পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. মহামাৰী আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ সময়ত দক্ষ সেৱা আগবঢ়াবলৈ দেশজুৰি তিনি তৰপীয়া লেৱৰেটৰী নেটৱৰ্ক গঢ়ি তুলিবলৈ অনুমোদন দিলে কেন্দ্ৰীয় কেবিনেটেঃ দহটা আঞ্চলিক, ৩০টা ৰাজ্যিক আৰু ১২০টা চিকিৎসা মহাবিদ্যালয় পৰ্যায়ৰ লেৱৰেটৰী স্থাপনৰ বাবে ব্যয় কৰিব ৬৪৬কোটি টকা ৷

২. ভাৰত চীন সীমা বিবাদৰ ওলাব পাৰে সমাধান সূত্ৰঃ বেইজিঙত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰে অনুষ্ঠিত হ’ল সীমা বিবাদ সম্পৰ্কীয় বৈঠক৷

৩. আমেৰিকাৰ ছিনেটত প্ৰব্ৰজন সংশোধন বিধেয়ক গৃহীতঃ ১১নিযুত নথি-পত্ৰ বিহীন প্ৰব্ৰজনকাৰীক নাগৰিকত্ব প্ৰদানৰ বাট মুকলি, ১৩বছৰ ধৰি কৰ আৰু জৰিমনা আদায়ৰ পাছত লাভ কৰিব মাৰ্কিন নাগৰিকত্ব ৷

৪. প্ৰায় ছয় লাখ পঞ্জীয়নভুক্ত তীৰ্থযাত্ৰীৰে আৰম্ভ হ’ল বছৰটোৰ পবিত্ৰ অমৰনাথ যাত্ৰাঃ তদাৰকৰ দ্বায়িত্ব গ্ৰহণ কৰিছে ৰাজ্যৰ ৰাজ্যপালে ৷

৫. আত্মীয়ৰ স্পৰ্শৰ প্ৰতি জনালে সঁহাৰিঃ নেলচন মেণ্ডেলাৰ স্বাস্থ্যৰ কিছু উন্নত হোৱাৰ আশা ব্যঞ্জক খবৰ৷

৬. কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ ৰাজ্যৰ গৃহ বিভাগে দিলে প্ৰস্তাৱঃ মাওবাদী ৰোধৰ বাবে বিচাৰিলে ৯খন জিলালৈ বছৰি ১০কোটিকৈ ৷

৭. ভূপেন বৰালৈ ৰাহুলৰ শুভদৃষ্টিঃ এ.আই.চি.চিৰ সাধাৰণ সম্পাদকৰ দ্বায়িত্ব গ্ৰহণৰ পাছত এইবাৰ দৃষ্টি তেজপুৰ লোকসভা সমষ্টিলৈ ৷

৮. ৰাজ-সাহৰ্যৰ কৰ্তনৰ ফলত মিতব্যয়ী হৈ পৰিছে গৃহিনীঃ ৰাজ্যত কমি আহিল এল পি জি গেচৰ চাহিদা ৷

৯. কেন্দ্ৰীয় পৰিকল্পনা আয়োগৰ পৰা ২০১৩-১৪ বিত্তীয় বৰ্ষৰ বাবে অসম চৰকাৰে লাভ কৰিব ১২,৫০০কোটি টকাঃ অসম বিকাশ যোজনাত খৰছ কৰা হব ১০০০কোটি টকা ৷

১০. এইবাৰ ভাৰতীয় সেনাই যুদ্ধৰ বাবে বিচাৰিলে ৰবটৰ দৰে অত্যাধুনিক সঁজুলিঃ প্ৰতিৰক্ষা বাজেটৰ বাবে বিচাৰিলে ৬লাখ কোটি ধন ৷

১১. পোন্ধৰ বছৰৰ পাছত প্ৰাথমিক বিদ্যালয়ত স্থায়ী শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ, ১০হাজাৰ নতুন স্থায়ী শিক্ষক পাব ৰাজ্যইঃ নৱেম্বৰত পুনৰ ২৫হাজাৰ প্ৰাথমিক শিক্ষক পদৰ বাবে অনুষ্ঠিত হব টে’ট পৰীক্ষা ৷

১২. বৰপেটা সত্ৰত শ্ৰীশ্ৰী মাধৱদেৱৰ ৫২৪সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপিত হয়ঃ থিয় নাম, ভোৰ তাল নৃত্য, দক্ষ যজ্ঞ ভাওনা প্ৰদৰ্শনৰ উপৰিও অনুষ্ঠিত হয় ধৰ্মালোচনা সভাও ৷

১৩. পাঠশালাত বৃসন্নলা কৃষ্টি সমাজৰ ব্যতিক্ৰমী অনুষ্ঠানঃ পথচিত্ৰ অংকন, সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰ বৃসন্নলাৰ পাৰ, উদযাপন কৰিলে ৰাভা দিৱস৷

১৫. “হীৰুদাৰ গান”, জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠত প্ৰাণ পোৱা গীত কেইটিৰ এলবাম মুকলি কৰিলে কুল বৰুৱা, পুলক বেনাৰ্জীসহ ছগৰাকী শিল্পীয়ে ৷

১৬. বিশংতিতম এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ প্ৰাঞ্জল গগৈঃ ভাগ লব ১৫০০মিটাৰ শাখাত ৷

চিন্তনীয় খবৰঃ

১. অগপৰ খহনীয়া অব্যাহত, পদ্ম হাজৰিকাসহ একেদিনাই ডেৰকুৰি নেতাৰ পদত্যাগঃ অহা ৩জুলাইত পদত্যাগীৰ সৈতে বৈঠক কৰিব প্ৰফুল্ল মহন্তই ৷

২. হিমন্ত বিশ্ব শৰ্মাই কৰিলে কটাক্ষ- অচিৰেই অগপৰ কাৰ্য্যালয় হব বিবাহ বাহৰ, মানুহে পাতিব অন্নপ্ৰাসন্ন, লগুণ দিয়নীঃ ২০১৬ত অস্তিত্বৰ সংকট নামিব অগপলৈ৷

৩. পুনৰ পেট্ৰলৰ দাম বৃদ্ধিঃ ১.৮২ টকা প্ৰতি লিটাৰত বৃদ্ধিৰ কাৰণ টকাৰ মূল্যমান হ্ৰাস ৷

৪. ছুপ্ৰিম কৰ্টৰ নিৰ্দেশ উলংঘাঃ পুত্ৰ পৰিজনকে ধৰি ভি,আই,পি, কংগ্ৰেছ মাফিয়াৰ নিৰাপত্তাতে ব্যস্ত অসমৰ ৮৫৩৪আৰক্ষী ৷

৫. গড়কাপ্তানি পথ দলং উন্নয়নৰ ধনেৰে পুঁজিপতিত পৰিণত হৈছে বিষয়াঃ মুখ্য অভিযন্তা বাণী দাসৰ বাৰ্ষিক অবৈধ আয়ৰ পৰিমান ১০০কোটি বুলি প্ৰকাশ পালে সংবাদ শিৰোনামা৷

৬. প্ৰথমটো বানত আক্ৰান্ত মাজুলীঃ ৩০খনতকৈ অধিক গাঁও জলমগ্নঃ বিস্তৰ কৃষিভূমি নষ্ট ৷

৭. ডিব্ৰুগড়ত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰঃ বুঢ়ীদিহিঙৰ খহনীয়াত আতংকিত হৈ পৰিছে নৈ-পৰীয়া ৰাইজ৷

৮. কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনাৰ বলি অসমঃ ২৫০০কোটিটকীয়া ময়নাগুৰি-যোগীঘোপা ব্ৰডগজ ৰে’লপথৰ কাম স্তব্ধ ৷

৯. নিহতৰ সংখ্যা বৃদ্ধি সাতজনলৈ বৃদ্ধিঃ তেজপুৰত উলংগ মানৱৰ সন্দেহত পুনৰ এজনক হত্যা ৷

১০. অবৈধ ভাৱে সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা আবকাৰী বিষয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷

১১. আৰক্ষীৰ দুৰ্বল তদন্তৰ ফলতে সাৰি গ’ল কটনৰ অধ্যাপিকা বিভা দেৱীৰ হত্যাকাৰী ৷

১২. ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ সংহাৰ ৰূপঃ ছয় জন মৃত আৰু ৪৩জন আক্ৰান্ত হোৱাৰ খবৰ ৷

১৩. ক্ষেত্ৰী চৰকাৰী চিকিৎসালয়ৰ ভ্ৰূণ হত্যাৰ ঘটনাক গাপ দিবলৈ স্বাস্থ্য বিভাগে চেষ্টা চলোৱাৰ উঠিল অভিযোগ ৷

১৪. প্ৰলয়ঙকৰী বানত ক্ষতিৰ পৰিমান ১২হাজাৰ কোটিঃ প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত হৈ পৰিল উত্তৰাখণ্ডৰ পৰ্যটন উদ্যোগো ৷

১৫.  অ’ এন জি চি অসম সম্পদে শিথিল কৰিলে অৰ্হতাঃ ড্ৰাইভাৰ পদৰ বাবে নালাগিব মেট্ৰিকত প্ৰথম বিভাগ !

No comments:

Post a Comment