কথা দিলো, কথা পাতা…
#ধ্ৰুৱজ্যোতি শইকীয়া
উভতনি যাত্ৰাৰ পৰত,
ভাবিলো খাৰুপেটীয়াৰ পাচলিকে লওঁ,
খাব পাৰিম গুৱাহাটীৰ ঘৰত ৷
পাচলিৰ বজাৰত চকু ফুৰাওঁতে,
এঠাইত পৰিল মোৰ চকু,
হাত নেলাগে কথাও লাগি গ'ল,
সজাত এক সমন্বয় সাঁকো…৷
বোলো কি কাৰবাৰ কোনেনো কাক,
কি কথানো দিলে,
কাষৰ পৰা চাইহে বুজিলো
অসমখন যাব ৰসাতলে ৷
বিদেশৰ সহোদৰ নহওক দূৰ,
সস্তাত কথা মোবাইলত,
এনেকুৱা স্কিম দেখি অমুকাৰ
চৰ যেন পৰিল দুগালত৷
ৰাজাই আনিছে প্ৰজাই মানিছে,
মিলি জুলি আছে সবে,
এনে সুযোগতে বেপাৰৰ চাহিদা,
চলাইছে কোনোৱে নিৰৱে ৷
কথা পাতা, আলহী মাতা,
নিজৰে যেতিয়া ঘৰ,
যাইলাম থাকলাম কথাৰে মহলাত,
অসমীয়া হমেগৈ পৰ৷
জিলাই জিলাই বাঢ়িছে জন,
বাঢ়ি থাকক সেয়াই পণ,
বিদেশত থকাজনে বিদেশতো নেৰিছে,
বুলিব জয় আই অসম ৷
ভাষণ দিওঁতাই শাসনৰ কালত,
পাহৰি জনতাৰ কথা,
নিৰ্বাচনৰ নৈত নাওঁ চলাইছে,
বিদেশীয়ে মাৰিছে বঠা৷
বাঢ়ক জনসংখ্যা জিলাই জিলাই,
ৱাফাদাৰ বিদেশী ভোটাৰ
অন্যৰ দৰেতো দল নাবাগৰে,
গোলাম স্বদেশী নেতাৰ ৷
হাত থাকিলেহে ভাত থাকিব,
এলাহ আমাৰ যে বাঢ়িল,
বিদেশীৰ হাতেৰে তপিনাও ধুৱালো,
অসমীয়াৰ বেয়া দিন আহিল ৷
জয় আই অসম, বিদেশী খেদা,
নলৰে বিদেশীৰ নোম,
লোকৰ বুলিলেও এচামে আদৰিছো,
বিদেশী বুকুৰ কুটুম ৷
মিচা কলে কি ডাল হব,
ৰজাৰ চকুত কলিয়া পটী,
দেশ বুলিলে আদেশ নেলাগে,
নাই কোনো লাচিতৰ নাতি ৷
কালিৰ সংখ্যাৰ মহাদুষ্ট পদ্যৰ বাবে ইয়াত ক্লিক কৰক ৷
আন আন হাস্য ব্যংগ তথা মহাদুষ্ট পদ্যাৰ বাবে ইয়াত ক্লিক কৰক৷
No comments:
Post a Comment