বুধবৰীয়া ৰসাল হিতোপদেশ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বুধবৰীয়া ৰসাল হিতোপদেশ

বুধবৰীয়া ৰসাল হিতোপদেশ

Share This
জালুকবাৰী বিশেষ 

১. জালুকবাৰীৰ আকাশ কবিৰ দৃষ্টিত অধিক ৰঙা হোৱাৰ কাৰণ কৃষ্ণচূড়াৰ ফুল নহয়, কোনোবা ধুনীয়া ছোৱালীৰ চূৰ্ণীৰ ৰঙহে!

২. মেডিকেলত যেনেকৈ ভাল পিজি নোপোৱালৈ প্ৰেমত অকে নহয়, আজিকালি জালুকবাৰীতো নেট, শ্লেট নোহোৱালৈ সকলো দাদা, বন্ধুহে, মানে সম্পৰ্ক ভেন্সাৰ হৈয়ে ৰয়!

৩. কুমলীয়া ঘাঁহ বিচাৰিলে দীঘলীপুখুৰীৰ পাৰলৈকে যাওঁক, জালুকবাৰীৰ ভটিয়নী ঘাটত দলঘাঁহ আৰু নল-বিৰিণাৰ বাহিৰে আন একো আশা নকৰাই ভাল ৷

৪. প্ৰেমিক বন্ধুৰ কোঠাত কম্বাইণ্ড ষ্টাডিত গুৰুত্ব দিয়ক, মৰমে জীপাল কৰা পৰিৱেশত পঢ়াশুনাৰ কথাবোৰ এনেয়েও সহজে মগজুত সোমায়৷

৫. বেছি নম্বৰ বিচাৰি ডেকা/বুঢ়া অধ্যাপকৰ কোৱাৰ্টাৰলৈ যাওঁতে সাৱধান, লাইভ নিউজে কাৰ মুখ কেতিয়া ক’লা কৰি পেলায় একো ঠিক নাই৷

৬. জালুকবাৰী বুলিলেই প্ৰেম, সেই কথা মিচা; মাজৰাতি ল’ৰাৰ হোষ্টেলৰ কৰিডৰত ভৰি থলেই গম পাব, আচলতে বেছিভাগেই মাতাল, কাৰণ জালুকবাৰীয়ে বেছিভাগৰে হৃদয় জ্বলায়, কাৰণ প্ৰেমৰ নিচা!

৭. জালুকবাৰীত চিনাকি যদি সোনকালেই চিনেমা চাবলৈ লগ ধৰক, এনেয়ে সময় নষ্ট কৰি থাকি লাভ নাই৷

৮. জালুকবাৰী বুলিলেই শৰ্মা শৰ্মা বুলি ভুল নাভাবিব; সাতমাইলৰ সংখ্যাগুৰু আহমেদদা, উত্তৰ পাৰৰ বৰ্মনদা, কাষৰ পাহাৰৰ সংখ্যালঘু বড়ো-কাৰ্বি ভাইহঁতক সঠিক মেনেজ কৰাতহে এইখন শৰ্মাময় হৈ আছে৷

৯. চেগ বুজি ছোৱালী হোষ্টেলৰ ফালে সঘন পাক মাৰক, মনত ৰাখিব সেইবোৰতো বেছিভাগেই নিসংগ নাৰী! ভাগ্যই কাক কেতিয়া লগ দিয়ে কি ঠিক ৷

১০. জালুকবাৰীতে মাত্ৰ শিক্ষাৰ শেষ বুলি ভাবি নলব, চাকৰি পোৱাৰ লগে লগেই পুৰণা সম্পৰ্কবোৰো শেষ কৰি নতুন সংগীৰ সন্ধান কৰিবলৈ নাপাহৰিব৷ শুভেচ্ছা থাকিল ৷

মঙ্গলবৰীয়া "ফেচবুক বিশেষ" ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷
সোমবাৰৰ "গাভৰু বিশেষ" ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷


6 comments:

  1. nijor matri vaxa r unnoti hua dekhile val lage. asha korisu aru aag bahok aru jiman paru amiu xohai aagboham. vobisyote axomiya t likhibo sesta korim.

    ReplyDelete
  2. নিশ্চয়... অসমীয়াত লিখিবলৈ শিকিবলৈ www.kuhipat.org চাওক৷ অসুবিধা হ’লে আমাক জনাব ৷

    ReplyDelete
  3. জালুকবাৰী নামটো দেখি সকলোতে জালুক দেখিবলৈ পাব বুলি ভুল নকৰিব৷ কৃষ্ণচুড়াৰ ৰমক জমক ফুলেহে আপোনাক আদৰণি জনাব৷ আপুনি জালুকৰ সন্ধান কৰেনে কৃষ্ণচুড়াৰ সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব !!

    ReplyDelete
  4. Bhal lagil ... kintu 3 no point tuhe olop besi hua jen lagil .. GU r suali bure dekhile bor bea pabo kintu.. amibure obosye bhalei paisu...

    www.kuhipat.org site tu delete kari dile neki ? unavailable dekhuaise..

    ReplyDelete
  5. ধন্যবাদ সুখদুখডটকম। পঢ়ি ভাগিল। কিন্তু ৩ নম্বৰ পইন্ট টু অকল গুৱাহাটীৰ ছোৱালীবোৰে দেখিলে কিয় বেয়া পাব। বেলেগৰ ছোৱালী নাযায় নেকি? হা: হা: হা:

    ReplyDelete