মহাদুষ্ট পদ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহাদুষ্ট পদ্য

মহাদুষ্ট পদ্য

Share This
কাৰ যায়…কোনে পায়?
#ধ্ৰুৱজ্যোতি শইকীয়া


হাই কমাণ্ড আছে হাই ডিমাণ্ডত,
হাঁহি দা আছে বাট চাই,
লিষ্ট বনাই থৈছে আগতিয়াকৈ,
মন্ত্ৰী পদ কোনে বা পায় ৷

লাই দি এচাম মূৰত উঠিল,
আৰু চাঞ্চ দিয়াত নাই,
হাঁহিদাৰ দাঁত উজলি উঠিল,
কলগেট পাৱাৰ ভাই ৷

ল’ৰাকো পাৰিলে সুবিধা বুজি,
আনিব সভালৈ টানি,
শ্ৰীমতীয়ে খুজিলে তেওঁকো আনিব,
হাত পৰিয়ালৰ বাণী ৷

জী-জোঁৱাই মানেতো সুবিধাৰ আকৰ,
নিজ ঘৰতে সমস্ত ৰব,
মেডামৰ খোজ যদি অনুসৰণ নকৰে
হাইকমাণ্ডে বেয়া বুলি কব ৷

ৰাষ্টা স্কুল কলেজ ইউনিভাৰ্চিটি
মেডামৰ পৰিয়ালৰ নামত,
তেল মাৰিছো ৰাইজক ঠগিছো,
কিবাতো আহিব কামত ৷

অসমত ৰাজহুৱা শৌচাগাৰ বনালেও
নাম থব ৰা-গা-ৰা-শৌ,
সেয়ে জানে তেৰাৰ ৰেডিমেড লিষ্টত,
হাই-কমাণ্ডেও নকৰে নৌ ৷

যাওঁক জহন্নামে অধিকাৰ তথ্যৰ,
মিচা কলে কি দাল হব,
বিছাৰিলেই সকলো ভিতৰুৱা খবৰ,
কোন অঁকৰাই দিব ৷

হাঁহি দাই বোলে আহিল বাৰিষা,
কাটি থম কলৰে পাত,
ৰাজকুমাৰৰ ভিনিয়েককো মাত
নিজ হাতে খোৱাম ভাত ৷

No comments:

Post a Comment