জীৱন যৌৱন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱন যৌৱন

জীৱন যৌৱন

Share This
মন ভূলাব খোজে নেকি?
ফ্লাৰ্ট কৰোতে এৰাই চলিব লগা কেইটিমান কথা

পচন্দৰ এগৰাকীৰ মন ভূলাব পৰাটো এটা কলা, সেই কথা সকলোৱেই জানে৷ এই কলাটো আয়ত্ত কৰিবলৈ আপুনিও পাৰিব৷ তাৰ বাবে জীৱনত এনে পদক্ষেপবোৰ লওঁতে অলপ সাৱধান হোৱা উচিত৷ মনত ৰাখিব সৰু সুৰা ভুল কিছুমানেই আপোনাৰ পৰিকল্পনাত আউল লগাব পাৰে৷ সেয়ে তলত কিছুমান এৰাই চলিব লগা কথা আপোনাৰ সহায় হোৱাকৈ উল্লেখ কৰা হৈছে ৷

১. খুৱ বেছিকৈ গলাধকৰণ নকৰিবঃ

সাধাৰণতে ফ্লাৰ্ট কৰিবৰ বাবে বিয়াঘৰ, পাৰ্টি, পাব, বাৰ আদিকেই সকলোৱে বাচি লয়৷ এনে পৰিৱেশত সাধাৰণতে সুৰাৰ পয়োভৰ আজিৰ দিনত অতিশয় সহজলভ্যকৈ ঘটা দেখা যায়৷ গতিকে যদি কাৰোবাক মন ভূলাবৰ উদ্দেশ্য আছে তেন্তে সেই অনুষ্ঠানত পাৰিলে মদ্যপান বৰ্জন কৰক, বা কৰিলেও মক’টেইল জাতীয় লঘু পানীয় গ্ৰহণ কৰক৷ অন্যথা সুৰাপান কৰিব লগা হ’লেও খুব কম পৰিমানৰ গ্ৰহণ কৰাটো বাঞ্চনীয়, অন্যথা সেই নিচাতে আপোনাৰ সোণালী সুযোগ ডুব যোৱাৰ সম্ভাৱনাই বেছি৷ মনত ৰাখিব মদ্যপানে সদায়েই মাত্ৰ আপোনাৰ বেয়া প্ৰতিচ্ছবিহে উজ্জ্বল কৰাত সহায় কৰে ৷

২. সহজ ভাৱে লওক

আপুনি আকৰ্ষিত কৰিব বিচৰা লোকজনক অতিপাত প্ৰশংসাৰে উপচাই দি তেখেতক ভয় খুৱাই নিদিব৷ গোটেই প্ৰক্ৰিয়াটো জটিল কৰি নেপেলাব, সহজভাৱে আগুৱাওক৷ আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে তেখেতক লগ পাইছে, তেন্তে অলপ ধীৰে সুস্থিৰে আগুৱাওক ৷ প্ৰথমেই আপুনি তেখেতৰ নিচিনা স্পেচিয়েল এজনৰ বাবেই আপুনি অধীৰ আগ্ৰহেৰে বাট চাই আছিল আৰু অতি সোনকালেই সংসাৰ কৰিব বিচাৰে বুলি কেতিয়াও নকব৷ এনেকুৱা কথাই সমুখৰ ব্যক্তিজনক বিৰক্তিৰ বাহিৰে একোৱেই দিব নোৱাৰে৷

৩. এক দূৰত্ব বৰ্তাই ৰাখক

কথাৰ মাজতে হাতত মৃদু স্পৰ্শত কোনেও সাধাৰণতে আপত্তি নকৰে৷ কিন্তু প্ৰথম দিনা যদি আপুনি তেখেতক লগ পাইছে তেন্তে ধীৰে ধীৰে আগবঢ়াই ভাল৷ প্ৰথম বা দ্বিতীয়বাৰ লগ পাওতেই ব্যক্তি এজনৰ ওচৰত নিজকে সঁপি দিয়া যেন নকৰিব৷ অন্যথা তেওঁ আপোনাৰ পৰা নিস্কৃতি পাবৰ বাবেহে চেষ্টা চলাব৷ এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা ৷

৪. এজনৰ ওপৰতে মনোযোগ দিয়ক

যদি আপুনি বিয়া বা পাৰ্টি এটাত কোনো এজনৰ ব্যক্তিত্বক লৈ আকৃষ্ট হৈছে, তেনেতে তেওঁৰ ওপৰতে ধ্যান নিৱদ্ধ কৰক৷ যদি আপুনি একে পাৰ্টিতে আনৰ সতেও একেধৰণৰ ব্যৱহাৰ কৰি থাকে, তেন্তে আপুনি বিশেষভাৱে লক্ষ্য কৰি থকা গৰাকীয়ে হয়তো আপোনাৰ আগ্ৰহৰ কথা ভূৱেই নাপাব পাৰে৷

৫. অতীতৰ প্ৰেমৰ কথা নুলিয়াব

আপুনি যদি ব্যক্তিগত জীৱনত উত্থান পতন বা বেয়া দিন চলি থাকিলেও নতুনকৈ আকৰ্ষিত কৰিব বিচৰাগৰাকীক সেই দুখৰ কাহিনীৰ বকলা মেলি নিদিব৷ কাৰণ তেখেত আপোনাৰ অন্তৰংগ বন্ধু নহয়,  বা তেখেতৰ আপোনাৰ দুখৰ কাহিনীক লৈ আগ্ৰহ নাথাকিবও পাৰে৷ বিশেষকৈ আপোনাৰ পুৰণি প্ৰেমৰ কাহিনীত কেনেকৈ বিচ্ছেদ হ’ল সেই কথাৰ পৰা আঁতৰত থকাই মংগল ৷

জীৱন যৌৱনৰ শেহতীয়া লেখাঃ পৰ্ণগ্ৰাফিৰ পৃথিৱীঃ নিষিদ্ধকৰণৰ প্ৰয়োজনীয়তা আৰু আইন

2 comments:

  1. এইটো বস্তু মই বৰ ভালকে জানো। হিঃ হিঃ হিঃ হিঃ

    ReplyDelete
  2. Want some more suggestions.....

    ReplyDelete