বুধবৰীয়া জীৱন যৌৱন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বুধবৰীয়া জীৱন যৌৱন

বুধবৰীয়া জীৱন যৌৱন

Share This
পৰ্ণগ্ৰাফিৰ পৃথিৱীঃ নিষিদ্ধকৰণৰ প্ৰয়োজনীয়তা আৰু আইন

দেশত নাৰী আৰু শিশুৰ বিৰুদ্ধে ক্ৰমবৰ্ধমান নিৰ্যাতনৰ ঘটনাই সকলোৰে চকু থৰ কৰিছে৷ এইদিশলৈ লক্ষ্য ৰাখি  দেশত এক কঠোৰ আইনৰ প্ৰয়োজনীয়তাক লৈ চলিছে সৰ্বত্ৰ আলোচনা৷ তাৰ মাজতে ইন্দোৰৰ এজন অধিবক্তাই উচ্চতম ন্যায়ালয়ত পৰ্ণগ্ৰাফিক ৱেবচাইট সমূহক নিষিদ্ধ কৰাৰ বাবে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন জনায় আৰু উচ্চতম ন্যায়ালয়েও সেই সন্দৰ্ভত সঁহাৰি দিবলৈ চৰকাৰক নিৰ্দেশ দিছে৷ ইতিমধ্যেই চীন আৰু চৌদি আৰৱীয়াই এনে নিষিদ্ধকৰণৰ জড়িয়তে ইয়াক প্ৰতিৰোধৰ চেষ্টা চলাইছে ৷

পিছে দেশৰ আগশাৰীৰ বাতৰিকাকত ইণ্ডিয়ান এক্সপ্ৰেছৰ পাঁচ মে’ ২০১৩ ত প্ৰকাশিত এক প্ৰৱন্ধই যেন সকলোকে চমকিত কৰিব৷ প্ৰকাশিত তথ্যমতে প্ৰতি চেকেণ্ডত পৃথিৱীৰ মানুহে ৩০৭৫ডলাৰ পৰ্ণগ্ৰাফীৰ নামত খৰছ কৰে, প্ৰতি চেকেণ্ডত ২৮,২৫৮ জনে পৰ্ণগ্ৰাফি চায়, প্ৰতি চেকেণ্ডত গড়ে ৩৭২জনে প্ৰাপ্ত-বয়স্ক সমলৰ সন্ধানত ইণ্টাৰনেটত চাৰ্ছ ইঞ্জিনৰ দুৱাৰত টুকুৰিয়াই৷ আৰু প্ৰতি ৩৯মিনিটত আমেৰিকাত একোটাকৈ পৰ্ণগ্ৰাফিক ভিডিঅ’ নিৰ্মিত হয়৷


দেশে দেশে আইনঃ
পৃথিৱীৰ বিভিন্ন দেশত পৰ্ণগ্ৰাফিক সমল, ইণ্টাৰনেট পৰ্ণগ্ৰাফিক লৈ কোনো সুষম আইন নাই৷ বিভিন্ন দেশত পৰ্ণগ্ৰাফিক একেবাৰে নিষিদ্ধকৰণ, কিছু কিছু আইনে অনুমতি দিয়া বয়সৰ পাছত উপভোগ কৰা বা তাৰ আনুষংগিক কথাক লৈ মতবিৰোধ বা বিতৰ্ক আছে৷ তথাপি দেশে দেশে আইনে কিছু নীতি নিয়ম বান্ধি দিছে৷

ইংলেণ্ডতঃ হাৰ্ড ক’ৰ পৰ্ণগ্ৰাফিক সমল একেবাৰে নিষিদ্ধ আছিল ১৯৯৯চন পৰ্যন্ত ৷ কিন্তু ইউৰোপিয়ান ইউনিয়নৰ আন সদস্য দেশ সমূহৰ সতে বাণিজ্যিক সম্পৰ্ক সুষম কৰাৰ স্বাৰ্থত ইয়াক প্ৰত্যাহাৰ কৰে৷ তাৰ পাছত পুনৰ ২০০৮চনত গৃহ বিভাগে একস্ট্ৰীম পৰ্ণগ্ৰাফী ৰখা কাৰ্যক ক্ৰাইম আখ্যা দি নতুন আইন বনায়৷ চাইল্ড পৰ্ণগ্ৰাফী এই দিশত নিষিদ্ধ আৰু ১০বছৰ পৰ্যন্ত কাৰাবাসৰ দণ্ডৰ ব্যৱস্থা ৷

জাৰ্মানীতঃ অনলাইন পৰ্ণগ্ৰাফিক সমল আহৰণ কৰিবৰ বাবে বয়স ভেৰিফিকেচনৰ ক্ষেত্ৰত অতি কঠোৰ ৷ মজাৰ কথা এয়ে যে জাৰ্মানীত আকৌ আইনে চাইল্ড পৰ্ণগ্ৰাফীক ১৪বছৰ পৰ্যন্ত আৰু য়ুথ পৰ্ণগ্ৰাফী ১৪-১৮বছৰ দুটা বেলেগ ভাগত বিবেচনা কৰিছে ৷

পাকিস্তানতঃ পৰ্ণগ্ৰাফী সম্পূৰ্ণ নিষিদ্ধ৷ যোৱা ২০১১চনৰ নৱেম্বৰ মাহৰ পৰা পৰ্ণগ্ৰাফিক সমল থকা সকলো ৱেবচাইট তাত নিষিদ্ধ তথা ব্লক কৰি থোৱাৰ ব্যৱস্থা কৰিছে ৷ আৰু সময়ে সময়ে এই নিষিদ্ধ ৱেবচাইটৰ তালিকা আপডেট কৰি ৰখা হৈছে ৷

চীনতঃ ইণ্টাৰনেট পৰ্ণগ্ৰাফিক ২০০২চনৰ পৰা নিষিদ্ধ ঘোষণা৷ লগতে ২০০৪চনৰ পৰা কঠোৰ অভিযান হাতত লৈ এগৰাকী মহিলাকে ধৰি অপৰাধীক কাৰাগাৰলৈ প্ৰেৰণৰ তথ্য ৷

আমেৰিকাতঃ এই প্ৰাপ্তবয়স্ক মনোৰঞ্জনটো এটা বিশাল উদ্যোগ স্বৰূপ৷ তাত বৃহৎ বৃহৎ মনোৰঞ্জন কোম্পানী টাইম ৱাৰ্নাৰ আদিয়েও নিজৰ কেৱল চেনেলত পৰ্ণ ছবি প্ৰদৰ্শন কৰাৰ লগতে হোটেল সমূহতো ৰুম সেৱাত এনে মনোৰঞ্জনৰ ব্যৱস্থা কৰে৷গড়ে ২১১খন পৰ্ণ চিনেমা প্ৰতিটো সপ্তাহতে নিৰ্মিত হয় মাত্ৰ আমেৰিকাত৷ কিন্তু শিশু বা কিশোৰৰ হাতলৈ কোনো ধৰণৰ এনে সমল যাতে যাব নোৱাৰে তাক নিশ্চিতকৰণৰ ব্যৱস্থা লোৱা হয়৷ আৰু চাইল্ড পৰ্ণগ্ৰাফীৰ ক্ষেত্ৰত ইউ এছৰ আইনেই বিশ্বৰ আটাইতকৈ কঠোৰতম৷ শিশুক এনে ছবিত জড়িত কৰি নিৰ্মাণ কৰা সকলক পাঁচ বছৰৰ পৰা ৪০বছৰ পৰ্যন্ত কাৰাৱাসৰ কঠো নিৰ্দেশনা আছে৷

ফ্ৰান্সতঃ এই দেশত পৰ্ণ আইন বিৰুদ্ধ নহয়৷ ওঠৰ বছৰৰ তলৰ সকলৰ বাবে হাৰ্ড ক’ৰ পৰ্ণৰ অনুমতি নাই৷ চফট পৰ্ণ টোৱাত ১৬বছৰৰ ওপৰৰ সকলৰ বাবে বাধা আৰোপ কৰা নাই৷ গ্ৰাফিক ভায়লেন্স আৰু পৰ্ণ দেখুওৱাবৰ বাবে কিছু বিশেষ থিয়েটাৰ বা চিনেমাগৃহৰ ব্যৱস্থা আছে, য’ত প্ৰাপ্ত বয়স্ক নোহোৱা সকলৰ প্ৰৱেশ নিষিদ্ধ৷ বিশেষ ভেল্যু এডেড টেক্সৰ ব্যৱ্স্থা আছেঃ এক্স ৰেটেড চিমেনাৰ বাবে ৩৩% টেক্স আৰু অনলাইন পৰ্ণ সেৱাৰ ক্ষেত্ৰত ৫০% আৱকাৰী শুল্ক প্ৰযোজ্য ৷

ভাৰতবৰ্ষতঃ পৰ্ণগ্ৰাফিক সমল ৰখা বা চোৱাটো আইন বিৰুদ্ধ নহয়, কিন্তু তাক যোগান ধৰা বা বিতৰণ কৰাটো আইনৰ দৃষ্টিত শাস্তিমূলক অপৰাধ৷ এই ক্ষেত্ৰত আইন এতিয়াও কঠোৰভাৱে প্ৰযোজ্য হোৱা নাই, আৰু দেশৰ চুকে-কোণে পৰ্ণগ্ৰাফিক সমল সহজেই উপলব্ধ৷ তথ্য প্ৰযুক্তি আইনৰ ৬৭নং ধাৰাই "ইলেক্ট্ৰনিক মাধ্যমত থকা অনৈতিক দৃশ্য" কো সামৰি লৈছে৷পাছত অন্তৰ্ভুক্ত কৰা ৬৭বি ধাৰাত চাইল্ড পৰ্ণগ্ৰাফীৰ ডাউনলোডিং আৰু প্ৰকাশ কৰা কাৰ্যক "ক্ৰিমিনেলাইজড" ঘোষণা কৰা হৈছে ৷ স্বতৰ্ব্য যে- ২০১০চনত বম্বে হাইকৰ্টে দিয়া এটা ৰায়ত নিজৰ ব্যক্তিগত কক্ষত পৰ্ণগ্ৰাফী চোৱাত আইনৰ কোনো বাধা নাই ৷

শ্ৰীলংকাতঃ অশ্লীল সাহিত্য আৰু পৰ্ণগ্ৰাফী সমল বিক্ৰী তথা বিতৰণ আইন বিৰুদ্ধ বুলি ঘোষিত হৈছে৷ কিন্তু বাস্তৱত তাৰ বিৰুদ্ধে কোনো কঠোৰ শাস্তিৰ ব্যৱস্থা নাই ৷ চাইল্ড পৰ্ণগ্ৰাফীৰ ক্ষেত্ৰত কঠোৰ শ্ৰীলংকাৰ আইন, শিশু সুৰক্ষা আইনৰ অধীনত ২০বছৰ পৰ্যন্ত জেল, অত্যাধিক জৰিমনা আৰু সম্পত্তি বাজেয়াপ্ত কৰাৰ নিৰ্দেশো আদালতে দিব পৰাৰ ব্যৱস্থা আছে৷

বিশ্বত তোলপাৰ লগোৱা দুটা অভিযানঃ
১. অপাৰেচন কেথেড্ৰেলঃ ইউ.কেৰ আৰক্ষীয়ে চলোৱা এই বিশেষ অভিযানটোৱে  অনলাইন চাইল্ড পৰ্ণগ্ৰাফীৰে ৪৬খন দেশত ব্যৱসায় চলোৱা "ৱণ্ডাৰলেণ্ড ক্লাৱ" নামৰ এক বৃহৎ চক্ৰক উৎখাত কৰে ৷ ১২০জন মানুহ জড়িত থকাৰ লগতে ১২৬৩জন শিশুকো এই ঘৃণনীয় কাৰ্যত লিপ্ত কৰাইছিল৷ লগতে শিশুক নিপীড়নৰ ৭লাখ ৫০হাজাৰ খন ছবি অনলাইন যোগে সৰবৰাহ কৰা এই চক্ৰৰ দোষী হিচাবে ২০০১ চনত সাতজন লোকক অপৰাধী হিচাবে আদালতে শাস্তি প্ৰদানৰ ৰায় দিয়ে ৷
২. অপাৰেচন এভালাংকিঃ ইউ এছৰ টেক্সাছৰ কম্পিউটাৰ বিশেষজ্ঞ থমাছ ৰিডীক ১৩৩৫বছৰৰ অভিলেখমূলক কাৰাবাসৰ নিৰ্দেশ দিয়ে আমেৰিকান ন্যায়ালয়ে৷ কাৰণ দুই লাখ পঞ্চাশ হাজাৰ চাবচক্ৰাইবাৰ সহ চাইল্ড পৰ্ণগ্ৰাফিক ৱেব চাইট যোগে তেওঁ আহৰণ কৰিছিল মাহে ১.৪মিলিয়ন ডলাৰকৈ৷ ৰিডীক মুঠতে ৮৯টা অভিযোগত দোষী সাব্যস্ত কৰি এনে দৃষ্টান্তমূলক শাস্তিৰ বিধান দিয়ে৷

বিশেষ চিন্তাঃ
বৰ্তমানৰ কলুষিত পৰিবেশত ভাৰতবৰ্ষতো দ্ৰুত ন্যায় ব্যৱ্স্থাৰ নিশ্চিতকৰণৰ লগতে, এনে পৰ্ণগ্ৰাফিক সমলৰ ওপৰত কঠোৰ আইনেৰে লেকাম লগোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ৷ 

দেশৰ পৰম্পৰা সংস্কৃতি তথা জীৱনধাৰাৰ ওপৰত এনেবোৰ সমলে কেনে ধৰণৰ ঋণাত্মক প্ৰভাৱ পেলায় সেয়া সকলোৱেই বুজিব পাৰিছে ৷ বুকাৰ পুৰষ্কাৰেৰে সন্মানিত অৰবিন্দ আদিগাৰ "এ হোৱাইট টাইগাৰ" বা "এটা বগা বাঘ" নামৰ উপন্যাসতো এনে নিকৃষ্ট সমলে কেনেকৈ অপৰাধী মানসিকতাক গঢ় দিয়ে তাৰ অনুপম বৰ্ণনা পোৱা যায়৷ যাৰ আলমত দিল্লীৰ গণ-ধৰ্ষণৰ ঘটনা আদিৰ পাৰ্শ্ব-দৃশ্য তথা অপৰাধীৰ মনোজগতৰ গঠন হোৱাৰ মূল কাৰণ সমূহ ফঁহিয়াই চাব পাৰি ৷ 

সেয়ে সচেতন মহলে তথা সামাজিক সংস্থা সমূহে এনে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন ভিত্তিত চৰকাৰক কঠোৰ পদক্ষেপ লবলৈ বাধ্য কৰাব লাগিব৷ এইয়া যেন আজিৰ সময়ৰ এক আহ্বান ৷
#যুগুতালেঃ সুখ দুখ.কমৰ বিভাগীয় পৃষ্ঠা সমন্বয়কে
(লেখাটো প্ৰস্তুত কৰোতে ইণ্ডিয়ান এক্সপ্ৰেছত ৫মে’২০১৩  সংখ্যা প্ৰকাশিত আৰু  নয়নিকা চক্ৰৱৰ্তীয়ে যুগুতোৱা এটা লেখাৰ পৰা তথ্য তথা সমল আহৰণ কৰা হৈছে )

No comments:

Post a Comment