সুখৰ খবৰঃ
১. তেজপুৰ বিশ্ববিদ্যালয় চৌহদত মুকলি হ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আবক্ষ মূৰ্তিঃ স্বাধীনতা লাভৰ সময়ত লোকপ্ৰিয়ৰ সৱল প্ৰচেষ্টাৰ কথা সোঁৱৰিলে উন্মোচক তথা অসমৰ প্ৰাক্তন ৰাজ্যপাল এছ কে সিনহাই ৷
২. একলাখ শব্দ সামৰি উন্মোচিত হ’ল ডঃ বসন্ত কুমাৰ গোস্বামীয়ে প্ৰণয়ন কৰা "ব্যৱহাৰিক অসমীয়া অভিধান"৷
৩. জাপান-থাইলেণ্ড ভ্ৰমণ সামৰি বিমানতে সংবাদমেল, অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়েঃ ৰাজ্যলৈ ৰাজ-সাহাৰ্যত অনিয়মৰ ক্ষেত্ৰত উচিত ব্যৱস্থা লোৱাৰ বাবে দিলে প্ৰতিশ্ৰুতি ৷
৪. এইবাৰ নাৰী শিক্ষাৰ বাবে যুঁজা মালালা য়ুছুফজাইৰ জীৱনৰ ওপৰত নিৰ্মিত হব চলচিত্ৰ "গুল মাকাই": ভাৰতীয় পৰিচালক আমজাদ খান পৰিচালিত এই ছবিত মালালাৰ চৰিত্ৰত অভিনয় কৰিব বাংলাদেশী ছাত্ৰী ফাতিমাই৷ স্বতৰ্ব্য যে এই গুল মাকাই ছদ্মনামেৰে বিবিচিৰ উৰ্দু ব্লগত মালালাই লিখা মেলা কৰিছিল ৷
৫. শৈক্ষিক সুখবৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ৰূপে দ্বায়িত্ব লব তেজপুৰৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱবিজ্ঞান আৰু জৈৱ-প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক ডঃ অলক কুমাৰ বুঢ়াগোহাঁইদেৱে৷
৬. ৰাজ্যৰ ৯টা থিয়েটাৰ গোষ্ঠীৰ নতুন পদক্ষেপঃ নায়ক-নায়িকা বিচাৰি অহা ১৬জনত প্ৰতিভা সন্ধানী পৰীক্ষা পাতিব ভ্ৰাম্যমান থিয়েটাকৰ সুৰক্ষা সমিতিয়ে ৷
৭. বাৰেচহৰীয়া ভাওনাক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াস শোণিতপুৰৰ জ্যেষ্ঠ সাংবাদিক অতনু ফুকনৰঃ তেখেতে নিৰ্মাণ কৰা তথ্যচিত্ৰ প্ৰদৰ্শিত হ’ল তেজপুৰ সাহিত্য সভা ভৱনত৷
৮. কোকৰাঝাৰত উদযাপিত হ’ল বড়ো মাধ্যমৰ স্বৰ্ণ জয়ন্তীঃ ভাগ লৈ মেঘালয়ৰ ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়ে ক’লে-"ভাষা সাহিত্য জাতি এটাৰ দাপোণ স্বৰূপ"৷
৯. তামিল ভাষালৈ অনুদিত হ’ল মহাপুৰুষৰ গুণমালা ৷
১০. মেট্ৰিকত উত্তীৰ্ণ হোৱাৰ জাল প্ৰমাণ পত্ৰ প্ৰস্তুতকাৰী দুই প্ৰৱঞ্চকক গুৱাহাটীৰ অনুৰাধা চিনেমাৰ সমীপত সোধালে উত্তম-মাধ্যমঃ গতাই দিলে আৰক্ষীক ৷
১০. মেট্ৰিকত উত্তীৰ্ণ হোৱাৰ জাল প্ৰমাণ পত্ৰ প্ৰস্তুতকাৰী দুই প্ৰৱঞ্চকক গুৱাহাটীৰ অনুৰাধা চিনেমাৰ সমীপত সোধালে উত্তম-মাধ্যমঃ গতাই দিলে আৰক্ষীক ৷
আজিৰ উক্তিঃ
"অসমীয়া জাতিয়ে আত্মহত্যা নকৰিলে অসমীয়া ভাষা জীয়াই থাকিব"-ডঃ গোলোক চন্দ্ৰ গোস্বামী
"হেমকোষৰ পৰবৰ্তী এশ বছৰত বহু পৰিবৰ্তন হৈছে অসমীয়া ভাষাত"- হোমেন বৰগোহাঞি ৷
সংবাদ প্ৰৱাহঃ
১. এটা দশকৰ পাছত অনুষ্ঠিত হবলৈ লোৱা গুৱাহাটী পৌৰ নিগমৰ আজি মনোনয়ন প্ৰত্যাহাৰৰ দিন ৷
২. জনগোষ্ঠীৰ মানুহ সাংসদ হ’লেই হবনি পৰিস্থিতি সলনিঃ চাহ শ্ৰমিকৰ ১১খন আইন ভংগৰে অধিকাৰ হনন অব্যাহত থকাৰ উঠিল অভিযোগ ৷
৩. শিৱসাগৰত দহ লাখ টকীয়া আয়ুসৰ চিকিৎসালত বৃহৎ কেলেংকাৰীৰ উঠিল অভিযোগ ৷
দুখৰ খবৰঃ
১. অসমৰ সফল ৰাজহুৱা উদ্যোগৰ ধ্বজ্জাবাহী নুমলীগড় শোধানাগাৰত অগ্নিকাণ্ড, বিস্তৰ ক্ষতিৰ লগতে ১৭জনকৈ লোক আহত হোৱাৰ দুখৰ খবৰ ৷
২. ইন্ধনৰ পুনৰ মূল্যবৃ্দ্ধিঃ পেট্ৰ’লৰ বাঢ়িল ৭৫পইচাকৈ আৰু ডিজেলৰ ৫০পইচা প্ৰতি লিটাৰত ৷
৩. অখিল গগৈলৈ অসম বিধান সভাৰ বিশেষ অধিকাৰ সমিতিয়ে জাৰি কৰিব জাননী৷
৪. কটনত নতুন সংঘাতঃ কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু কটন কলেজ ছাত্ৰ একতা সভাৰ মাজত মতবিৰোধ তীব্ৰ, আন্তঃগাঁঠনি নোহোৱাকৈ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তিৰ প্ৰতিবাদ জনাইছে ছাত্ৰ সকলে ৷
৫. বঙাইগাঁৱত নৃশংসভাৱে পত্নী-পুত্ৰক হত্যাঃ হত্যাকাৰী পিতৃক জেললৈ প্ৰেৰণ ৷
চিন্তাজনক খবৰঃ
১. ৰাষ্ট্ৰীয় অপৰাধ সংৰক্ষণ সংস্থাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্যঃ এটা দশকত দেশত বৃদ্ধি পালে ৩৩৬% শিশু বলাৎকাৰৰ ঘটনা ৷
২. এইবাৰ মুখ্যমন্ত্ৰীক কটাক্ষ কৰিলে প্ৰফুল্ল মহন্তই, ক’লে- শিখণ্ডী হৈ ৰাহুলক সুৰক্ষা দিয়াটো অতি হাস্যকৰ ৷
৩. লোকশিল্পী ললিত চন্দ্ৰ ওজা চিকিৎসাধীনঃ গুণমুগ্ধই কৰিলে আশু আৰোগ্য কামনা ৷
No comments:
Post a Comment