ৰসাল হিতোপদেশঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰসাল হিতোপদেশঃ

ৰসাল হিতোপদেশঃ

Share This
জীৱন বিশেষঃ

১. সফল মানুহ সেইজনেই, যি তেওঁৰ পত্নীয়ে খৰছ কৰিব পৰাতকৈ অধিক ধন আৰ্জন কৰিব পাৰে৷ আৰু সফল নাৰী সেইগৰাকীয়েই যি তেনে এজন মানুহক পতি বৰণ কৰিব পাৰে ৷

২. মই বিশ্বাস কৰো যে জীৱনে যদি আমাক এটা নেমু দিয়ে, তাৰ চৰৱত বনাই খাব লাগে আৰু......তেনে এজন বন্ধুৰ সন্ধান কৰিব লাগে যাক জীৱনে সুৰা দিছে, আৰু তেওঁক লৈ পাৰ্টি মনাব পাৰি ৷

৩. সুৰা হ’ল এটা শক্তিশালী সাক্ষী এই কথাৰ যে, ভগৱানে আমাক খুৱ ভাল পায়, আৰু এইটো পান কৰি আমাক সুখী হৈ থকাটোকে চাবলৈ বিচাৰে ৷

৪. আপুনি যদি সুন্দৰী এগৰাকীৰ সৈতে মহলা মাৰি আছে, তেন্তে এঘণ্টাও যেন দহ মিনিট হেন লাগিব আৰু গৰমত জুহালৰ কাষত অকলে বহি থাকিলে দহ মিনিটো দহঘণ্টা যেন লাগিব৷ সেয়াই হেনো আইনষ্টাইনৰ আপেক্ষিকতাবাদ৷

৫. জীৱনটোক বেছি চিৰিয়াচলি নলব, নহ’লে ই আপোনাক জীয়াই থাকিবলৈকে নিদিব৷

৬. যি সকলে সুৰাপান নকৰে তেওঁলোকৰ প্ৰতি সঁচাকৈয়ে সহানুভূতি উপজে, গোটেই দিনটো একেটা মুডতে থকাৰ কষ্টকন সহ্য কৰাৰ বাবে৷

৭. জ্ঞানীজনৰ বাবে উপদেশৰ কোনো মূল্য নাই, মুৰ্খজনৰ বাবেহে আচলতে উপদেশবোৰ লাগে ৷

৮. যি কোনো ছোৱালীয়ে গ্লেমাৰ আহৰণ কৰিব পাৰে, মাত্ৰ অলপ ধৈৰ্য লাগে আৰু অলপ বুৰ্বক বুলি গ্লেমাৰ দিয়া সকলৰ আগত প্ৰদৰ্শন কৰিব লাগে ৷

৯. পুৰুষ এজনকৈ মহিলাৰ মন খুবেই বেছি চাফা থাকে, কিয়নো তেওঁলোকে অতি কম সময়তে মন সলনি কৰি থাকে ৷

১০. গৱেষণাত যদি কোনো এটা তথ্য আপোনাৰ সূত্ৰত খাপ খোৱা নাই, তেন্তে সেই তথ্যটোকে বাদ দিয়ক ৷

No comments:

Post a Comment