AXD 218: 24TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 218: 24TH MAY 2013

AXD 218: 24TH MAY 2013

Share This
অসমীয়াৰ সুখ দুখ
প্ৰথম বছৰ ২১৮তম সংখ্যাঃ ২৪মে’ ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক
হাস্য ব্যংগ বিশেষত
  #ধ্ৰুৱজ্যোতি শইকীয়াৰ মহা-দুষ্ট পদ্য                   

বি পি এল দেশৰ আই পি এল…
বি পি এল, আই পি এল…
কত কি খেল,
জনতাৰ চিন্তা দুগুনে চৰিছে
মাৰিছে নিতৌ মেল…৷


ভাল খবৰঃ
১. জাপানৰ আশী বছৰীয়া য়ুচিৰো মিউৰাই জয় কৰিলে মাউণ্ট এভাৰেষ্টঃ এই শিখৰত ধ্বজ উৰুৱা বিশ্বৰ আটাইতকৈ বৰ্ষীয়ান ব্যক্তিৰূপে হ’ল পৰিগণিত ৷

২. গুৰগাঁৱত স্থাপন হ’ল দেশৰ নিৰাপত্তা বিশ্ববিদ্যালয়ৰ আধাৰশিলাঃ এই অনুষ্ঠানতে বায়ু সেনা প্ৰধানে ক’লে-এই বিশ্ববিদ্যালয়ে কৌশলগত সংস্কৃতিৰ প্ৰসাৰতাৰ কাম কৰিব আৰু দেশক সমালোচনাত্মক বিশ্লেষণৰে নিৰাপত্তা প্ৰদান কৰিব পৰা সুদক্ষ সামৰিক নেতৃত্বৰ সৃষ্টিত ই বিশেষ অৰিহণা যোগাব ৷

৩. আন ৰাজ্যতকৈ অসমত নাৰীৰ সামাজিক মৰ্যদা বেছি বাবেই বিগত দশকত নাৰীৰ সংখ্যা বৃদ্ধিত সৰ্বোচ্চ ১৯.৭ শতাংশৰ হাৰ আহৰণ কৰি দেশত এক আদৰ্শ স্থাপন কৰিব পাৰিছেঃ শিশুৰ(ছয় বছৰলৈকে) লিংগৰ অনুপাতত দেশৰ ভিতৰত তৃতীয় স্থানত থকা অসমত বৰ্তমান এহাজাৰ ল’ৰা শিশুৰ বিপৰীতে কণ্যা শিশুৰ সংখ্যা হ’লগৈ ৯৬২গৰাকী ৷

৪. আমেৰিকাৰ প্ৰখ্যাত লেখিকা লীডিয়া ডেভিছে জিনিলে ২০১৩ বৰ্ষৰ আন্তৰ্জাতিক মেন বুকাৰ বঁটা৷

৫. জনপ্ৰিয় আলোচনী ফৰ্বছৰ বিশ্বৰ শক্তিশালী মহিলাৰ তালিকাত দুই নাৰীঃ নৱম স্থানত ভাৰতীয় বোৱাৰী ছোনিয়া গান্ধী আৰু দশম স্থানত ভাৰতীয় মূলৰ ইন্দ্ৰা নুয়ী ৷

৬. কঁহৰাত স্থাপিত হ’ব বন্যপ্ৰাণী আৰক্ষী চকীঃ চোৰাংচিকাৰীৰ সতে মোকাবিলাৰ বাবে এই চকী স্থাপনৰ কথা ঘোষণা কৰিলে বনমন্ত্ৰীয়ে, লগতে ভাষণত শগুন সংৰক্ষণত গুৰুত্ব দিবলৈ জনালে আহ্বান ৷

৭. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ পৰিদৰ্শন কৰিলে বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতিনিধিয়েঃ প্ৰয়োজনীয় স্বীকৃতিৰ বাবে বিভিন্ন দিশৰ কৰিলে পৰ্যালোচনা ৷

৮. কৰ্ম, নিষ্ঠা আৰু সেৱাৰে নিজৰ দক্ষতা দেখুৱাই থৈ যোৱা, তথা পথ নিৰ্মাণত কৰ্মৰত অৱস্থাতে মাজৰাতি দুৰ্ঘটনাত পতিত হৈ আঁতৰি যোৱা অভিযন্তা প্ৰশান্ত ভূঞাক সোঁৱৰিলে মাজুলীবাসীয়েঃ বনগাঁৱত এক সুন্দৰ পাৰ্কত স্থাপন কৰিলে ভূঞাৰ আবক্ষ মূৰ্তি, তেখেতৰ কৰ্মস্পৃহা তথা আদৰ্শক জীয়াই ৰখাৰ বাবে ৰাইজে চলালে প্ৰচেষ্টা ৷

৯. আজিৰ পৰা নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হব অসম ৰাজ্যিক প্ৰীমিয়াৰ ফুটবল লীগঃ অসম ফুটবল সন্থাই আয়োজন কৰা প্ৰতিযোগিতাৰ ফাইনেল হব  ২ জুনত ৷

১০. সোণাপুৰৰ প্ৰকল্পত হব উৎপাদন, তাৰ পৰা দেশৰ আন অংশলৈ চিমেণ্টৰ যোগানৰ কামৰ শুভাৰম্ভঃ ষ্টাৰ চিমেণ্টে ৰাওনা কৰিলে চিমেণ্ট প্ৰথমটো ৰেক৷

চিন্তাজনক খবৰঃ
১. অসমৰ জনসংখ্যাই চুলে ৩.১২কোটিৰ সীমাঃ ধুবুৰীত জনসংখ্যা বৃ্দ্ধি সৰ্বাধিক, বিপৰীতে সৰ্বনিম্ন কোকৰাঝাৰত ৷

২. মটক জনগোষ্ঠীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগত পৱন সিং ঘাটোৱাৰ আৰু ৰাজু চাহুৰ প্ৰতিকৃতি দাহঃ ডিব্ৰুগড়ৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৷

৩. শিক্ষাৰ নামতো অসমত চৰম প্ৰৱঞ্চনাৰ জালঃ ছিকিম মনিপাল আৰু পাঞ্জাৱ টেকনিকেল ইউনিভাৰ্চিটিৰ ডিগ্ৰী ভুৱা বুলি সংবাদ শিৰোনামা প্ৰকাশ হোৱাত শংকিত হৈ পৰিছে ছাত্ৰ তথা অভিভাৱক সমাজ ৷

৬. এইবাৰ অভিযন্তাক ব্লেকমেইলিং, দিছে সুন্দৰীৰ টোপঃ মহানগৰীত ধৰা পৰিল বৃহৎ চক্ৰ, সাংবাদিক সহ একাধিক পলাতক৷

৭. অপৰাধীৰ ৰম্যভূমি গুৱাহাটীঃ ৩দিনত গুৱাহাটীত ১৭জনকৈ ডকাইত গ্ৰেপ্তাৰ৷ অচিনাক্ত ঘাতকে পাণ্ডুত মাতৃ-পুত্ৰক হত্যাকৰি সোণ ৰূপ লুটি নিয়াৰ নতুন খবৰে বিয়পালে চাঞ্চল্য ৷

৮. বানত ৭০ হাজাৰ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰৱল আশংকা ব্যক্ত কৰিলে কৃষি বিভাগেঃ আগতীয়াকৈ সাজু হোৱাৰ কথাও কৰিলে প্ৰকাশ ৷

৯. সন্দেহজনক পৰিস্থিতিত নগাঁও কাৰাগাৰত এজন হাজোতীৰ মৃত্যুৰ ঘটনা সংঘটিত ৷

১০. নিজা প্ৰশাসনিক ব্যৱস্থা থকাৰ পাছতো দিছপুৰলৈ কিয় যাব লাগে পুঁজি আনিবলৈঃ পুঁজিৰ ওপৰত প্ৰত্যক্ষ অধিকাৰৰ দাবীৰে এইবাৰ দিল্লীলৈ ওলাইছে বিপিএফৰ প্ৰতিনিধিৰ দল ৷

১১. বঙাইগাঁৱত আক্ৰাছুৰ বিহু উদযাপনত ধন দিয়াক লৈ শিল্পী কুমাৰ ভৱেশৰ সতে মতানৈক্যঃ দুই কিল’মিটাৰ দৌৰি প্ৰাণ লৈ পলাল শিল্পী ৷ খঙত ৰাইজে ভাঙিলে কেইবালক্ষ টকাৰ মঞ্চ তথা আন সামগ্ৰী ৷

ৰাষ্ট্ৰীয়ঃ

১. ইউপিএ চৰকাৰে প্ৰকৃততে খাদ্য নিৰাপত্তা বিল আৰু মাটি অধিগ্ৰহণ বিল পাছ কৰাবৰ  নিবিচাৰে বুলি অভিযোগ তুলি সমালোচনা কৰিলে বিজেপিয়ে ৷

২. আইপিএল স্পট ফিক্সিং কেলেঙ্কাৰীত শ্ৰীসান্থৰ বিৰুদ্ধে যথেষ্ট প্ৰমাণ থকা বুলি সদৰী কৰিলে দিল্লী পুলিচে৷ একে গোচৰৰ সন্দৰ্ভত মুম্বাই ক্ৰাইম ব্ৰান্সক এখন হোটেলে চিচি টিভিৰ ফুটেজ দিবলৈ অস্বীকাৰ কৰা বুলি বাতৰিত প্ৰকাশ পাইছে ৷

৩. চিবিআইক ক্ৰিয়াত্মক স্বাধীনতা প্ৰদানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগোটৰ বহিল বৈঠকঃ এক সৰ্বাত্মক ৰূপান্তৰৰ বাবে কৰিছে বিবেচনা ৷

৪. ক্ৰিকেটাৰ চাণ্ডিলাই আইপিএলৰ স্পট ফিক্সিংৰ বাবে ১২লাখ টকা পাইছিল বুলি প্ৰকাশ কৰিলে পুলিচে ৷

৫. কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা সম্বন্ধীয় সামগ্ৰী ক্ৰয়ৰ প্ৰক্ৰিয়াটো স্বচ্ছ বনোৱাৰ বাবে কাম কৰি আছে বুলি জনালে দেশৰ প্ৰধানমন্ত্ৰীয়ে ৷

৬. আন চহৰৰ লগতে গ্ৰীষ্মৰ লহৰে চুই গৈছে দেশৰ ৰাজধানী চহৰ দিল্লীকোঃ পাৰাস্তম্ভই চুলে নতুন অভিলেখ, ৪৫.৭ ডিগ্ৰী ৷

৭. ২০০৬চনৰ মালেগাঁৱ বিস্ফোৰণৰ ঘটনাত চাৰিজন হিন্দুক অভিযুক্ত কৰি চাৰ্জচীট দাখিল কৰিলে ৰাষ্ট্ৰীয় অনুসন্ধান এজেন্সীয়ে ৷

৮. উৰিষ্যাত ৩টা ভিন্ন দুৰ্ঘটনাত ১৩জন নিহত আৰু ৪৮জন আহত হোৱাৰ দুখজনক খবৰ ৷

৯. দিল্লী গণ ধৰ্ষণৰ ঘটনাত ৭জন পুলিচ বিভাগৰ কৰ্মচাৰীৰ ওপৰতো আৰম্ভ হ’ল বিভাগীয় তদন্ত৷

১০. আই আই এম বাংগালোৰত ভুৱা ফোনকলেৰে বোমাতংকঃ চৌহদ কৰা হ’ল ততাতৈয়াকৈ খালী ৷

১১. জনতা পাৰ্টিৰ অধ্যক্ষ ডঃ সুব্ৰমণিয়ম স্বামীয়ে শ্ৰীনগৰত জনালে সকলো কাশ্মীৰীলৈ আহ্বানঃ "পাকিস্তানৰ কথা পাহৰি যাওক, আৰু সঁচা ভাৰতীয় ৰূপে শান্তিৰে বসবাস কৰক" ৷

১২. অনলাইন ভিডিঅ’ৰ সতে কথাবতৰা চলি থাকোতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টিঃ ৱেব কেমত স্বামীয়ে চাই থাকোতেই পত্নী শোভানা চুৰাটীয়ে কৰিলে আত্মহনন, মুম্বাইৰ ঘটনা ৷

১৩. আই পি এছ বিষয়াই তুলিলে আঙুলি, ৰেলৱে মন্ত্ৰী হৈ থাকোতে কৰা দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত নিজকে নিকা প্ৰমাণ কৰি আহিবলৈ মমতা বেনাৰ্জীক আহ্বান জনালে পশ্চিমবংগৰ চিপিআই(এম) দলে৷

১৪. সাজিছে কাচিছে পাহাৰৰ ৰাণী শীমলাঃ প্ৰথম ৰবীন্দ্ৰ নাথ ঠাকুৰ বক্তৃতানুষ্ঠানত ভাষণ দিবলৈ ইণ্ডিয়ান ইনষ্টিটিউ অৱ এডভান্স ষ্টাডিজলৈ আহিব ৰাষ্ট্ৰপতি৷ ভাগ লব হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰ সমাবৰ্তন অনুষ্ঠানতো ৷

আন্তঃৰাষ্ট্ৰীয়ঃ

১. আমেৰিকাৰ ৰাষ্ট্ৰপতি বৰাক ওবামাই দেশবাসীক উদেশ্যি সন্ত্ৰাসবাদক মোকাবিলা কৰাৰ বিষয়ত অচিৰেই এক ভাষণ দিয়াৰ প্ৰস্তুতি চলাইছে ৷

২. দক্ষিণ-পশ্চিম পাকিস্তানৰ কোৱেটাত বোমা বিস্ফোৰণৰ ঘটনাঃ নিহত ১৩জন, তাৰে ১১জন নিৰাপত্তা বাহিনীৰ জোৱান৷

৩. শৰণাৰ্থীৰ বাবে পৃথিৱীখন বেছি বিপদজনক হৈ আহিছে বুলি ৰাষ্ট্ৰনেতা সকলৰ দৃষ্টি আকৰ্ষণ কৰিলে আন্তৰ্জাতিক মানৱ অধিকাৰ সংগঠনে ৷

৪. ইজৰাইলে কৰিলে অভিযোগ ইৰাণে বিশ্বৰ আন কাৰো হেঁচালৈ কেৰেপ নকৰেঃ ইফালে ইৰাণে চিৰিয়াক লৈ জেনেভা-২ সন্মিলনত অংশ লোৱাৰ বাবে প্ৰকাশ কৰিলে আগ্ৰহ ৷

৫. উত্তৰ কোৰিয়াই চীনলৈ পঠালে ৰাষ্ট্ৰদূতঃ চীনৰ পৰামৰ্শৰে কূটনৈতিক আলোচনাৰ বাবে আগবাঢ়িবৰ বাবে প্ৰকাশ কৰিলে আগ্ৰহ৷

৬. চীনৰ প্ৰধান মন্ত্ৰীয়ে পাকিস্তানৰ সৈতে মৈত্ৰীৰ পৰা বহুত সু-ফল লাভ কৰিব বুলি কৰিলে আশা প্ৰকাশ ৷

৭. জাৰ্মানীৰ চচিয়েল ডেমক্ৰেটিক পাৰ্টিৰ ডেৰশ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ আয়োজনঃ সমাজবাদী আদৰ্শই এক নতুন পথৰ সন্ধান পাব বুলি কৰিলে আশা প্ৰকাশ ৷

৮. ভেনিজুৱেলাত পুলিচ হেলিকপ্তাৰ দুৰ্ঘটনাত পাঁচজনৰ মৃত্যু ৷

৯. আমেৰিকাৰ ইমিগ্ৰেচন বিলৰ সংশোধনী প্ৰস্তাৱে পালে চীনেটত পেনেলৰ সমৰ্থনঃ নাগৰিকত্ব লাভৰ পথক লৈ চলি আছে সংশোধনী প্ৰস্তাৱৰ বিবেচনা ৷

১০. হাতৰ ঘড়ীত গোপন কেমেৰাৰে মহিলা ৰোগীৰ ৰেকৰ্ডিং কৰি ১২ বছৰৰ কাৰাদণ্ড লাভ কৰিলে বৃটেইনত কৰ্মৰত ডাক্তৰ ডাবিন্দৰ জিৎ বেইনচেঃ ৩৯টা যৌন নিৰ্যাতনৰ ঘটনা সৈ কাঢ়িবলৈ বাধ্য হ’ল এইজন ডাক্তৰ ৷
----------------------------
হাস্য ব্যংগ
গুজৱঃ
১. বনমন্ত্ৰীয়ে দিলে শগুন ৰক্ষা আৰু সংখ্যা বৃদ্ধিত গুৰুত্বঃ গঁড় মৰিলে শগুণ পৰাৰ আগতেই সাংবাদিক গৈ উপস্থিত হোৱাক লৈ প্ৰকাশ কৰিলে অসন্তুষ্টি, ক’লে সাংবাদিকতকৈ শগুনেই ভাল!

২.সাৰদাই সোণপুৰত ৩৪.১৯বিঘা ভূমি কিনাক লৈ সুখ পাইছে সাৰদাত ধন থোৱা ৰাইজেঃ অন্ততঃ সুদীপ্তই অসমৰ পৰা সেইখিনিতো উঠাই নিব নোৱাৰিব বুলি কৰিলে সন্তোষ প্ৰকাশ ৷

৩. অসমত প্ৰৱল জনবিস্ফোৰণৰ তথ্য প্ৰকাশ হোৱাত অভিনন্দন জনালে কৰুণ গগৈয়েঃ ক’লে ভোটাৰ বৃদ্ধিৰ জড়িয়তেহে কেন্দ্ৰত ৰাজ্যৰ বাঢ়িব গুৰুত্ব৷ সকলোকে মনপুতি এইক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ জনালে গোহাৰি, অহাবাৰ চীনক হৰুৱাবলৈ বান্ধি দিলে লক্ষ্য ৷

৪. আইপিএলৰ পৰা মেচ ফিক্সিং সংক্ৰান্তীয় কথাত সহযোগ নকৰা সকলো খেলুৱৈক বহিস্কাৰ কৰাৰ সিদ্ধান্তঃ ব্যৱসায়ীক কথা বতৰা বুজি নোপোৱা লোকৰ সতে খেলা কৰিবলৈ নাৰাজ হ’ল বিচিচিআই!

৫. ৰোমানিয়াৰ অভিনেত্ৰী  লুলিয়াৰ সৈতে ছলমান খানৰ বিয়া হব বুলি ওলাল খবৰঃ ছলমানে ক’লে-এইয়া আগৰবোৰৰ দৰে প্ৰেমৰ অভিনয়হে!

ৰসাল হিতোপদেশঃ
১. মানুহৰ ভাল গুণত দৃষ্টি দি সময়ৰ অপচয় নকৰিব,  দুৰ্বলতাবোৰ চিনি উলিয়াওক ৷ তেহে সুযোগ ল’ব পাৰিব ৷

২. আপোনাৰ সন্তানক অসমীয়া শিকাই বিপদত নেপেলাব, লোকসেৱা পৰীক্ষা সপোন থাকিলে ল’ৰাক তামিল, মালায়ালাম শিকাওক, সাহিত্য বিষয়ত সৰ্বোচ্চ নম্বৰ আহৰণ কৰি সফল হবলৈ ইয়েই উত্তম উপায়!

৩. সন্তানক টেবুলৰ তলেদি খাবলৈ অভ্যাস কৰক, এই অভ্যাসে তেওঁৰ ভৱিষ্যত অতি সমৃদ্ধিশালী কৰিব সেয়া খাটাঙ৷

৪. সৰিয়হৰ ডুলিত ভূত সোমোৱাৰ আগতেই খাৰলি আৰু পানী টেঙা বনাওক!

৫. কাৰোবাৰ প্ৰতি ফেচবুকত আকৃষ্ট হৈছে, ইনবক্সত অনুভূতি প্ৰকাশ কৰক, ফ্লাৰ্টিং আৰম্ভ কৰক ৷ 

৬. ছোৱালীৰ ঘৰৰ পদুলিয়েদি পাক মাৰি সময় নষ্ট কৰাতকৈ ফেচবুকৰ প্ৰফাইল খুলি চকুত চকু থৈ বহি থাকক ৷ অনুভূতিয়ে হেঁচি ধৰিলে ইনবক্স ব্যৱহাৰ কৰক, ই অতি সুৰক্ষিত, চৰ খোৱাৰো সম্ভাৱনা নাই!

৭. ফেচবুকত চাৰি হাজাৰ নশ ফ্ৰেণ্ড থকা ছোৱালীৰ পিছত পৰি কোনো লাভ নাই, কিয়নো আপোনাৰ সম্ভাৱনা আগতেই কোনোৱে নাশ কৰি পেলাইছে৷

৮. অসমীয়া নিউজ চেনেলৰ সন্ধিয়া সাতৰ বাতৰি চাই, লগে লগে ভাত এপেট মাৰি শুই দিয়ক ৷সপোনত এখন অপৰাধ মূলক চলচিত্ৰ বিনামূলীয়াকৈ দৰ্শন কৰিবলৈ পাবই ৷

৯.  দৰকাৰ পৰাৰ এসপ্তাহ আগৰে পৰা ফোনেৰে যোগাযোগ আৰম্ভ কৰি সু-হৃদয়তা জগাওক, কাম হাচিল কৰিবলৈ অনুকূল পৰিবেশৰো প্ৰয়োজন দিয়কচোন৷

১০. চালানী মাছ কিনিবলৈ যাওঁতে মাছটোৰ শ্ৰাদ্ধৰ দিন পাৰহৈ গ’ল নেকি সুধি ল’ব, পিছে ১১ দিনীয়া শংকৰীয়া নে এমাহৰ বামুনীয়া সেইটো সুধিবলৈ নাপাহৰিব!
--------------------



জুতি লগা আখলত


পংকজ বৰাৰ
আৰু আছে

No comments:

Post a Comment