ কৰ্মশালা ৷

হাত-পুথি সংবাদঃ

১. প্ৰথম কিতাপতে সাহিত্য বঁটা পোৱাৰ সহজ কিটিপ- গোস্বামী বাইদেউৰ হাতপুথি ৷

২. দীঘল কিতাপ লিখাৰ বিশেষ কিটিপঃ কৰুণ গোস্বামীৰ ১০,০০১ পৃষ্ঠাৰ হাতপুথি ৷

৩. ইংৰাজীৰ মাজত অসমীয়া শব্দৰ ব্যৱহাৰ, জাহিৰ হুছেইনৰ বিশেষ হাতপুথি, ইলেক্ট্ৰনিক মেডিয়া পাৰ্চনৰ বাবে বিশেষ ৰেহাই ৷

চিনেমাঃ

"ৰ’দ the sunshine" নামৰ ইংৰাজী চিনেমাৰ ভিচিডি অসমৰ বজাৰত উপলব্ধ হৈছেঃ সুখৰ কথা এয়ে যে সংলাপত ইংৰাজীৰ মাজে মাজে দুই এটা অসমীয়া শব্দৰ ব্যৱহাৰ কৰি চহা অসমীয়াই সোৱাদ লব পৰাকৈ ছবিখন নিৰ্মাণ কৰা হৈছে ৷ তাতোকৈ আনন্দৰ কথা যে এই চিনেমাখনৰ গীতৰ কথাভাগ অসমীয়া ৷ ইংৰাজীত নিৰ্মিত ছবিত এনে আঞ্চলিক ভাষাৰ আদৰণীয় প্ৰয়োগে হেৰাই যাব খোজা ভাষা সমূহলৈ এক আনন্দৰ বতৰা কঢ়িয়াই আনিছে ৷ নিৰ্মাতালৈ শুভেচ্ছা তথা হিয়াভৰা ধন্যবাদ জ্ঞাপন কৰিলে সচেতন মহলে ৷


অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ২০০তম সংখ্যাঃ ৬ মে ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহ

সুখৰ খবৰঃ
১. শংকৰী সংস্কৃতিৰ সাধনা তথা সংৰক্ষণৰ স্বীকৃতি ৰূপে আঠ গৰাকী শিল্পীক সম্বৰ্ধনা জনালে চচাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ নামৰ সংস্থাই ৷

২. মাছৰ ছিণ্ডিকেটঃ জোলোঙাৰ পৰা ওলাল ফিচফেডৰ ৫০কোটি টকীয়া কেলেংকাৰী ৷ ১১টকাত মাছ আনি ১৪পইচাৰ লাভ লৈ পাইকাৰী মাছ ব্যৱসায়ী সংস্থাক গতাই দিছিল মাছ; ৬০-৭০টকা দৰত সংস্থাৰ নামত ছিণ্ডিকেটে লুটিলে কোটি কোটি টকা ৷

৩. ৰাজ্যসভাৰ সদস্য পদৰ নিৰ্বাচনঃ দ্বিতীয়খন আসনৰ বাবে ডঃ হেমপ্ৰভা শইকীয়াই মনোনয়ন পোৱাৰ প্ৰৱল সম্ভাৱনা ৷

৪. দৰং কলেজৰ অধ্যক্ষৰ কাৰ্যত অসণ্টুষ্টঃ ছাত্ৰই নহয়, প্ৰতিবাদী কাৰ্যসূচী ল’লে শিক্ষক সমাজে ৷

৫. আৰ্চাৰ প্ৰতিমা বড়োৰ মৃত্যুত ৰাষ্ট্ৰীয় আৰ্চাৰে প্ৰকাশ কৰিলে শোকঃ তদন্ত ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

৬. লোকসভাত উত্থাপিত হ’ল ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা বিধেয়ক ৷

৭. নুৰুদ্দিন ট্ৰফীত বিজয়ী হ’ল এন এফ ৰেলৱে’-অৰ্লেন কোঁৰ মেন অৱ দ্যা মেচ বিবেচিত ৷

৮. বিটিএডিত বাঙালী সম্প্ৰদায়ৰ লোক সকলক সুৰক্ষা প্ৰদানৰ আশ্বাস দিলে গৃহ সচিবে ৷

৯. অসমত কমিছে মেলেৰীয়াত মৃত্যু হোৱা ৰোগীৰ হাৰ ৷

১০. ডুমডুমাত অনুষ্ঠিত হ’ল মৰাণ ছাত্ৰ সংস্থাৰ ৪৫তম প্ৰতিষ্ঠা দিৱসঃ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ বাবে তুলিলে দাবী ৷


চিন্তনীয় খবৰঃ 

১. সীমান্তৰ বহু মাটি দখল কৰিছে অৰুণাছলীয়েঃ আগ্ৰাসন ৰোধত নীৰৱ হৈ আছে অসমৰ ৰাজ্য চৰকাৰ ৷

২. অনা-মিচিঙ গাঁৱৰ অন্তভূৰ্ক্তিৰে বনাইছে সমষ্টিঃ অনিশ্চয়তাৰ মাজলৈ গৈ আছে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ৷

৩. মৰিয়নি হৈ পৰিছে গাড়ী চোৰৰ ৰাজধানীঃ ধৃতৰাষ্ট্ৰৰ ভূমিকা লৈছে স্থানীয় আৰক্ষীয়ে ৷

৪. নুমলীগড়ত পুনৰ বন্য হস্তীৰ উপদ্ৰৱঃ আক্ৰমণত নিহত হ’ল যুৱক ৷

৫. মাছেৰে তেলেৰে ভাজিছে মাছঃ গ্ৰাহকক ধন ঘূৰাই দিয়াৰ ক্ষেত্ৰতো ৰোজ ভেলীয়ে ভগামুখত চলাইছে লুণ্ঠন ৷

৬. ঘিলাধাৰীত আবকাৰী বিভাগৰ ছত্ৰছায়াত চলিছে অবৈধ সুৰাৰ বেহা ৷

৭. সোণাৰিত ব্ৰাউন ছুগাৰ সহ আটক হ’ল দুজনকৈ যুৱক ৷

৮. জীৱন বীমা নিগম আইন সংশোধনী বিধেয়ক বাতিলৰ দাবী কৰিলে অভিকৰ্তা সন্থাইঃ নিগমক দুৰ্বল কৰিবলৈকে এই সংশোধনী বুলি তুলিলে অভিযোগ ৷

৯. অসমৰ ভূমি বাংলাদেশক হস্তান্তৰ কৰা প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী তুলিলে আছুৱে ৷

১০. অনুজ্ঞাপত্ৰহীন মেজিক বাহনৰ চলাচল বন্ধৰ দাবী তুলিলে শিমলুগুৰিৰ আঞ্চলিক ছাত্ৰ সন্থাই ৷




ৰাষ্ট্ৰীয়ঃ

১. ৰেলৱে মন্ত্ৰীৰ ভাগিনিয়েকে ঘোঁচ সংগ্ৰহ কৰা ঘটনাক সমালোচনা কৰিলে নৰেন্দ্ৰ মোদীয়েঃ "মামা-ভাগিনৰ স্বাৰ্থকলৈয়ে ব্যস্ত কেন্দ্ৰ" বুলি কৰিলে তাচ্ছিল্য ৷

২. দিল্লী গণ ধৰ্ষণৰ ঘটনাৰ ৰায়দান মে’ মাহৰ শেষৰ ফালে ৷

৩. হাইকামাণ্ডে নিবিচাৰে পদত্যাগঃ ৰেলমন্ত্ৰী পৱন বানচাল আৰু আইন মন্ত্ৰী অশ্চিনী কুমাৰৰ গাদী সুৰক্ষিত ৷

৪. ৰেল মন্ত্ৰীৰ একে ঠিকনাত ৰেজিষ্টাৰ হৈ আছে দহটাকৈ কোম্পানীঃ গোটেই কেইটা কোম্পানীৰ নিৰ্দেশক মন্ত্ৰীৰ পত্নী, পুত্ৰ, বোৱাৰী, ভতিজা আৰু ভাগিন ৷

৫. পাকিস্তানী কূটনৈতিক প্ৰতিনিধিয়ে দেখা কৰিবলৈ যাব জেলত আক্ৰান্ত হোৱা পাকিস্তানী কাৰাবন্দীক ৷

৬. সাৰদা কাণ্ডত সহায়ৰ অভিযোগ উঠাত পূৰ্বৰ বিত্ত মন্ত্ৰীৰ সহযোগীক পাৰ্টিৰ পৰা বহিস্কাৰ কৰিলে পশ্চিমবংগৰ চিপিএম দলে ৷

৭. বিজেপিয়ে কৰিলে সমালোচনাঃ আন সহযোগী দলৰ বাবে কংগ্ৰেছৰ নীতি বেলেগ, নিজৰ দলৰ দুৰ্নীতিৰ ক্ষেত্ৰত প্ৰয়োগ কৰে বেলেগ নীতি ৷

৮. অৱসৰ লবলৈ আগবঢ়া বিনোদ ৰাইয়ে কৰিলে মন্তব্যঃ বহু সদস্যযুক্তৰে গঠন কৰিলেও কম নহব CAGৰ ক্ষমতা ৷

৯. বিশাখাপট্টনমত বীচ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰিলে পৰ্যটন মন্ত্ৰী চিৰঞ্জীৱিয়ে ৷

১০. বিহাৰত পুনৰ কম বয়সীয়া কিশোৰীৰ ওপৰত যৌন নিৰ্যাতনৰ খবৰঃ এগৰাকীৰ মৃত্যু, এগৰাকীয়ে যুদ্ধ কৰি আছে জীৱনৰ সতে ৷

১১. কৰ্ণাটকৰ বিধান সভা নিৰ্বাচন সম্পন্নঃ ২২৩ সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য জমা হ’ল ইভিএমত ৷

আন্তঃৰাষ্ট্ৰীয়ঃ
১. বাংলাদেশত পুনৰ ইছলামিক সংগঠনৰ ৰায়তঃ ৩জন নিহত ৷

২.  চৌদি আৰবীয়া চৰকাৰে প্ৰথম বাৰৰ বাবে ছাত্ৰী সকলৰ খেলা-ধূলাৰ বাবে প্ৰদান কৰিলে অনুমতিঃ ব্যক্তিগত স্কুলত ব্যায়াম আদি শিকোৱাৰ বাবে সেউজ সংকেত ৷

৩. বেলুচিস্তানত নিৰ্বাচনী কাৰ্যালয়ৰ কাষত বোমা বিস্ফোৰণঃ আঠজন নাগৰিক আহত ৷

৪. ইজিপ্তত বিকিনি পিন্ধিবলৈ দিলে অনুমতিঃ পৰ্যটন বিকাশৰ বাবে প্ৰকাশ কৰিলে আশা ৷

৫. এইবাৰ বেঙেনাত বিচাৰি পালে গনেশ মূৰ্তিৰ ৰূপঃ ইংলেণ্ডত হোৱা এই ঘটনাৰ প্ৰচাৰৰ পাছত লানি লাগিছে ভক্তৰ ৷

৬. লাডাখৰ পৰা ১৯ কিল’মিটাৰ পিছুৱাই গ’ল চীনৰ সেনাঃ আলোচনাৰে মীমাংসা হোৱাৰ সুখবৰ ৷

প্ৰযুক্তি-ব্যৱসায়ঃ
১. কুডানকুলমৰ নিউক্লীয়েৰ পাৱাৰ প্লেণ্টৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দান আজি ৷

২. ভাৰতী এয়াৰটেলে বিক্ৰী কৰিব শ্বেয়াৰঃ ৫% শ্বেয়াৰ কাটাৰ ফাউণ্ডেচনক ৷

নিৰ্বাচিত ই-কিতাপ শিতানত ফ্ৰী পিডিএফৰ সূত্ৰঃ

জীৱনত লাগে অৰ্থনৈতিক সাক্ষৰতাঃ তাৰ প্ৰথমটো খোজ দিবলৈ 
১. ব্যক্তিগত অৰ্থনীতি (Personal Finance)ৰ ক্ষেত্ৰত অন্যতম শ্ৰেষ্ঠ কিতাপৰ চিৰিজ Rich Dad Poor Dad ৰ এখন গ্ৰন্থৰ ফ্ৰী পিডিএফৰ বাবে ইয়াত ক্লিক কৰক ৷

২. Rich Dad Poor Dad ৰ দৰ্শনঃ এক চমু যাত্ৰা ৷
৩. Rich Dad Poor Dad অনলাইন পঢ়িবলৈ ইয়াত ক্লিক কৰক ৷

মেক্সিম গৰ্কীৰ গ্ৰন্থাৱলীৰ ফ্ৰী পিডিএফ ডাউনলোডঃ
১. উপন্যাস "মা"ৰ ইংৰাজী সংস্কৰণ Mother ৰ বাবে ক্লিক কৰক ৷

২. Creatures That Once Were Men Creatures That Once Were Men
৩. The Man Who Was AfraidThe Man Who Was Afraid
৪. Twenty-Six and One and Other StoriesTwenty-Six and One and Other Stories

শেহতীয়া সম্পাদকীয়ঃ
পুথিভঁৰালৰ বাবে "অগ্নিশিখা": কিয় গৰজি উঠিল পুথি প্ৰকাশক সংস্থা?

কিতাপৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ সময়ত সদায়েই মনলৈ আহে অসমৰৰ এজন যুক্তিবাদী লেখক, সমালোচক ৰিপুঞ্জয় গগৈৰ "নষ্ট নীতি-বাগিশ"ৰ এটা লেখাত অৱতাৰণা কৰা এটা প্ৰশ্নলৈ ৷ সেয়া হ’ল, গগৈদেৱে লেখক সকললৈ প্ৰশ্ন কৰিছে, "আপোনাৰ লেখাৰ উদ্দেশ্য কি?"




১. ই-সাহিত্য শিতানতঃ কুকুৰৰ বিষয়ে এখন ৰচনা

#মাধুৰীমা ঘৰফলীয়া

২. মিচা ক’লে কি ডাল হব শিতানতঃ



#অজয় লাল দত্ত

ANDROID অপাৰেটিং চিষ্টেম থকা মোবাইলৰ বাবে "সুখ-দুখ এপচ"

অসমীয়া সুখ দুখৰ 


     ANDROID মবাইল বাবে apps 

No comments:

Post a Comment