হুইপ ষ্টৰি…৷
#ধ্ৰুৱজ্যোতি শইকীয়া
ভোট বোলোতেই মনত পৰিল,
সকলো হোৱা এক গোট,
কেন্দ্ৰত যদি বিৰোধী সোমায়গৈ,
নাহিব দুৰ্নীতিৰ নোট ৷
শুবলৈ পাইছা এ চি সংসদত,
বিনা কামত পেঞ্চন ও বেতন
এইবোৰ পায়ো যদি গৰবৰ কৰা,
দিম এইবাৰ ৰাম খেদন৷
হো হোৱাই পৰে যেন চাবোকৰ কোব,
যদি কোনোৱে কৰে এনে ভুল,
হাঁহি দাই সকলোকে ধমক দি বুজালে,
হাত কোম্পানিৰ নতুন এই ৰুল ৷
পাঁচ বছৰ নাথাকেই কাৰো মাতষাৰ,
সংসদতো উপস্থিত নহয়,
ভেটি লোৱাৰ দৰে যদি ভোটটিকে দিয়া,
কামবোৰেই সহজ দেখোন হয় ৷
কেন্দ্ৰৰ গালি মোৰো মূৰত পৰে,
দিবলগীয়া হয় জবাব,
এইবাৰ যিয়ে ভুল ভোট কৰা,
কৰ্তন কৰিম বিষয় বাব ৷
নিজৰ ভোট হ'লে ঠিকেই গোটোৱা
ধন বল কৰি প্ৰয়োগ,
শুদ্ধ মনোনয়নৰ কালত সেয়ে নেকি
ভোগা হয় এনে দূৰ্ভোগ ৷
সঠিক ঠাইত চিনটো দিবলৈ,
হাতত কাৰো নাথাকে থৰ,
এইবাৰ হলে কাকো শুদাই নেৰিছো,
মোৰো পদ যোৱাৰ আছে দৰ৷
কোনো ভোট যাতে ক্ৰচ ভোটিঙত নাযায়
লিখি লোৱা কপালৰ আগত,
কোম্পানীৰ পৰা ৰাম খেদা খালে,
দোষো পৰিব মোৰেই ভাগত৷
মন্ত্ৰী হোৱাৰ সুখ যি যি পাইছা,
কিছুৱে পাবা কিছু লেটাৰ,
সুখ থাকিব যদি কোম্পানি থাকেগৈ,
সেইটোও ইম্পৰ্টেন্ট মেটাৰ ৷
ভোট বোলোতেই মনত পৰিল,
সকলো হোৱা এক গোট,
কেন্দ্ৰত যদি বিৰোধী সোমায়গৈ,
নাহিব দুৰ্নীতিৰ নোট ৷
শুবলৈ পাইছা এ চি সংসদত,
বিনা কামত পেঞ্চন ও বেতন
এইবোৰ পায়ো যদি গৰবৰ কৰা,
দিম এইবাৰ ৰাম খেদন৷
হো হোৱাই পৰে যেন চাবোকৰ কোব,
যদি কোনোৱে কৰে এনে ভুল,
হাঁহি দাই সকলোকে ধমক দি বুজালে,
হাত কোম্পানিৰ নতুন এই ৰুল ৷
পাঁচ বছৰ নাথাকেই কাৰো মাতষাৰ,
সংসদতো উপস্থিত নহয়,
ভেটি লোৱাৰ দৰে যদি ভোটটিকে দিয়া,
কামবোৰেই সহজ দেখোন হয় ৷
কেন্দ্ৰৰ গালি মোৰো মূৰত পৰে,
দিবলগীয়া হয় জবাব,
এইবাৰ যিয়ে ভুল ভোট কৰা,
কৰ্তন কৰিম বিষয় বাব ৷
নিজৰ ভোট হ'লে ঠিকেই গোটোৱা
ধন বল কৰি প্ৰয়োগ,
শুদ্ধ মনোনয়নৰ কালত সেয়ে নেকি
ভোগা হয় এনে দূৰ্ভোগ ৷
সঠিক ঠাইত চিনটো দিবলৈ,
হাতত কাৰো নাথাকে থৰ,
এইবাৰ হলে কাকো শুদাই নেৰিছো,
মোৰো পদ যোৱাৰ আছে দৰ৷
কোনো ভোট যাতে ক্ৰচ ভোটিঙত নাযায়
লিখি লোৱা কপালৰ আগত,
কোম্পানীৰ পৰা ৰাম খেদা খালে,
দোষো পৰিব মোৰেই ভাগত৷
মন্ত্ৰী হোৱাৰ সুখ যি যি পাইছা,
কিছুৱে পাবা কিছু লেটাৰ,
সুখ থাকিব যদি কোম্পানি থাকেগৈ,
সেইটোও ইম্পৰ্টেন্ট মেটাৰ ৷
No comments:
Post a Comment