জীৱন-যৌৱন (স্বাস্থ্য) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱন-যৌৱন (স্বাস্থ্য)

জীৱন-যৌৱন (স্বাস্থ্য)

Share This
হাইপাৰ-টেনচনক পৰাভূত কৰাৰ পাঁচটা উপায়

আধুনিক যুগৰ সতে বাঢ়ি আহিছে হাইপাৰ টেনচনৰ সমস্যাও ৷

 আজিকালি কম বসয়তে এই হাইপাৰ টেনচনৰ চিকাৰ হোৱা নতুন প্ৰজন্মৰ সংখ্যা বাঢ়িবলৈ ধৰাটো সমাজৰ বাবেই এক উদ্বেগৰ বিষয়৷ সেয়ে কম বয়সতে ইয়াৰ চিকাৰ নহবৰ বাবে নিজে কিছুমান কৌশল অৱলম্বন কৰাৰ বাবে সজাগ হোৱাৰ প্ৰয়োজন আছে ৷

উচ্চ ৰক্তচাপৰ সমস্যাক নিয়ন্ত্ৰণ কৰাৰ বাবেই আটাইতকৈ জনপ্ৰিয় তথা সৰ্বজনবিদিত উপায়টো হৈছে খাদ্যত নিমখ পৰিমান কমোৱা তথা চডিয়ামযুক্ত আহাৰ সীমিত কৰাটো ৷ 

চডিয়াম গ্ৰহণ কৰাটো নিয়্ন্ত্ৰণ কৰাৰ লগতে উচ্চ ৰক্তচাপ ব্যৱস্থাপনাৰ বাবে পুষ্টিকৰ খাদ্য আৰু যথেষ্ট পৰিমানৰ পটাচিয়াম, কেলচিয়াম, আঁহযুক্ত খাদ্য, ফাইট’ কেমিকেল আৰু অমেগা-৩ চৰ্বী আহাৰৰ সতে গ্ৰহণ কৰা আৰু নিজৰ কঁকালৰ চাইজ নিয়্ন্ত্ৰণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ কথা ৷


খাদ্যই হ’ল জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানৰ আকৰ৷মাত্ৰ কিমান পৰিমানৰ খাদ্য আমি সেৱন কৰো, সিয়েই নহয়, কোনটো বা কেনেধৰণৰ খাদ্য গ্ৰহণ কৰাৰ আমি জীৱনশৈলী গঢ়ি তুলিছো সেইয়াও জীৱন তথা স্বাস্থ্যৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ ৷ সেয়ে খাদ্যভ্যাস ও জীৱনশৈলীৰ সা-সলনি কৰাটো উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ তথা ব্যৱস্থাপনাত এক কাৰ্যকৰী দিশ হিচাবে উজ্বলি উঠিছে ৷

হাইপাৰ টেনচেন প্ৰতিৰোধক খাদ্যঃ

১. পটাচিয়ামঃ

বহুকেইটা গৱেষণা মূলক অধ্যয়নৰ পৰা গম পোৱা গৈছে যে নিয়মিত ভাৱে পটাচিয়ামযুক্ত আহাৰ গ্ৰহণে ৰক্তচাপ কম ৰখা তথা ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ পটাচিয়ামৰ পৰিমান সৰহকৈ থকা আহাৰ সমূহ হৈছে- ফলমূল আৰু শাক-পাচলি, যেনে আলু, পালেং শাক, বিলাহী, কল, কমলা আৰু শুকান ফল সমূহ৷

২. কেলচিয়ামঃ

কেলচিয়াম হৃদযন্ত্ৰৰ পেশীবোৰৰ সংকোচন আৰু সম্প্ৰসাৰণৰ বাবে অতিশয় প্ৰয়োজনীয় আৰু সেয়েই ই হাইপাৰ টেনচনক পৰাভূত কৰিবৰ বাবে আটাইতকৈ অত্যাৱশকীয় উপাদানৰূপে চিহ্নিত হৈছে৷ কম চৰ্বযুক্ত গাখীৰ, দৈ, সেউজীয়া পাতশাক, পাচলি, অলমণ্ড, তিল আদি কেলচিয়ামৰ উৎকৃষ্ট উৎস স্বৰূপ৷

৩. আঁহযুক্ত খাদ্যঃ

অধিক আঁহযুক্ত খাদ্যই চিষ্ট’লিক(systolic) আৰু ডায়াষ্ট’লিক(diastolic) ৰক্তচাপ কমাই ৰখাত সহায় কৰে ৷ মাটিমাহ, মগুমাহ আদি মাহজাতীয় শস্যৰ খাদ্য, দালি, মটৰ, চয়াবিন, ফলমূল আৰু শাকপাচলি, ঘেঁহুৰ ভুচি, অ’টচৰ ভুচি আদি এনে আঁহযুক্ত খাদ্যৰ উদাহৰণ৷

৪. অমেগা-৩ চৰ্বীঃ

অমেগা-৩ তেল যুক্ত খাদ্যৰ পৰা স্বাস্থ্যৰ যথেষ্ট উপকাৰ হয় বুলি গৱেষণাই কয়, তাৰে ভিতৰত ডব্লিউ-৩ ফেটি এচিডো পৰে ৷ এই উপকাৰী চৰ্বী বা তেল জাতীয় উপাদান সমূহ মেকাৰেল, টুনা আদি সাগৰীয় মাছ, সৰিয়হৰ তেল, ঘেঁহু, ৰাজমাহ, ৱাল-নাট, লোবিয়া, শণ গছৰ বীজ, চিয়া বীজ, মেথিগুটি আৰু চ’য়াবিনত প্ৰচুৰ পৰিমানে থাকে৷

৫. মেগনেচিয়ামঃ

মেগনেচিয়ামৰ পৰিমান দেহত অভাৱ হ’লে ইয়েইঅ আকৌ কেলচিয়াম আৰু পটাচিয়ামৰো পৰিমান কম কৰি পেলায় আৰু ই হৃদযন্ত্ৰৰ লগতে সমগ্ৰ ৰক্তপ্ৰৱাহ তন্ত্ৰকে প্ৰভাৱিত কৰে ৷ আৰু সেয়ে মেগনেচিয়াম হাইপাৰ টেনচন ৰোধ কৰাৰ খাদ্য সম্ভাৰত অতিশয় গুৰুত্বপূৰ্ণ উপাদানৰূপে চিহ্নিত হৈছে৷ সকলো ধৰণৰ গুটি জাতীয়, মাহজাতীয় খাদ্য, পালেং শাক,সকলো ঘেঁহুৰ পাওৰুটি, বাদাম জাতীয় খাদ্য, টফু আদি মেগনেচিয়ামৰ উল্লেখযোগ্য উৎস ৷ 
জীৱন যৌৱন (সম্পৰ্ক) শিতানৰ শেহতীয়া লেখাঃ



No comments:

Post a Comment