- অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

Share This
আজিৰ ৰসাল হিতোপদেশ

১. জনমত পথাৰলৈ গৈ পোৱা নাই, টাবতে শাক-পাচলি দুজোপা ৰোপন কৰি ফেচবুকত ফটো আপলোড কৰক! "কংক্ৰিটৰ পৃথিৱীত সেউজীয়া" বুলি শিৰোনামা দিয়ক, চাব লাইকেৰে উপচি পৰিছে! 

২. বিশ টকা দি মিনাৰেল ৱাটাৰ খোৱাতকৈ দেশী মদকে এবটল নাখায় কিয়? তৃষ্ণাতো পূৰণ হবই, দেশীয় উদ্যোগ এটাকো উৎসাহ যোগোৱা হব, লগতে নিচা ফ্ৰী!

৩. কাৰোবাৰ প্ৰতি প্ৰচণ্ড খং জাৰিব বিচাৰিছে, ওলাই গৈ ৰাস্তাৰ কাষৰ কচুপাত ফালক৷ ই খঙো মৰিষণ কৰিব, অনিষ্টৰ পৰাও ৰক্ষা কৰিব ৷

৪. ৷চৰকাৰী চাকৰিত জইন কৰিলে, এতিয়া কিয় কাম কৰি কষ্ট কৰিব ? ইমান দিনে কষ্ট কৰি চাকৰিটো ল’লে, এতিয়াটো আৰামৰেই সময়!

৫. কাৰোবাক পচন্দ হৈছে, তাইৰ প্ৰিয় বান্ধৱীৰ সৈতে প্ৰেম কৰাৰ চেষ্টা চলাওক, আপোনাৰ পচন্দৰ জনীৰ হাততে চিঠি পঠাওক ৷ তাইৰ আগতে সিজনীয়ে আপোনাৰ অনুভূতি নুবুজে বুলি চেণ্টি ফালিবলৈ আৰম্ভ কৰক, লাহে লাহে চাব, এইজনীয়ে আপোনাক বুজিবলৈ আৰম্ভ কৰিছে!

৬. ফ্ৰীজ কিনিছে বুলিয়ে শাক-পাচলি তাতে গেলাই, পেলাই দিয়াৰ ঠিক আগে আগে খাবলৈ নলব৷ ফ্ৰীজটো বেয়া কৰি থওক, চাব ঘৰত সতেজ শাক-পাচলিৰে খানা বনিছে!

৭. খুৱ জুতি লগাই খাবলৈ মন কৰিছে, মনে মনে ওলাই গৈ হোটেলত পেট পূৰাই খাওক৷ ঘৰলৈ এসোপা মান আনি খোৱালেও জানো কোনোৱে আপোনাৰ প্ৰতি কৃতজ্ঞ হোৱা দেখিছে?

৮. প্ৰচণ্ড গৰমত কৰবালৈ গৈ আছে, হঠাত পাংচাৰ হ’ল৷ বিৰক্তি বৰ্জন কৰক, এয়েতো জীৱন বুলি হাঁহিবলৈ যত্ন কৰক 

৯. খুৱ খঙ উঠিছে, সমুখত থকা জনক গালি নাপাৰিব; কাইলৈ যদি কিবা দৰকাৰ পৰে কি কৰিব, সেই ভাবি গান্ধীবাদী হৈ এটা হাঁহিকে উপহাৰ দিয়ক৷

১০. "আমাৰ মাজনীয়ে কূটা এগছো দাঙিব নাজানে" বুলি গৌৰৱ কৰা শাহুআইক তেনে "কৈকেয়ীৰ" সতে "মন্থৰা" এজনীও দি পঠাবলৈ কব, তেহে আপোনাৰ ঘৰৰ ৰামায়ণখন ৰচনা কৰাত সহজ হব৷

2 comments:

  1. Point 5:aji kali sithir jug goal.upai beleg uliaabo lagibo.

    ReplyDelete
  2. nicahy... আৱিস্কাৰ কৰি ৰাইজক জনাওক

    ReplyDelete