AXD 221: 28TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 221: 28TH MAY 2013

AXD 221: 28TH MAY 2013

Share This
অসমীয়াৰ সুখ দুখ
প্ৰথম বছৰ ২২১তম সংখ্যাঃ ২৮মে’ ২০১৩
সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জনজীৱনৰ বাৰ্তাবাহক
১.কটন কলেজৰ ১১৩তম প্ৰতিষ্ঠা দিৱস উদযাপনঃ প্ৰাক্তন কটনিয়ানৰ মিলনেৰে উখল-মাখল হ’ল চৌহদ ৷ অন্যান্য বৰ্ণাধ্য কাৰ্যসূচীৰ লগতে শিল্পী মনজিৎ ৰাজখোৱাৰ বেটুপাত আৰু শিল্প-কৰ্মৰ অনুষ্ঠিত হ’ল প্ৰদৰ্শনীৰ ৷

২. অসমত ক্ৰমাৎ দুস্প্ৰাপ্য হৈছে মেজাংকৰি, তাৰ বিপৰীতে এই সঁচেৰে কৰ্ণাটকত ব্যৱসায়িক খেতিয়ে লাভ কৰিছে উদ্যোগৰ ৰূপঃ উৎপাদিত প্ৰতি লিটাৰ তেলৰ মূল্য প্ৰায় ৯০০টকা ৷

৩. চিবিএছই উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাঃ পূৰ্বোত্তৰৰ সফলতাৰ হাৰ ৭৭ শতাংশ, ছাত্ৰীৰ সফলতাই পালে আধিপত্য ৷

৪. লক্ষ্য পৌৰ নিগম নিৰ্বাচনঃ গুৱাহাটীৰ সমস্যাৰ বাবে বিশেষ পেকেজৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে 

৫. ভেটী লৈ নিজ কাৰ্যালয়তে আটক হ’ল বিদ্যুত উপ-সংমণ্ডল বিষয়া গকুল দলেঃ চিপাঝাৰৰ এনে ঘটনাক উল্লাসিত হ’ল দুৰ্নীতিবিৰোধী ৰাইজ৷

৬. গুৱাহাটীৰ পৌৰ সভাৰ নিৰ্বাচনঃ প্ৰাৰ্থীত্বৰে মনোনয়ন দাখিল কৰিলে সৰ্বমুঠ ৫৫৯গৰাকীয়ে ৷

৭. আঘাতপ্ৰাপ্ত, পৰিত্যক্ত কুকুৰৰ শুশ্ৰূষাৰ বাবেই বহুজাতিক কোম্পানীৰ চাকৰি ত্যাগ কৰি আন এক পথ দেখুৱালে দিল্লীৰ ছিমি মলহোট্ৰাইঃ মুঠ ৩৯টা কুকুৰক উদ্ধাৰ কৰি চিকিৎসা তথা আশ্ৰয় প্ৰদানেৰে জীৱ-জন্তুৰ প্ৰতি এনে ত্যাগৰ বাবে তেখেতে লাভ কৰিলে সংবাদ শিৰোনামা৷

চিন্তনীয় খবৰঃ
১. মহানগৰী ও উপকণ্ঠ অঞ্লত ব্যাপক হাৰত জনজাতি ব্লক আৰু বেল্টৰ মাটি অনিয়েমেৰে গতাইছে অজনজাতিকঃ ৰাজহ বিভাগৰ এনে কেলেংকাৰীয়ে আনিব বিটিএডিৰ দৰে ভয়াবহ সংঘাত অচিৰেই, এই শংকা প্ৰকাশ কৰিলে সংবাদ মাধ্যমে ৷

২. মেডিকেলৰ বাচনি পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থীঃ শিলচৰত আৰু এজন প্ৰৱঞ্চক গ্ৰেপ্তাৰ ৷

৩. অপৰাধী ঘাতকৰ ৰময্ভূমিত পৰিণত হৈছে নগাঁওঃ গেৰুৱাআটীত দুৰ্বত্তৰ গুলীত ৩জন নিহত, আহত ৪৷ ডকাইত, মাফিয়াৰ মাজত অবৈধ অস্ত্ৰৰ পয়োভৰে শংকিত কৰিছে সাধাৰণ জনতাক৷

৪. ৰাজীৱ ভৱনত প্ৰকাশ কৰিলে অংকৰ হিচাবঃ গগৈ-কলিতা-ঘাটোৱাৰ-হাচমিয়ে একেলগে ক’লে, ৰাজ্য সভাৰ দুয়োখন আসন বিজয়ী হব কংগ্ৰেছী প্ৰাৰ্থী 

৫. গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ আঁচনিৰ পৰ্যালোচনা সভাঃ কিছু বিধায়কক সীমা চেৰাই নাযাবলৈ সকিয়নি দিলে মুখ্যমন্ত্ৰীয়ে ৷

৬. ১৯৯৭চনতে সংঘটিত লোমহৰ্ষক হত্যাৰ গোচৰত মৰিগাঁৱৰ আদালতৰ ৰায়ঃ তিনি অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড৷

৭, এইবাৰ ধৰা গুৱাহাটীত পৰিল নয়দাৰ নতুন প্ৰৱঞ্চকঃ পলিচি নম্বৰ সংগ্ৰহ কৰি লাইফ ইন্সুৰেঞ্চৰ পৰা উলিয়াইছিল আনৰ টকা ৷

৮. মহানগৰীৰ কিশোৰী ডিমাপুৰত হ’ল উদ্ধাৰঃ ধৃত নাৰী ব্যৱসায়ী মহিলাই উন্মোচিত কৰিলে দেহ সৰবৰাহৰ গোপন শৃংখল ৷

৯. যোৰহাটৰ নিমাতীৰ খহনীয়া প্ৰতিৰোধত ব্যাপক অনিয়মঃ নিম্নমানৰ জিঅ’বেগেৰে মন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰে লুণ্ঠন চলাইছে বুলি অভিযোগ তুলিলে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে ৷

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়ঃ
১. ছত্তীশগড়ত মাওবাদীৰ পুনৰুত্থানে শংকিত কৰিছে কেন্দ্ৰকঃ বিগত বৰ্ষ সমূহত কূটাঘাত কমি অহাৰ বিপৰীত ছবিকৈ গৃহ মন্ত্ৰালয়ৰ মজিয়া উত্তপ্ত ৷

২. মাওবাদীৰ আক্ৰমণত আহত কংগ্ৰেছী নেতা ভি চি শুক্লাক খবৰ কৰিলেগৈ লালকৃষ্ণ আদৱানিয়েওঃ এনে আত্ৰমণৰ পৰিপেক্ষিতত স্থগিত ৰাখিলে বিজেপিৰ জেল ভৰ’ আন্দোলন আৰু আম আদমি পাৰ্টিয়েও দিলে গৰিহণা ৷

৩. উত্তৰ প্ৰদেশত জলাশয়ত বাগৰি পৰিল যাত্ৰীবাহী বাছঃ শিশু-মিহালাসহ ২১জনৰ প্ৰাণনাশ আৰু বৃহৎ সংখ্যক আহত হোৱাৰ দুখৰ খবৰ ৷

৪. বিধংসী সামুদ্ৰিক বতাহে বিধ্বস্ত কৰা ওক্লাহ’মা পালেগৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিঃ নাগৰিক সকললৈ আগবঢ়ালে সহায়ৰ হাত ৷

৫. পুনেৰ য়েৰৱাদা কাৰাগাৰত সঞ্জয় দত্তৰ স-শ্ৰম কাৰাদণ্ডঃ পেপাৰ বাইণ্ডিঙৰ কামত ব্যস্ত হোৱাৰ খবৰ৷

No comments:

Post a Comment