আজিৰ জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ জুতি লগা আখল

আজিৰ জুতি লগা আখল

Share This
দেওবাৰ বিশেষঃ   পনীৰ মচলা :

আখলৰ দিহাঃ  মনীষা বড়া হালৈ
অৰুণাচল প্ৰদেশ
উপকৰণ :
পনীৰ - ২০০গ্ৰাম
আলু- ১টা
বীন- ৮দাল
মটৰ- এবাটি(সৰু বাতিৰে)
ভেন্দি -১০টা
আদা-নহৰু পেষ্ট- ২ চামুচ
হালধি- আধা চামুচ
ধনিয়া গুৰি- ১/২ চামুচ
জিৰা গুৰি- ১/২ চামুচ
গৰম মছালা – ১/২ চামুচ
বুট দাইল – এমুঠি (তিয়াই থোৱা)
বিলাহী পিউৰি- ১/২ কাপ
চেনি- ১/২ চামুচ
নেমু ৰস – ১ চামুচ
ঘী বা তেল- ২চামুচ
জলকীয়া গুৰি – ১/২চামুচ
নিমখ- সোৱাদ অনুযায়ী

প্ৰস্তুত প্ৰণালী :
১) আলু, গাজৰ, বীন আৰু ভেন্দি সৰুকৈ ঘনাকৃতিত কাটি ল’ব,
২) কেৰাহিত তেল বা ঘী দি পাচলি খিনিৰ লগতে মটৰ দি ৭ মিনিট একেবাৰে কম জুইত(চীমত) ভাজি ল’ব | কেৰাহীৰ পৰা নমাই থব |
৩) আন এখন কেৰাহীত ঘী বা তেল দি আদা, নহৰু পেষ্ট, হালধি ,গৰম মছলা ধনিয়া, জিৰা গুৰী আৰু নিমখ দি মিহলাই ল’ব | তাতে ভজা পাচলি লগতে পনীৰ খিনি দি মিলাই দিব | বিলাহী পিউৰি , বুট দাইল আৰু চেনি দি ভালকৈ মিলাই দহ মিনিট ঢাকি দিব | ঢাকোন খুলি নেমুৰ ৰস খিনি দি দিব লাগে | একেবাৰে কম জুইত ৰান্ধিব | ভালকৈ মিলাই গৰমে গৰমে ভাত বা ৰুটিৰ লগত পৰিবেশন কৰিব |

শেহতীয়া ৰেচিপিৰ বাবে তলৰ শিৰোনামাত ক্লিক কৰকঃ
১. তিল দিয়া কুকুৰাৰ মাংস

No comments:

Post a Comment