সোমবৰীয়া জুতি লগা আখলত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সোমবৰীয়া জুতি লগা আখলত

সোমবৰীয়া জুতি লগা আখলত

Share This
চয়াচচ দি ৰন্ধা কুকুৰা মঙহৰ সুস্বাদ্য ব্যঞ্জন



উপকৰণঃ
প্ৰায় চাৰিশ গ্ৰাম কুকুৰাৰ মাংস (ব্ৰইলাৰ বা থলুৱা )
মিঠাতেল, আলু দুটা, নহৰু ৬ফোটা, আদা এটুকুৰ
গোটা জালুক ৫টা, কেঁচা জলকীয়া ৩টা (স্বাদ অনুসৰি)

নিমখ, হালধি অনুমান অনুসাৰে৷ পাঁচফোৰন অকনমান ৷
মাংসত দিবলৈ মীট মচলা এচামুচমান৷

পিয়াজ ৩-৪ টা তাৰে দুটা ডাঙৰ ডাঙৰকৈ, আৰু বাকীখিনি মিহিকৈ কাটি লওক৷

চয়া চচ  চাৰি টেবুল চামুচ

বিলাহীৰ চচ ২চামুচ ৷
কেৰাহীৰ তলত কম জুই, পানীৰ প্ৰয়োজন নাই৷


ৰন্ধন প্ৰণালীঃ


প্ৰথমে মিঠাতেল অলপ মান দি কেৰাহীখন গৰম কৰি লওক ৷ মিহিকৈ কুটা পিয়াজখিনিৰ সৈতে পাঁচফোৰণটো অলপ ৰঙচুৱা হোৱাকৈ ভাজক৷ মাংসখিনি তাত দি এতিয়া হালধি অকন দি, ভালকৈ ল’ৰাই থাকিব৷ তেলৰ সৈতে ভালকৈ লাগি যোৱা যেন লাগিলে ১ মিনিটমান ঢাকি থওক৷

তাৰ পাছত ঢাকনি খুলি আদা-নহৰুৰ খুন্দি কৰা পেষ্টটো তাত ঢালি দিয়ক, বাকী পিয়াঁজ খিনিও তাতে ঢালি দিয়ক৷ জলকীয়া কেইটা দীঘলে দীঘলে ফালি দি দিয়ক ৷ নিমখ আৰু মীট মচলাকনো দিবলৈ নাপাহৰিব৷

আলুকেইটা দীঘল দীঘল পিচ কৰি তাতে দি দিয়ক ৷
 ভালকৈ ল’ৰাই সকলো মিহলি হোৱাযেন কৰক আৰু আকৌ ১মিনিট মান ঢাকি থওক ৷

এতিয়া অলপ ভাজখোৱা যেন লাগিলে পানীৰ সলনি চয়াচচ চাৰি চামুচ আৰু বিলাহীৰ চচ(মেগী কোম্পানীৰ টমেট আৰু চয়াচচ আমি ব্যৱহাৰ কৰিছো) তাত ঢালি দিয়ক৷


এতিয়া ৮-১০ মিনিট মান তেনেকৈ ঢাকোন মাৰি সিজিবলৈ দিয়ক৷ জুই কমকৈ দি ৰাখিব যাতে, চচখিনি শুকাই গৈ লাগি নধৰে ৷ এনেদৰে মাংস আৰু আলু সিজিচেনে নাই, পৰীক্ষা কৰক৷ চামুচেৰে পিয়াজ অকন তুলি আনি নিমখ হৈছেনে চাই লব আৰু লগতে জুতিটোও চাওক৷

এইদৰে সহজতে চাইনীজ ফ্লেভাৰযুক্ত চচ দি ৰন্ধা অপূৰ্ব সোৱাদৰ ব্যঞ্জন ঘৰতে ৰান্ধি খাব পাৰি ৷ এতিয়া ৰন্ধন হৈ গ’ল যদি পৰিস্কাৰ পাত্ৰত গৰমে গৰমে বাঢ়ি খোৱা টেবুলত পৰিবেশন কৰক  আৰু এই জুতিৰ কথা সকলোকে জনাওক ৷ গোটা জালুক কেইটা খোৱাৰ মাজতে চোবাই দিলে আন এক সোৱাদ পাব পাৰি!



শেহতীয়া ৰেচিপিৰ বাবে তলৰ শিৰোনামাত ক্লিক কৰকঃ
১. তিল দিয়া কুকুৰাৰ মাংস

No comments:

Post a Comment