Tuesday, May 28, 2013

সোঁতৰ বিপৰীতে

অভিযান্ত্রিক শিক্ষাত স্বাৱলম্বিতাঃ সময়ৰ আহ্বান
#টুৱাৰাম দত্ত


আজিৰ পৰা এটা দশক আগৰ সময়ৰ তুলনাত এতিয়া যেন ভাৱ হয় অসমত অভিযন্তা হোৱা সহজ ৷ চৰকাৰী-বেচৰকাৰী দুয়োটা খণ্ডতেই ভালেকেইখন নতুন কলেজ হ’ল ৷ চৰকাৰৰ আৰু কেবাখনো নতুনকৈ আৰম্ভ কৰাৰ প্ৰস্তাৱ আছে ৷ কিন্তু ভালেকেইটা সমীক্ষামতে প্ৰায়বোৰ উত্তীৰ্ণ অভিযন্তাই হেনো কৰ্মক্ষেত্ৰৰ অনুপযোগী (Not readily employable) ৷

আজিৰ দিনত অসমত অভিযান্ত্রিক মহাবিদ্যালয় বা সমপৰ্যায়ৰ শিক্ষানুষ্ঠানত শিক্ষা লৈ অভিযন্তা হব পৰা আসনৰ সংখ্যা প্রায় চাৰি হাজাৰমান হব। ৰাজ্যৰ বাহিৰত পঢ়িবলৈ যোৱাসকলৰ কথা সদ্যহতে বাদ দি যদি আলোচনা কৰা হয় (তেওঁলোকে বাহিৰতেই সংস্থাপন পাব বুলি ধৰি লোৱা হ’ল) তেনেহ’লে প্রতি বছৰে চাৰিহাজাৰ অভিযন্তাক চৰকাৰে চাকৰীৰ যোগান ধৰিব পাৰিবনে? এক কথাত নোৱাৰে। তেনেহলে চৰকাৰৰ হাতত বিকল্প কি পথ খোলা আছে?

এটা কথা সত্য যে যিমানেই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ হৈছে সিমানেই বিভিন্ন উদ্যোগ প্ৰকল্প আদিত মানৱ কৰ্মীৰ প্ৰয়োজনীয়তা কমি আহিছে ৷ গতিকে ভৱিষ্যতে চৰকাৰী-বেচৰকাৰী সকলোতে চাকৰিৰ পৰিমাণ দুখলগাকৈ কমি আহিব বা ইতিমধ্যে আহিছেই ৷ অথচ চাকৰি-প্ৰাৰ্থীৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে ৷ তাতে এতিয়া প্ৰায়বোৰ চৰকাৰী প্ৰতিষ্ঠান বেচৰকাৰীকৰনৰো ধুম উঠিছে ৷ গতিকে অদূৰ ভৱিষ্যতে বুজন সংখ্যক যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি যে নাপায় সি ধ্ৰুৱ সত্য ৷ তদুপৰি অসমত উদ্যোগ প্রকল্প ইত্যাদিৰ সংখ্যা এনেয়েও লগাতকৈ বহুত কম। 

গতিকে যি সকল যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি নাপায় তেওঁলোকৰ বাবে চৰকাৰৰ হাতত অন্য কিবা বিকল্প কাৰ্যসূচী আছে নেকি? আমাৰ পাঠ্যক্রম বোৰত তাৰ কিবা দিক-নিৰ্দেশণা আছে নেকি? যদি নাই আমাৰ বোধেৰে থাকিব লাগে। আমাৰ অভিযান্ত্রিকৰ পাঠ্যক্রম বোৰত নিজকে সফল উদ্যোগী ৰূপত গঢ় দিবলৈ প্রয়োজনীয় দিশবোৰৰ ওপৰত আলোচনা হোৱাৰ দৰকাৰ। নিজকে স্ব-নিৰ্ভৰশীল কৰি তুলিবলৈ ছাত্র-ছাত্রী সকল কেনেদৰে আগবাঢ়িব লাগিব সিবিলাকৰ বিতং আলোচনা পাঠ্যক্রমত থাকিব লাগিব। একোজন অভিযন্তা মানে বাস্তৱ-সন্মত সমস্যাৰ সমাধান, নেতৃত্বৰ গুণ,উদ্ভাৱনী-চিন্তা, সৃজনশীলতা, গুণগত মানদণ্ডসম্পন্ন কৰ্ম কুশলতা আৰু অন্য বহুতো ৷ ভাটৌৰ দৰে আওৰাব পৰা সহজ, পোন বাটেৰে, আও-পুৰণি পাঠেৰে কাগজৰ অভিযন্তাৰ সৃষ্টি কৰিব পাৰি, কিন্তু বাস্তৱৰ পৃথিৱীত তেওঁলোকৰ অৱদানেৰে দেশ তথা স্বজাতিৰ উন্নয়ন সম্ভৱ কৰি তুলিব নোৱাৰি।

অসমত যিসকল ইতিমধ্যেই অভিযন্তাৰ চাকৰিত আছে সেইসকল এসময়ৰ অত্যন্ত মেধাৱী, তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ-ছাত্ৰী ৷ কিন্তু তেওঁলোকৰ মেধাৰ প্ৰকৃত ব্যৱহাৰ হৈছেনে ? কৰ্মস্থলীত বৃত্তিগত শিক্ষাৰ সু-প্ৰয়োগৰ অৱকাশ কেতিয়াবা পাইছেনে ? বাস্তৱ জীৱনত আমি কি দেখা পাও ৷ প্ৰত্যেকেই একো একোজন কাৰিকৰী কেৰাণী ৷ অফিচৰ টেবুলত ফাইল ইফাল সিফাল কৰোতেই যেন সমাপ্তি ঘটে কষ্টোপাৰ্জিত মহা-মূল্যৱান কাৰিকৰী জ্ঞানৰ বন্তি-শিখা ৷কৰ্মস্থলীত নাই কোনো উপলব্ধ জ্ঞানৰ প্ৰয়োগৰ অৱকাশ ৷ উদ্ভাৱনী-চিন্তা, সৃজনশীলতা, গুণগত মানদণ্ডসম্পন্ন কৰ্ম কুশলতা- ইত্যাদিবোৰ একো একোটা অচিন,অপৰিচিত শব্দৰ সমষ্টি ৷ আঁচনি কৰা ৷ আঁচনিৰ সুৰুঙাৰে কিমান উলিয়াব পাৰি উলিয়াই লোৱা – এয়ে যেন মানসিকতা ৷

দুই তিনিটা কোটিটকীয়া অট্টালিকা, বিলাসী কেবাখনো গাড়ী, চহৰৰ মাজমজিয়াত দুই তিনিটা কোটিটকীয়া মাটিৰ প্লট, নামে-বেনামে অগাধ সম্পত্তি –এয়াই আজিৰ দিনত জনসাধাৰণৰ মনত গঢ়ি উঠা চাকৰীয়াল অভিযন্তাৰ ভাৱমূৰ্তি। অভিযান্ত্রিক শিক্ষা মানেই যেন বক্র পথেৰে ধন ঘটাৰ পাছপোৰ্ট। কিন্তু এয়া জানো সকলোৰে ক্ষেত্রত সত্য? নিশ্চয় নহয়। আৰু এনে এক বিকৃত তথা পক্ষপাতদুষ্ট ভাৱমূৰ্তিৰ আকৰ্ষণতেই এতিয়া সৰহসংখ্যকেই অভিযন্তা হোৱাৰ দৌৰত নিমগ্ন। 

আজিৰ অভিযান্ত্রিকৰ ছাত্র-ছাত্রীয়ে অনিশ্চিত ভৱিষ্যত এটাৰ লগত মুখামুখি হব পৰাকৈ নিজকে সাজু কৰাৰ সময় সমাগত ৷ আচলতে অনিশ্চয়তাইহে মানুহক শক্তিশালী, সুযোগ সন্ধানী, সদা-সচেতন তথা কৰ্মঠ কৰি তোলে ৷ তদুপৰি আমি নিজে বাছি লোৱা ক্ষেত্ৰ এখনতহে আমাৰ সামৰ্থ্যৰ প্ৰকৃত বিকাশ সাধন কৰাৰ সুযোগ পোৱা যায় ৷ চৰকাৰী চাকৰিত চতুৰ্দিশৰ পৰা নানান সীমাৱদ্ধতা ৷


আজিৰ অভিযান্ত্রিক শিক্ষাৰ ছাত্র-ছাত্রী সকলৰ বাবে স্বাৱলম্বিতাৰ শিক্ষা সময়ৰ এক আহবান।
---------------------------------

No comments:

Post a Comment