প্লেট টিভি কিনোতে
-------------------------
#কৌশিক হাজৰিকা, প্ৰযুক্তি বিশেষজ্ঞ, ইনটেল মবাইল কমিউনিকেচনচ
আজিকালি বহু মডেলৰ টিভি বজাৰত ওলাইছে ৷ প্ৰায়ে দোকানত শেহতীয়া মডেলৰ টিভি বেচা দেখা যায়। নতুন টিভি ৰ পৰা যাতে বিচৰা আনন্দ ল’ব পাৰে তাৰ বাবে কেইটামান কথা জনাটো অতি জৰুৰী ৷
১) কিমান ডাঙৰ স্ক্ৰীণ
যিমান পাৰে ডাঙৰ লোৱা সমীচিন নহয় । যদি ভাল দিছ লগতে এইছ ডি চেনেল নাই ৩২ "ত কৈ বেচি ডাঙৰ নলব, ফটো বোৰ ভঙা যেন দেখিব ৷
৪০" লওক যদি
ক)৬ ফুট দুৰত বহি চোৱাৰ সুবিধা আছে লগতে ,খ)চেটটপ্ বক্সটোৰ সৈতি এইছ ডি চেনেলৰ পেক লব
২) ছাউন্ড চাই হে ল’ব
প্লেট টিভি বহুতৰে ছাউণ্ড বেয়া, কাৰণ কম ঠাইৰে সামৰিব পৰা কম্পনেণ্টেৰে ভাল ছাউন্ড পোৱা প্ৰযুক্তি এতিয়াও অতি ব্যয়বহুল ।
বহুতে উপায়হীন হৈ 5.1 স্পিকাৰ কিনে কিন্তু টিভিৰ নিজা ছাউন্ডৰ আমেজ তাত নাপায় সেয়ে অলপ মোটা হ’লেও(যদি কম বাজেট আছে) ভাল ছাউন্ড চাই হে টিভিটো ল'ব ৷
৩) কি ব্ৰেণ্ডৰ ল’ব?
ছনি ,চেমসাঙ, টচিবা টিভি আগশাৰীৰ সেয়ে অলপ বেচি মূল্যৰো৷মনত ৰাখিব মডেল বিশেষে কোনোতো ভাল কোনোটো বেয়া টিভি ওলায় পৰেই৷ সেয়ে একেবাৰে নতুন লোৱাতকৈ ৬মাহ আগৰ ভাল চলা মডেল লব পাৰিলে ভাল, কাৰণ নতুন মডেলত কামত নলগা ফিচাৰ্চহে বেছিকৈ আহে ৷
৪) অযথা মাৰ্কেটিঙৰ পৰা বাচক!
মানুহৰ অজ্ঞতাৰ সুযোগ লৈ বহু মডেল বেছা যায়৷ এনেয়ে অমুক তমুক ফিচাৰ্চ থকা বুলি ১০-১২টা স্টিকাৰ মাৰি গ্ৰাহকক চৰা দাম দিবলৈ বাধ্য কৰায়৷
আচলতে ফ্লেট বা প্লেট টিভি এটাত তলৰ বৈশিষ্ট্যখিনি থাকিলেই হ’লঃ
DLNA: নালাগে
Noise ৰিডাকচনঃপ্ৰতিতো আগশাৰীৰ টিভিত থাকে
(৫০,০০০ ওপৰৰ মডেলত ২০০Hz হ’লে ভাল)
২টা HDMI
১টা USB (পেন ড্ৰাইভ প্লেবেক)
ছাউন্ডঃ শুনি চাওক( লিখামতে ২০০০ৱাট ছাউন্ড চাই নলব)
যদি ৬০হাজাৰ টকাৰ বাজেটৰ ওপৰৰ লওক, ইন্টাৰনেট আদি যদি লাগে৷
৫) ধুনীয়া আকাৰ, LED নে LCD ?
যদি দামী লিভিঙ ৰুম আছে ১” গভীৰ টিভি লওক, ভাল দেখিব। LCD পুৰণি হ’ল, LED মডেল ল’ব । যদি বাজেট অতি কম নহয়, তেতিয়া LED মডেল ল’বই৷
যদি দামী লিভিঙ ৰুম আছে ১” গভীৰ টিভি লওক, ভাল দেখিব। LCD পুৰণি হ’ল, LED মডেল ল’ব । যদি বাজেট অতি কম নহয়, তেতিয়া LED মডেল ল’বই৷
৬)Plasma tv
প্লাজমা পুৰণি প্ৰযুক্তি, নলব। বেছিকৈ গৰম হয়, বেচি বিল কৰে, পাৰ্টছ নাপায় ৷
No comments:
Post a Comment