বৃহস্পতিবাৰৰ মহাদুষ্ট পদ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বৃহস্পতিবাৰৰ মহাদুষ্ট পদ্য

বৃহস্পতিবাৰৰ মহাদুষ্ট পদ্য

Share This
ভোট ষ্টৰি…
#ধ্ৰুৱজ্যোতি শইকীয়া
শুনক বুজক অবুজ ৰাইজ,
পাঁচ বছৰৰ পিছত হ'ল দেখা,
কামৰ হেঁচা ইমানেই আছিল
সময় আৰু ব্যস্ততাৰ মুখা ৷

কামৰ হিচাপনো কেনেকৈ দিওঁ,
পাঁচ বছৰত কি ডাল কৰিম,
এইবাৰ যদি সুবিধাতো নিদিয়ে,
কাম নকৰাৰ দায়তে পৰিম ৷

কাকতে পত্ৰই যিবোৰ পঢ়িছে,
চকুচৰহাৰ পৰিছো ৰোষত,
ৰাইজৰ কাম নিষ্ঠাৰে কৰিছো,
নাথাকি স্বয়ং সুখত ৷

যোৱা কথা গ'ল পাহৰি যাওক,
কিবা হ'ল কিবা নহ'ল,
পাঁচ বছৰ পালে এইবাৰ দিম,
প্ৰতি ৰাস্তা আহল বহল ৷

ঘৰে ঘৰে হব চৰকাৰী চাকৰি,
উন্নত হব লাইফ ষ্টাইল,
ৰাইজৰ উন্নতিৰ হকে এইবাৰ,
হাতত আছে প্ৰগতিৰ ফাইল ৷

বৰ পুখুৰীৰ পানী সিচোঁতে,
শিঙি মাছে এনেয়েও ফুটে,
ৰাজনীতিৰ কাজ যিয়ে কৰে
তাকে বদনামে েপোতে৷

আইন আছে আদালত আছে,
আমাৰে আছে দেখোন ভয়,
আইনৰ চকুত সকলো সমান,
জানে ৰাইজ নিশ্চয়…৷

দুৰ্নীতি যদি সঁচাই কৰিছো
শাস্তি আমিও পাম,
এনে অপবাদ শুনো যেতিয়াই,
লওঁ আমি হৰি নাম ৷

সেইবোৰ কথাত কাণ নিদিব,
বিৰোধীৰ অপ-প্ৰচাৰ,
আমি থকালৈকে কোনেও নোৱাৰে,
কৰিব ভ্ৰষ্টাচাৰ ৷

ভোট দিয়ক ভোট দিয়ক,
চৰকাৰ হওক আমাৰ,
আমি মাত্ৰ পাত্ৰ মাটিৰ
আপোনাসবেই কমাৰ ৷

মাটিৰ হকে কাম কৰি এদিন
মাটিতে মিলি যাম,
আপোনাসবৰ কষ্টৰ উপাৰ্জন,
মাত্ৰ মস্তি মাৰি খাম ৷

No comments:

Post a Comment