জীৱন যৌৱন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱন যৌৱন

জীৱন যৌৱন

Share This
প্ৰেমৰ দ্বিতীয় ইনিংছঃ বিষয়- ডিভোৰ্চীৰ স’তে ডেটিঙ


আধুনিক জীৱনৰ সতে বিবাহ বিচ্ছেদ এটা বাঢ়ি অহা পৰিঘটনা হিচাবে পৰিগণিত হবলৈ ধৰিছে৷ সেয়ে ইয়াত আমি ভাগি যোৱা এখন বিবাহৰ ভংগ স্মৃতি কঢ়িয়াই ফুৰা সকলৰ সতে নকৈ গঢ়িব খোজা সম্পৰ্কত কি কি কথা স্পৰ্শকাতৰ ৰূপে গণ্য কৰিব লগা হয় তাকেই আলোকপাত কৰিব বিচাৰিছো ৷

ভাগি যোৱা এখন সংসাৰৰ পাছত নতুন সম্পৰ্কৰ কথা ভাবিবলৈ লোৱাটো ইমান সহজ কথা নহয়৷ এনে লাগে, বিশেষকৈ লগত লৈ ফুৰা মানসিক অৱসাদৰ বোজাই মনটোক নতুন সম্পৰ্ক গঢ়াৰ কথা চিন্তা কৰিবলৈ যেন মুকলি হবলৈকে নিদিয়ে৷ এতিয়া প্ৰশ্ন হয়, এই বোজাৰ কিমান অংশ সেই নতুনকৈ সম্পৰ্ক গঢ়িবলৈ লোৱাজনে বহন কৰিবলৈ সাজু আছে?

যেতিয়া এটা সম্পৰ্ক গঢ়াৰ পৰা গৈ বিবাহ পাশত আৱদ্ধ হৈ এটা যুগ্ম জীৱন কটোৱাৰ পাছত, হঠাত যেতিয়া সেই বান্ধোন পুনৰ খোল খাই যায়, সেয়া আচলতে জীৱনৰ এক অতিশয় স্পৰ্শকাতৰ স্তৰ বুলিয়েই আমি গণ্য কৰিব লাগিব ৷ কি কাৰণে সেই বিবাহ সফল নহ’ল সেয়া ডাঙৰ কথা নহয়, কিন্তু এই সমাজ দুৰ্ভাগ্যক্ৰমে এতিয়াও ডিভোৰ্চীৰ প্ৰতি সদয় সুলভ দৃষ্টি দিব পৰাকৈ আধুনিক হব পৰা নাই ৷ 



বিশেষকৈ যেতিয়া ডিভোৰ্চী গৰাকীয়ে পুনৰ ডেটিঙৰ পৰিসীমালৈ পুনৰ সোমাই আহে, সমাজে সেই কথাটোক বিশেষ চকুৰে লক্ষ্য কৰিবলৈ ধৰে৷ সেয়ে আপুনি যদি ডিভোৰ্চী এগৰাকীৰ সতে সম্পৰ্ক গঢ়িবলৈ আগবাঢ়িছে, তেন্তে কিছুমান কথা মনত ৰখাটো অতিশয় গুৰুত্বপূৰ্ণ ৷

কিছুমান সুবিধাঃ

১. তেওঁৰ বাবে কথাবোৰ ইমান পাতল নহয়ঃ

ডিভোৰ্চী এগৰাকীৰ বাবে ডেটিং বা নতুন এটা সম্পৰ্কৰ দুৱাৰদলিত খোজ দিয়াটো অতিশয় চিৰিয়াচ কথাই৷ তেওঁ কোনো চিন্তা ভাৱনা নকৰাকৈ সম্পৰ্ক গঢ়িব লাগে বুলিয়েই ঘপহকৈ যে সম্পৰ্ক গঢ়ি নুতোলে সেয়া খাটাঙ(যদিহে তেখেত খিলাড়ী নহয়, বা তেনে সম্পৰ্ক গঢ়াৰ বাবেই যদি তেওঁৰ সংসাৰ ভাগি যোৱা নাই)৷

২. খুৱেই বাস্তৱবাদীঃ

আমি সকলোৱেই জানো যে বিবাহৰ পাছত সংসাৰ এখন চলাই নিবলৈ কম্প্ৰমাইজ, এৰা ধৰা বা সহযোগিতাটো অতিশয় জৰুৰী কথা ৷ আৰু যেতিয়া কোনো এগৰাকীয়ে ইতিমধ্যেই কাৰোবাৰ সতে এই স্তৰ পাৰ কৰি আহিছে, তেন্তে অবাস্তৱ বা অতি কাল্পনিক ৰোমান্তিক সপোনে তেওঁক ব্যতীত কৰি তুলিব নোৱাৰে ৷

৩. প্ৰতিশ্ৰুতিবদ্ধতাঃ

কি কাৰণে পূৰ্বৰ সম্পৰ্কটোত আউল লাগিল সেয়া ডাঙৰ কথা নহয়, কিন্তু এইটো জানি থওক যে, এওঁ প্ৰতিশ্ৰুতিলৈ ভয় কৰা মানুহ নহয়৷ কিন্তু ই এটা সমস্যাৰূপেও দেখা দিব পাৰে (পাছত আলোচনা কৰা হব)

৪. পূৰ্বৰ অভিজ্ঞতাঃ

একোটা সম্পৰ্ক, সি সুখে ভৰা সফলেই হওক বা দুখে ভৰা বিফলেই হওক, মানুহক জীৱনত বহুখিনি শিক্ষা দি থৈ যায়৷ আৰু ইয়াৰ ভেটিতে নতুন সম্পৰ্কৰ গজালিবোৰে পোখা মেলে ৷ যিহেতু এই ক্ষেত্ৰত আপুনি পচন্দ কৰা গৰাকী ইতিমধ্যেই অভিজ্ঞ, সেয়ে এই নতুন সম্পৰ্কটোৰ ক্ষেত্ৰতো তেওঁৰ মেচিউৰিটিয়ে নিশ্চয়েই সহায় কৰিব ৷

কিছু অসুবিধাঃ
১. প্ৰতিশ্ৰুতিলৈ ভীতি পোষণঃ

আগতে উল্লেখ কৰাৰ পইণ্টোক পুনৰ বাৰ আমি ফঁহিয়াই চাব খুজিছো ৷ অতীতৰ তিতা  অভিজ্ঞতাৰ পৰা তেওঁক প্ৰতিশ্ৰুতি লোৱা বা প্ৰতিশ্ৰুতি দিয়াৰ ক্ষেত্ৰত একোটা ভয় বা শংকাই অনবৰতে আমনি কৰি থাকিব পাৰে ৷ কিন্তু এই সম্ভাৱনা সদায়েই থাকে যে, কিছু সময়ৰ ব্যৱধান বা সময়ৰ সতে নতুন সম্পৰ্কৰ সঁচা অনুভৱে তেওঁলোকক নতুনকৈ প্ৰতিশ্ৰুতিবদ্ধ হবলৈ প্ৰেৰণাও যোগায়৷

২. অতীতৰ স্মৃতিঃ

বিয়া এখন মানুহৰ জীৱনৰ এটা পাহৰিব নোৱাৰা পৰিঘটনা৷ আপুনি লাগিলে যিমানে মানি নলবলৈ চেষ্টা কৰক, তথাপি আপুনি পচন্দ কৰা নতুন সংগীৰ সতে অতীতৰ কিছু অদেখা সূতা সদায়েই জোৰা খাই থাকিব৷

৩. দ্বায়িত্ববোধঃ

মনত ৰাখিব, এগৰাকী ডিভোৰ্চীৰ বাবে বিবাহ বিচ্ছদেৰ পাছত বহুখিনি বেলেগ বেলেগ সংঘাতৰ সন্মুখীন হব লগা হয়৷ আপুনি তেওঁৰ এনে সংঘাতৰ কিমান খিনি দ্বায়িত্ব লবলৈ মন কৰিব সেয়া মনতে পৰিস্কাৰ হৈ লওক আৰু প্ৰতিটো পদক্ষেপতে তেওঁৰ সাৰথি হোৱাৰ বাবে নিজকে সাজু কৰি তোলক৷

৪. ইম’চনেলি আনপ্ৰেডিক্টেৱলঃ

ডিভোৰ্চবোৰ সচৰাচৰেই অতিশয় যন্ত্ৰণাময় তথা মানসিক চাপজনকেই হয়৷ সেয়ে মনত ৰাখিব যে, আপুনি পচন্দ কৰা নতুন সংগী গৰাকীয়ে মানসিক চাপৰ এক বিশাল যাত্ৰা পাৰ কৰি আহিছে৷ এই মানসিক চাপবোৰে সময়ে সময়ে তেওঁলোকৰ মনত সন্তাপ জগাই তুলিব পাৰে, আৰু আপুনি সেই মুহূৰ্তবোৰত তেওঁৰ যতন লব পাৰিব লাগিব৷ যদি এই কথাবোৰত আপুনি সহায় কৰিব নোৱাৰে, তেন্তে তেওঁলোক এই নতুন সম্পৰ্কৰ বাবে সাজু হৈ নুঠিবও পাৰে ৷

মনত ৰাখিব লগা আন কেতবোৰ কথাঃ
-সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত চিৰিয়াছ হোৱাৰ আগতে সেই কথাৰ বিষয়ে জানি নিশ্চিত হৈ লওক যে, আপোনাৰ পচন্দৰ গৰাকী ডিভোৰ্চ যাতে একেবাৰে শেহতীয়া নহয় (বেছি দিন হোৱাই নাই)৷

-প্ৰথমে কেজুৱেল ৰূপতেই তেখেতৰ সতে ডেটিঙ কৰক, সময় কটাওক; অলপ বুজি উঠাৰ পাছতহে প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ কথা ভাবিব৷

- প্ৰকৃত কথাখিনিৰ বিষয়ে বিশদভাৱে জানি লওক, তেওঁলোকৰ অতীত, কি কাৰণে ক’ত কি ভূল হৈ গ’ল৷ যদি কোনো সন্তান আছে, সেই বিষয়েও৷

- সিপক্ষৰ ফালৰ পৰাও আচল কাহিনীটো উদ্ধাৰ কৰাৰ চেষ্টা কৰক, যাতে আপুনি ভুল ব্যক্তিৰ পাল্লাত পৰা নাই , সেয়া নিশ্চিত কৰিবলৈ ৷

- মুকলি মনেৰে কথা পাতক৷ যিবোৰ কথাই আপোনাক বিঢ়ম্বনা দিয়ে, মনত অশান্তি দিব পাৰে, সেই কথাবোৰ আগতেই সুধি পুচি খোলোচা হৈ লওক ৷

আপোনাৰ নতুন সম্পৰ্কলৈ শুভেচ্ছা থাকিল৷ সংগীৰ দ্বিতীয় ইনিংছটো প্ৰেমময় কৰি তোলক, অতীতৰ স্মৃতিক পাহৰি নতুনৰ বাট সুখময় হৈ উঠক৷ তাকেই কামনা কৰিলো ৷


জীৱন যৌৱন শিতানৰ শেহতীয়া লেখাঃ

No comments:

Post a Comment