মহাদুষ্ট পদ্যঃ
#ধ্ৰুৱজ্যোতি শইকীয়া
লগ হলেই বিৰাট জমে,
পুৱাৰ পৰা গধুলি নামেগৈ,
কথা হ'লে নকমে ৷
লেহেম সিঙৰ কথাত ওলাল
গুজৰাট প্ৰসঙ্গ,
দেখিছা গগৈ মোডিৰ ৰাজ্যত
কিমান আনন্দ৷
হাঁহিম দাদাই তপৰাই কলে,
আমাৰ ইয়াতো আছে সুখ,
সুখ থাকিলেহে দুখবোৰ থাকে,
সেইটোৱেই হ'ল প্ৰুফ…৷
মোডিতকৈও উন্নয়নৰ দিশে,
আমাৰ উদাহৰণ লব,
কোনজন বিধায়ক গৰীৱ দেখিছে,
পাৰিব কোনোবাই কব ৷
সমাজৰ কাম আমি আৰম্ভ কৰোঁ,
নিজৰে ঘৰৰ পৰা,
বিদেশে বিদেশে সম্পত্তি কৰিছো,
পঢ়ুৱাইছো ছোৱালী ল'ৰা ৷
লেহেম ককাইটিয়ে সুবিধা বুজি,
মাৰে গগৈদাক কাট,
অন্য দিনা আনে নুশুনিলেও,
ওলাই অমাতৰ মাত ৷
শুনিছো অসমত পাৱাৰৰ আকাল,
অন্ধকাৰ দিন ৰাত…
গগৈদাই বোলে জানি বুজিয়ে,
চলাইছো পাৱাৰ কাট…
আৰ্থ ইয়াৰ পালন কৰিছো,
সাঁত বছৰ হ'ল পুৰা,
পৃথিৱী ৰক্ষাৰ পণ কৰিছো,
গ্লবেল ৱাৰ্মিঙৰ পৰা ৷
টপৰ টাপাৰ উত্তৰ শুনি,
লেহেম কাইৰ উঠিল জ্বৰ,
অহাবাৰ ভালকৈ ৰেডি হৈ আহিম
বুলি দিল্লীলৈ মাৰিলে লৰ ৷
মিচা কলেনো কি ডাল হব,
কথাত আমি সদায় বেটাৰ,
হাঁহিদাই চাঞ্চতে ডায়লগটি এৰিলে,
ডেট ইজ অল্চ' ইম্প'ৰ্টেন্ট মেটাৰ৷
No comments:
Post a Comment