আজিৰ সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ সুখ দুখৰ বতৰা

আজিৰ সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. বৰপেটাত গঢ়ি তুলিব লগীয়া "গুৰু মিলন ক্ষেত্ৰ" সাংস্কৃতিক প্ৰকল্পলৈ ড’নাৰ মন্ত্ৰালয়ে দিলে ৫কোটি টকাৰ অনুদানঃ কলাক্ষেত্ৰৰ আৰ্হিৰে এই ক্ষেত্ৰ গঢ়ি তোলাৰ বাবে লোৱা হৈছে প্ৰচেষ্টা ৷

২. অনাগত অম্বুবাচী মেলা উপলক্ষে অসম পৰ্যটন বিকাশ নিগমৰ সহযোগত বিশ হাজাৰ তীৰ্থ যাত্ৰীয়ে কেম্প কৰিব পৰাকৈ ব্যৱ্স্থা কৰিছে জিলা প্ৰশাসনেঃ নিৰাপত্তাৰ বাবে লগোৱা হব ক্ল’জ চাৰ্কিট কেমেৰা, পৰিবহনৰ বাবে পঞ্চাশখনকৈ বাচৰ বিশেষ চলাচলৰ ব্যৱস্থা ৷

৩. আজিৰ পৰা দিল্লীৰ আম্বেদকাৰ ষ্টেডিয়ামৰ ভাৰতীয় জাতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীৰ তত্বাৱধানত নৱ-প্ৰতিভাক উজলাই তোলাৰ বাবে আৰম্ভ হব সাত দিনীয়া গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ৷

৪. ড’নাৰ মন্ত্ৰালয়ে আঞ্চলিক এডভেঞ্চাৰ ইনষ্টিটিউট স্থাপন কৰিব মণিপুৰৰ চূড়াচান্দপুৰ জিলাৰ লামদানতঃ মনিপুৰ চৰকাৰে ৰাজ্যৰ প্ৰথম গৰাকী এভাৰেষ্ট বিজয়ী মহিলা  আৰু  দেশৰ আটাইতকৈ কম বয়সীয়া এভাৰেষ্ট বিজয়ীকে ধৰি মণিপুৰৰ আন আন সফল পৰ্বতাৰোহী সকলক ১০লাখকৈ টকাৰে কৰিলে পুৰষ্কৃত ৷

৫. গুৱাহাটী মহানগৰৰ পৌৰ সভা নিৰ্বাচনলৈ সাজু প্ৰশাসন আৰু আৰক্ষীঃ ভোটকেন্দ্ৰত ক্ল’জ চাৰ্কিট কেমেৰা সংস্থাপনৰ কৰিছে ব্যৱস্থা ৷

৬. বিশ্ববেংকৰ প্ৰায় ৪০০ মিলিয়ন ডলাৰ পুঁজিৰে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে অসম ৰাজ্যিক পথ প্ৰকল্পঃ ৫২৮ কিল’মিটাৰ ৰাজ্যিক পথৰ উন্নীতকৰণৰ বাবে লোৱা হৈছে এই প্ৰকল্প ৷

৭. অৱশেষত এল’ অ চি কেলেংকাৰীৰ চাৰি অভিযুক্ত জেললৈ প্ৰেৰণৰ ৰায় দিলে ন্যায়ালয়ে ৷

৮. অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ নতুন সভানেত্ৰী ৰূপে নিযুক্তি লাভ কৰিলে জ্যেষ্ঠা নেত্ৰী মৃদুলা চহৰীয়াই ৷

৯. অসমৰ পৰবৰ্তী মুখ্য সচিব ৰূপে নিযুক্তি লাভ কৰিলে বৰ্তমানৰ অতিৰিক্ত মুখ্য সচিব পি পি বাৰ্মাইঃ ১জুলাইৰ পৰা গ্ৰহণ কৰিব দ্বায়িত্ব ৷

১০. সুন্দৰ সাধক অনন্তৰাম দাস বঁটা ২০১৩ ওদালগুৰি জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰলৈঃ শলাগনীয় সাহিত্য আৰু সামাজিক কৰ্মৰাজিৰ স্বীকৃতি প্ৰদানৰ অৰ্থেই এই বঁটাৰ বাবে নিৰ্বাচিত কৰা বুলি ন্যাসৰক্ষী সমিতিয়ে জনাইছে ৷

১১. ঢেকীয়াজুলিত প্ৰচণ্ড গৰমৰ পৰা সকাহ দিবলৈ ষ্টেট বেংকৰ মিছামৰা শাখাই ধনখনা মধ্য ইংৰাজী বিদ্যালয়ত ১০খনকৈ চিলিং ফেন সংস্থাপনেৰে ল’লে প্ৰশংসনীয় পদক্ষেপ ৷

চিন্তনীয় বাতৰিঃ
১. এইচ আই ভি ৰোগ সংক্ৰমিত তেজ সম্পৰ্কে মঙলদৈত ৰাজহুৱা প্ৰতিবাদত স্তব্ধ জনজীৱন, পথ অৱৰোধ, উত্তেজনাৰে পৰিস্থিতিৰ অৱনতি ৷

২. ব্লাড বেংকত এইচ আই ভি সন্দৰ্ভত এইবাৰ মানৱ অধিকাৰ আয়োগত গোচৰ তৰিলে সদৌ অসম ছাত্ৰ সন্থাই ৷

৩. নিৰ্বাচনী আচৰণ বিধি ভংগৰে নতুন আঁচনি, তথা কাম কাজ চলালে পৌৰ নিগমৰ প্ৰাৰ্থীয়েঃ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনালৈ বুঢ়া আঙুলি প্ৰদৰ্শনৰ উঠিল অভিযোগ ৷

৪. আৰক্ষী, বন বিষয়াক মেনেজ কৰি গুৱাহাটীত ৰমৰমীয়াকৈ চলিছে চোৰাং কাঠৰ বেহাঃ ২০-২৫হাজাৰকৈ দি লখৰাৰ তালাচী চকীৰে পাৰ হয় কাঠ ৷

৫. পুনৰ প্ৰতি লিটাৰত দুটকাকৈ মূল্য বৃদ্ধি হ’ল পেট্ৰলৰ ৷

৬. মংগলদৈৰ ব্লাড বেংকৰ ঘটনাৰ পৃথকে পৃথকে তদন্ত ঘোষণা, স্বাস্থ্য বিভাগ আৰু মুখ্যমন্ত্ৰীৰ ৷

৭. ধেমাজিত পথ দুৰ্ঘটনাত নিহত হ’ল অৰুণাচলৰ প্ৰাক্তন কৃষিমন্ত্ৰী ৷

৮. কলিয়াবৰত শিশুক যৌন নিৰ্যাতনঃ গণ প্ৰহাৰত প্ৰাণ গ’ল অভিযুক্তৰ ৷

৯. গৰমৰ মাজতে অঘটনঃ খাদ্যত বিষক্ৰিয়া হৈ ১২ গৰাকীকৈ ছাত্ৰী অসুস্থ হ’ল লখিমপুৰৰ চান্দমাৰীস্থ এখন বিদ্যালয়ত৷

১০. ২০জুনৰ পাছত শেষ বাৰৰ বাবে আক্ৰাছুৱে মুখ্যমন্ত্ৰীক প্ৰদান কৰিব চৰম পত্ৰঃ কোঁচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া সমস্যাৰ সন্মানজনক সমাধান দাবী কৰিলে বিশ্বজিৎ ৰায়ে ৷

1 comment:

  1. visit www.northeastpost.in to get the real essence of North East India

    ReplyDelete