মঙ্গলবৰীয়া জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মঙ্গলবৰীয়া জুতি লগা আখল

মঙ্গলবৰীয়া জুতি লগা আখল

Share This
কলডিল আৰু আলুৰ পিটিকা 



উপকৰণঃ (চাৰিজনৰ বাবে)
কুমলীয়া কলডিল এটা
ডাঙৰ চাই আলু এটা
পিয়াজ এটা
আদা এটুকুৰ, জলকীয়া তিনিটা
মিঠাতেল, নিমখ (নিজৰ আন্দাজমতে)


ৰন্ধন প্ৰণালীঃ
এটা কুমলীয়া কলডিলৰ বাহিৰৰ টান বাকলিবোৰ এৰুৱাই পেলাওক৷ ভিতৰৰ কোমল অংশটোৰ আধা ৰন্ধনৰ বাবে যুগুতাই ল’ব ৷ তাৰে বাবে এই অংশ কলডিলো দুফাল কৰি ললে ভাল ৷

আলুটো বাকলি গুচাই লওক৷ 
এতিয়া কলডিল আৰু আলু, অলপ পৰিমানৰ পানীৰ সৈতে প্ৰেচাৰ কুকাৰত দি ৪টা মান হুইচেল বজালৈকে সিজাওক৷

গেছৰ জুই চীমতেই ৰাখিব৷
এতিয়া গৰমে গৰমে তাক উলিয়াই এখন থালত লৈ কাটি থোৱা পিয়াজ, জলকীয়া, আদাৰ সৈতে তেল নিমখ দি পিটিকি লওক৷ গৰমে গৰমে নিপিটিকিলে কলডিলটো পিটিকিবলৈ অসুবিধা হয় ৷


পচন্দ মতে আপুনি পৰিবেশনৰ সময়ত কেঁচা ধনিয়াৰ পাতো দি দিব পাৰে ৷ লগতে মিঠাতেল যদি পকা অঙঠাত দি দিব পাৰে, তেন্তে আন এক অনন্য সুগন্ধ আপুনি ইয়াৰ সতে যোগ দিব পাৰিব৷

গৰমে গৰমে খোৱাৰ টেবুলত পৰিবেশন কৰক আৰু পেটৰ বাবে অতি উপকাৰী এই ব্যঞ্জনৰ সোৱাদ লওক ৷
শেহতীয়া ৰেচিপিৰ বাবে তলৰ শিৰোনামাত ক্লিক কৰকঃ
১. তিল দিয়া কুকুৰাৰ মাংস

No comments:

Post a Comment