দেওবৰীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

দেওবৰীয়া

দেওবৰীয়া

Share This
ৰসাল হিতোপদেশ

১. বাতানুকূল কোঠাত বহি বুদ্ধিজীৱিয়ে চিন্তা কৰে, লিখে, ভাষণ দিয়ে বুলি সমালোচনা নকৰিব৷ আপুনিয়ে কওকচোন,জেঠৰ টিকা ফটা ৰ’দত বহি জানো প্ৰেমৰ কবিতা লিখিব পাৰি, তাৰ বাবে নিৰ্মল ছায়া দিয়া গছৰ ছাঁৰ প্ৰয়োজন নাই জানো ৷ কথাটো একেটাই!

২. দেওবাৰে গ্ৰাম্য বা বেলতলা বজাৰলৈ গৈছে, একেবাৰে সৰু, দৈন্য, দুখীয়া পোহাৰী জনৰ ওচৰলৈ যাওক, মনত ৰাখিব, দুখীয়াজনকেই ঠগিবলৈ আটাইতকৈ সুবিধা ৷

৩. এনজিঅ’ এটা খোলাৰ আগতে পটেনচিয়েল ফাণ্ডিঙ সম্পৰ্কে নিশিত হৈ লওক, নহ’লে নিজেই ফাণ্ডত পৰিব!

৪. জীৱনত নামঘৰত ভাওনা কৰি নাপালে কথা নাই, ফেচবুকতে মুখা পিন্ধি ভাওনা আৰম্ভ কৰক, দৰ্শক  বেছি পাব!

৫. লাই শাকত তেল নিদিব বুলি কোৱা ইংৰাজী কথাষাৰৰ অৰ্থ হ’ল যে, লাই মানে মিছা, যদি মিছা কথাৰেই কাম হাচিল হয়, তাতেনো এনেয়ে কিয় আকৌ তেল মাৰিব লাগেহে!

৬. অবৈধ সম্পৰ্ক ৰখা দুজনে যে ভাৱে পৃথিৱীৰ কোনেও গম নাপায়! কিন্তু সেয়া ভুল, তেওঁলোক দুজনেহে নাজানে যে সমস্ত পৃথিৱীয়ে তেওঁলোকক লৈ গুজৱ চলাইছে৷


৭. দুৰ্নীতি কৰা জনে ভাবিব পাৰে, কোনেও গম নাপায়! পিছে টকা-ব্যৱহাৰ-জীৱনশৈলীৰ পৰিবৰ্তনে আপোনাৰ ক’লা টকাৰ কথা মাইকত ফুকে!

৮. কম আয়াসতে ছপা মাধ্যমত কিবা প্ৰকাশ কৰিব খুজিছে, বিভাগীয় উপ-সম্পাদক সকলৰ সৈতে সু-সম্পৰ্ক বনাওক, ই বৰ কাৰ্যকৰী৷

৯. ছেবাত পেপাৰ ৰি-চেকেৰে নম্বৰ বঢ়াব খুজিছে, কেৰেণীৰ লগত যোগাযোগ কৰক৷ সঠিক কেৰেণী ধৰিব পাৰিলে আপোনাৰ সফলতা নিশ্চিত ৷

১০. কিছুমান লোকে নিজৰ মহাৰাণীকো চাকৰণীৰ দৰে ৰাখে, আকৌ বহুতেই চাকৰণীকো মহাৰাণীলৈ উন্নীত কৰে৷ পচন্দ আপোনাৰ!

No comments:

Post a Comment