AXD 208: 14TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 208: 14TH MAY 2013

AXD 208: 14TH MAY 2013

Share This

অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ২০৮তম সংখ্যাঃ ১৪ মে ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক

------------------------------------------------------------------------------------------------

ANDROID অপাৰেটিং চিষ্টেম থকা মোবাইলৰ বাবে "সুখ-দুখ এপচ"

অসমীয়া সুখ দুখৰ  ANDROID মবাইল বাবে apps xukhdukh.apk 


গুজৱ টপ টেনঃ
(সামাজিক ব্যংগৰে সপোনৰ খবৰৰ সন্ধান)

১. শংকৰদেৱ বঁটা গ্ৰহণ কৰি শৰ্মিলা বাইদেৱে কৰিলে ঘোষণাঃ নিৰ্মাণ কৰিব শংকৰদেৱৰ জীৱন আদৰ্শক লৈ চিনেমা, নিজে কৰিব খেৰসুঁতী আইতাৰ চৰিত্ৰ, শংকৰদেৱৰ চৰিত্ৰৰ বাবে চঈফ আলি খান, মাধৱদেৱ চৰিত্ৰৰ বাবে ৰণবীৰ কাপুৰৰ নাম কৰিলে ঘোষণা ৷

২. সদৌ গুৱাহাটী ভেকুলী সন্থাৰ সতে পৌৰ নিগমৰ বহু প্ৰত্যাখিত টোৰটোৰণি বাৰণ চুক্তি স্বাক্ষৰিতঃ কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰাৰ বাবে পৌৰ নিগমে ল’লে এই আধুনিক উদ্যোগ ৷

৩. প্ৰধান মন্ত্ৰীয়ে দিয়া ২৬৩টা প্ৰতিশ্ৰুতিৰ ৩টা এতিয়ালৈকে পূৰণঃ বাকী ২৬০টাৰ বাবে অহা পাঁচ বছৰ সাংসদ কৰি ৰাখিবলৈ অসমৰ জনতালৈ পেচ কৰিলে আৰ্জি ৷

৪. আচুৱে বন্ধ কৰিব চান্দা সংস্কৃতিঃ কোনোৱে নিজৰ অৰিহণা দিলে অৱশ্যে গ্ৰহণ কৰাত নাথাকিব কোনো আপত্তি ৷ খ্যাতনামা শিল্পীৰ অভিমানক সন্মান কৰি এই সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ ৷

৫. বাঁহজনীত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত জাৰি কৰিলে জাননীঃ অসমীয়াত কথা পাতিলে জৰিমনা পঞ্চাশ টকা ৷ অভিভাৱক সন্থাই এই জৰিমনা ৫০০টকালৈ বৃদ্ধি কৰাৰ বাবে তুলিলে দাবী, নিজৰ ষ্টেণ্ডাৰ্ড বজাই ৰখাৰ বাবে অধ্যক্ষক জনালে আহ্বান ৷

৬. ওলাদগুৰিত খীৰতী গাইত পৰিণত জলসিঞ্ন বিভাগঃ পানীৰ টেপত গাখীৰ পাই উত্তেজিত হৈ পৰিছে সদাশয় ৰাইজ ৷ ইমান সুখ আমাক নালাগে বুলি চিৎকাৰ কৰাৰ বাতৰি ৷

৭. ভাৰত ৰত্নৰ বাবে চলি আছে অভিনৱ বিন্দ্ৰাৰ নামঃ অসম ৰত্নৰ বাবে ফটো সম্ৰাট বিকাশ বৰুৱাৰ নাম মনোনীত কৰিলৈ ক্ৰিকেট প্ৰেমীৰ মাজত স্বাক্ষৰ অভিযানৰ সুখবৰ৷

৮. বৰপেটাৰ চৰঞ্চালত চলিছে পানীৰ ৰমৰমীয়া ব্যৱসায়ঃ ১০লিটাৰ গাখীৰত ১০লিটাৰ পানী ঢালি গাখীৰৰ দৰত বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ আদৰ্শ দেখুৱালে মিল্ক উৎপাদক সন্থাই ৷

৯. খহনীয়া ৰোধত কোটি কোটি টকাৰ শৰাধ কৰা হব বন্ধঃ তাৰ সলনি নৈৰ পাৰৰ মানুহক পকা চাঙঘৰ বনাই দিয়াৰ কথা ঘোষণা কৰিলে মনোমোহন সিং ডাঙৰীয়াই ৷ ক’লে বৈ থাকক নদী, সুখত থাকক মানুহ ৷

১০. বাৰিষাৰ আগমনত উল্লাসিত হৈ পৰিছে জলসম্পদ বিভাগৰ সতে জড়িত ব্যৱসায়ী তথা বিষয়া পৰিয়াল সমূহঃ দেশ বিদেশৰ হলিডে পেকেজ বিক্ৰীৰ বাবে আহিছে পৰ্যটন কোম্পানী, হংকং, চিংগাপুৰত কৰিব লগা শ্বপিংৰ লিষ্ট তৈয়াৰ কৰাত ব্যস্ত বাইদেউ সকলৰ সাক্ষাৎ পাবৰ বাবে দীৰ্ঘ লাইন লগাৰ সুখবৰ ৷
-------------------------------------------------------
আজিৰ প্ৰকৃত খবৰ
---------------------------------------------
সুখৰ খবৰঃ
১. শ্ৰীমন্ত শংকৰদেৱ আৰু অসম ৰত্ন বঁটা প্ৰদান কৰি ৰাষ্ট্ৰপতিয়ে স্মৰণ কৰিলে গুৰুজনাৰ জাতি-ভেদ প্ৰথাৰ বিৰোধিতাৰে এখন উন্নত সমাজ গঢ়াৰ জীৱন আদৰ্শক ৷

২. পুনৰ মৈত্ৰীৰ দিশেঃ পাকিস্তানৰ ঐতিহাসিক নিৰ্বাচনত জয়ী হৈ প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিবলৈ লোৱা নৱাজ শ্বৰীফে সেই অনুষ্ঠানলৈ আমন্ত্ৰণ জনালে ভাৰতৰ প্ৰধান মন্ত্ৰীক ৷


৩. পবিত্ৰ অক্ষয় তৃতীয়াত ক্ৰিকেট প্ৰেমীক লৈ সোণ বিক্ৰী কৰা কোম্পানীৰ নতুন ব্যৱসায়িক বুদ্ধিঃ ১লাখ সোণৰ মোহৰত খোদিত কৰিলে শচীন টেণ্ডুলকাৰৰ ছবি আৰু চহী ৷

৪. গুৱাহাটীৰ নলা নৰ্দমা নিষ্কাশনৰ নামত কোটি কোটি ধনৰ শৰাধঃ এইবাৰ অসণ্টুষ্ট উচ্চ ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত কাম চলাবলৈ নিৰ্দেশ জাৰি কৰিলে ন্যায়ালয়ে ৷ সময়ে সময়ে ন্যায়ালয়ক দিব লাগিব কৰ্মৰ খতিয়ান ৷

৫. এইবাৰ আৰক্ষীৰ জালত পৰিল আলফাৰ নামত ব্যৱসায়ীক ধন দাবী কৰা পাঁচজনকৈ ভূৱা আলফাৰ দল ৷

৬. অসম আৰক্ষীয়েহে গোটাব পৰা নাই সাহসঃ ত্ৰিপুৰাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰ’জ ভেলীৰ দুই শীৰ্ষ বিষয়াক ৷

৭. নকল প্ৰতিৰোধৰ বাবে শিক্ষা বিভাগৰ নতুন পদক্ষেপঃ মেট্ৰিকত প্ৰতিটো বিষয়ৰে থাকিব সাতখনকৈ প্ৰশ্নকাকতৰ চেট ৷

৮. এইবাৰ চিংফৌ ভাষালৈ অনুদিত হ’ল অ’ মোৰ আপোনাৰ দেশঃ এই অনুবাদিত গীতেৰে নিৰ্মিত হ’ল মিউজিক চিডি ৷


৯. গোলাঘাট জিলাৰ নাৰ্চ সকলৰ সংগঠনৰ উদ্যোগত উদযাপিত হ’ল ফ্লোৰেঞ্চ নাইটিংগেলৰ জন্ম-জয়ন্তীঃ নাইটিংগেলৰ সেৱাৰ আদৰ্শক তুলি ধৰি অনুপ্ৰেৰণা যোগালে নৱ-প্ৰজন্মৰ নাৰ্চ সকলক ৷ যোৰহাটৰ কাকজানতো এই দিৱস উদযাপনঃ সভাত ডাঃ নৱকৃষ্ণ মহন্তই ক’লে- প্ৰত্যেকগৰাকী স্বাস্থ্য কৰ্মীয়েই জীৱন যুঁজৰ একোজন সেনানী ৷ 

১০. ডিগবৈত অনুষ্ঠিত হ’ল বাঁহ খেতি বিষয়ক কৰ্মশালাঃ বন বিভাগৰ উদ্যোগত বাঁহখেতিৰে স্বাৱলম্বনৰ পথ দেখুৱালে সমল ব্যক্তিয়ে, বুজাই ক’লে বাঁহখেতিৰ গুণ আৰু উপকাৰিতাৰ বিষয়ে ৷



১১. নগাঁৱৰ যুৱকৰ আদৰ্শনীয় উদ্যোগঃ হুঁচৰি গোৱা ধনেৰে প্ৰকাশ কৰি উলিয়ালে এশ গৰাকী কবিৰ কাব্য সংকলন "অৰুণোদয়" ৷

১২. এম বি বি এছ আৰু স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰৱেশ পৰীক্ষাৰ ফলাফল ঘোষণাৰ নিষেধাজ্ঞা প্ৰত্যাহাৰঃ এইবাৰ দেশত উমৈহতীয়া পৰীক্ষাৰে নামভৰ্তি নোহোৱাৰ কথা হৈ পৰিল স্পষ্ট ৷

১৩. নলবাৰীত হ’ব অত্যাধুনিক ষ্টেডিয়ামঃ কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিলে ৮কোটি টকা ৷

চিন্তনীয় খবৰঃ

১. ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে কৰিলে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সমালোচনাঃ পাণ্ডু মহাবিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱত ক’লে-"ভাৰতত শিক্ষাৰ গুণগত মান বৃদ্ধি হোৱা নাই" ৷
২. দিল্লীত দলীয় নেতৃত্বৰ তৎপৰতাঃ মনমোহন সিঙক পদৰ পৰা আঁতৰাবলৈ লাগি আছে শীৰ্ষ নেতা, হাইকামাণ্ডে এতিয়াও লোৱা নাই সিদ্ধান্ত ৷

৩. উদ্যোগিক নীতিৰ সুফল হজম কৰিছে কোনেঃ দুৰ্গাপুৰত লোহাৰ দাম কুইণ্টলত ৩৭৫০ টকাৰ বিপৰীতে অসমত দাম ৪৭০০টকা ৷ ৰাজ্যৰ ৰডৰ বজাৰত বিস্কন-মেঘাশক্তিৰ শক্তিশালী ছিণ্ডিকেটঃ দেশজুৰি দাম কমাৰ পাছতো দাম কমা নাই অসমত ৷

৪. বুধবাৰে মনোনয়ন দাখিল কৰিব মনমোহন সিঙেঃ কংগ্ৰেছ-বিপিএফ বিধায়িনী দলৰ সভাতো অংশ লব তেখেতে ৷

৫. বৰপেটাৰ মৰা নদীত পুখুৰী খান্দি চলিছে বেদখলঃ প্ৰশাসন নিৰ্বাকাৰ হৈ থকাৰ উঠিল অভিযোগ ৷


৬. জয়নাথ শৰ্মাক লৈ উত্তপ্ত হ’ল অগপৰ দলীয় সভাঃ মঙলদৈত দলীয় কৰ্মীৰ তৰ্জন গৰ্জনৰ সমুখীন হ’ব লগা হ’ল প্ৰফুল্ল মহন্ত ৷

৭. ইউ জি চিৰ প্ৰয়োজনীয় স্বীকৃতি অবিহনেই চলাই আছে কাম কাজঃ শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ব-বিদ্যালয়ৰ ডিগ্ৰীৰ বৈধতাক লৈ আশংকাত ভূগিছে শিক্ষাৰ্থী ৷

৮. নামনি অসমত লুণ্ঠন চলাই এইবাৰ অন্তৰ্ধান হ’ল বিত্তীয় কোম্পানী এঞ্জেল এগ্ৰ’টেক ৷

৯. গুৱাহাটী বিশ্ববিদ্যালয়ে ল’লে বিতৰ্কিত সিদ্ধান্ত, স্নাতক মহলাত বাধ্যতামূলক হ’ব আধুনিক ভাৰতীয় ভাষা আৰু লোপ পাব বিকল্প ইংৰাজী বিষয় ৷

১০. চিৰাঙত এন ডি এফ বিৰ ব্যাপক অৰাজকতাঃ সঘন অপহৰণ, মু্ক্তিপণৰ খেলত সন্ত্ৰস্ত হৈ পৰিছে সাধাৰণ জনতা ৷ অপহৃতৰ মুক্তিপণ দাবী ৩০ লাখ টকা ৷

১১. আছুৰ গণতান্ত্ৰিক আন্দোলনৰ বিৰুদ্ধে মাত মাতিলে শিল্পী মানস ৰবীনেঃ অভিযোগ তুলিলে-আন্দোলন, প্ৰতিবাদে হৈ পৰিছে জীৱিকাৰ পথ !
১২. এজাক বৰষুণতে বিধ্বস্ত দিচাং মুখৰ পথঃ প্ৰশাসন নিৰ্বিকাৰ ৷

১৩. ডিব্ৰুগড়ত চলিছে বালি মহলৰ চিণ্ডিকেটঃ অভিযোগে পালে সংবাদ মাধ্যমৰ শিৰোনামত স্থান ৷

১৪. ৰঙিয়াত কেৰাচিন ষ্টোভত বিস্ফোৰণৰ ঘটনাত যুৱতী অগ্নিদগ্ধ হোৱাৰ দুখজনক খবৰ ৷

১৫. মেৰাপানীত প্ৰথমটো বানতে জুৰুলা হ’ল কৃষকঃ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ প্ৰদানৰ উঠিল দাবী ৷

১৬. তিতাবৰত ছয় বছৰীয়া শিশু কণ্যাক যৌন নিৰ্যাতনৰ ঘটনাঃ অভিযুক্ত যুৱক পলাতক ৷

১৭. ভগামুখত এজন বিষয়াৰে চলিছে থানাঃ প্ৰশাসন যন্ত্ৰৰ নাত ভেঁকোভাওনাৰ উঠিল অভিযোগ ৷


১৮. তিতাবৰত উন্নয়নৰ কাম কৰিছে নাগালেণ্ডেঃ সমস্যাৰে জৰ্জৰিত সীমান্তবাসীক লৈ ঘুমটি নাভাগে অসম চৰকাৰৰহে ৷

১৯. বঙাইগাঁৱত মৃত্যুদূতত পৰিণত হৈছে ৰাজীৱ গান্ধী বৈদ্যুতিকৰণ যোজনাঃ ব্ৰহ্মপুত্ৰ ৰিভাৰ ভেলীয়ে নিম্নমানৰ সামগ্ৰীৰে লুণ্ঠন চলোৱাৰ উঠিল অভিযোগ ৷

২০. প্ৰধান মন্ত্ৰীয়ে আদিবাসীক প্ৰতাৰণা কৰাৰ অভিযোগ তুলিলে বীৰছা কামাণ্ডো ফৰ্ছে ৷

অসমীয়াৰ সুখ দুখৰ দুশতম সংখ্যা উপলক্ষে প্ৰকাশিত বিশেষ ৰহঘৰা পঢ়িবলৈ ইয়াত ক্লিক কৰক )


No comments:

Post a Comment