মহাদুষ্ট পদ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহাদুষ্ট পদ্য

মহাদুষ্ট পদ্য

Share This
হাত পুৰাণ…

হাতৰ মহিমা অসীম অপাৰ,
হাতৰ ব্যৱহাৰো হয় ভিন,
আকাৰ হাতৰ ভিন্ন ৰকমৰ
কোনো শকত কোনো ক্ষীণ ৷

বুঢ়া হাতত বয়সৰ চাপ
অভিজ্ঞতা পুষ্ট হাত
ডেকাৰ হাতত বয়সৰ বল,
লগে ভাগে সবল মাত ৷

হৰলুকি খেলাতো হাতৰ মহিমা,
ইহাত সিহাত বাগৰি যায়,
হাত দীঘল সবে হাত মেলিলেই,
সকলো হাততে পায় ৷

হাতৰ যোৰত কোনোৱে খাই
দুবেলা দুমুঠি ভাত,
হাতৰ বলত চলিছে দেশ,
উন্নয়নৰ বিয়লী নাট ৷

দুহাত যোৰাই নমস্কাৰ কৰি
বুলি ৰাইজেই দেশৰ ৰজা,
সোঁ হাত দাঙি আশিষ কৰেযেন
হাতত লৈ দেশৰ বোজা ৷

আলহিৰ হাতৰ আঙুলিতো পৰিছে
নাগৰিক হোৱাৰ চাপ,
হাত মোহাৰি ৰাইজৰ নেতাৰ,
প্ৰগতিৰ ৱাৰ্ম আপ ৷

হাতে গোটাই টেবুলৰ তলেৰে,
হাতে গোটাই মাৰি চহি,
হাতে বুতলিছে সোনৰ টুকুৰা,
গাদি চকিত বহি বহি ৷

হাতেই সুখ, হাতেই লক্ষ্মী,
হাতেই হয় যে যম,
হাতৰ ৰেখাত কাৰ কি লিখিছে,
বিধাতাও নহয় কম ৷

লেখকঃ ধ্ৰুৱজ্যোতি শইকীয়া
শেহতীয়া আন আন মহাদুষ্ট পদ্যৰ বাবে ইয়াত ক্লিক কৰক

No comments:

Post a Comment