যি কথা নহয় সঁচাঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

যি কথা নহয় সঁচাঃ

যি কথা নহয় সঁচাঃ

Share This
(পৌৰ নিগমৰ নিৰ্বাচন উপলক্ষে "হাড়গিলা ৰসাল গগৈ"ৰ অভি-ভাষন)
জয়তু জাৱৰ জোথৰঃ প্ৰগতিৰ আকৰ

শ্ৰদ্ধেয় মহানগৰবাসী ৰাইজ,
জয়জয়তে আপোনালোকৰ ধৈৰ্যৰ মই শলাগ লৈছো৷ হেঃ হেঃ হেঃ মিচা ক’লে কি ডাল হবহে! দহটা বছৰ আমি পৌৰ সভাৰ নিৰ্বাচন নাপাতিলো, আপোনালোকে ধৈৰ্য নেহেৰুৱালে৷ পৌৰ নিগমৰ সেৱাৰ নামত ভেকোঁ-ভাওনা প্ৰদৰ্শন কৰি থাকি আপোনালোকক ভয়ানক মনোৰঞ্জন দিলো, তথাপি আপোনালোকে ধৈৰ্য নেহেৰুৱালে ৷

কৃত্ৰিম বান-পানীৰ নামত হোলোকা-হোলোকে পাহাৰৰ ৰঙাপানীকে খুৱালো, তথাপি আপোনালোকে ধৈৰ্য নেহেৰুৱালে ৷ খোৱাপানীৰ নামত চৰকাৰী টেপত পানী নোলাল, কৰবাত জাঙিয়া, কৰবাত পলিথিন ওলাল, তথাপিও আপোনালোকে ধৈৰ্য নেহেৰুৱালে৷ ব্ৰহ্মজল টোপাকে কিনি কিনি খালে, বিচলেৰী কিনি কিনি খালে, অথচ প্ৰতিবাদ নকৰিলে৷

আমি পদপথৰ মেইন হলেদিয়ে আম আদমীক ডাইৰেক্ট স্বৰ্গলৈ যোৱাৰ নতুন পথো আৱিস্কাৰ কৰাৰ লগতে চৰকাৰী কৰ্মচাৰী এজনক সেই পথে স্বৰ্গযাত্ৰা কৰাই আদৰ্শ দেখুৱালো, তথাপি আপোনালোকে পৌৰ নিগমৰ অফিচ ধ্বংস কৰিবলৈ নাহিল৷ সঁচাই মই ইমান ধৈৰ্য ধৰিব পৰা মহানগৰবাসী এই পৃথিৱীত দেখা নাই ৷ 

মইতো কও, গুৱাহাটীৰ ৰাইজক শ্ৰেষ্ঠ ধৈৰ্যধৰা মহানগৰবাসীৰ অভিলেখৰ স্বীকৃতি দিবলৈ গীনিজ বুক ইমান দিনে আহিবই লাগিছিল! কথা দিছো, এইবাৰ মই খবৰ দিম, এইটো মোৰ প্ৰথম নিৰ্বাচনী প্ৰতিশ্ৰুতি, ৰাইজ আৰু অকন  ধৈৰ্য ধৰক আমি জগত সভাত স্বীকৃতি দিমেই দিম ৷

শ্ৰদ্ধাৰ ৰাইজ, 
আপোনালোকে হয়তো জানি আচৰিত হব, যে ৩১টা ৱাৰ্ডৰ উন্নয়নৰ বাবে অহা ৩২০০কোটি টকাৰে গুৱাহাটীৰ অৱস্থা ৰৌজাল-বৌজাল নহ’ল কিয়? কেনেকৈ হব, সেই কেইটা টকাৰে যাতে আমাৰ মানুহে নিজৰ সৰ্বাংগীন উন্নতি কৰিব পাৰে, তাৰ বাবেইতো ইমান দিন পৌৰ সভাৰ নিৰ্বাচন পতা হোৱা নাছিল৷ মিচা ক’লে কি ডাল হবহে, সেই পইচাৰে গুৱাহাটীৰ ভিতৰুৱাকৈ বহুত উন্নতি হৈছে ৷ মহানগৰীৰ বৰ্ধিত জাৱৰ জোথৰেই তাৰ প্ৰমাণ৷

আগতে মহানগৰীলৈ মানুহ আহি পাহাৰত তৰ্জা বেৰৰ ঘৰ বনায়৷ আজিকালি সেই দিন নাই, অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল৷ যদিও এই ডায়লগটো আঞ্চলিকতাবাদী, তথাপি মই ব্যৱহাৰ কৰিছো৷ কাৰণ আমাৰ নিজৰ নিজৰ ঘৰৰ চৌহদৰ অঞ্চলবোৰৰ উন্নতি নহ’লে মৰমৰ মহানগৰ খনৰ উন্নতি কেনেকৈ হবহে ?

 সেই ৩২০০কোটি টকাৰে আমাৰ নিজৰ দলৰ কিমান মানুহৰ নিজৰ চৌহদ উন্নত হ’ল সাংবাদিকক সুধিলেই গম পাব ৷ মইতো কও, এতিয়া সেইবোৰ যথেষ্ট হ’ল, সেয়ে নিৰ্বাচন পাতি, গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হওক৷ আৰু সেয়েই এই নিৰ্বাচন আপোনালোকলৈ উপহাৰ দিছো ৷ হেঃ হেঃ হেঃ৷ দহ বছৰৰ পাছতযে অন্ততঃ সেইটো পাতিছো তাকে ঢাক ঢোল বজাবলৈও মই সকলোকে কৈ দিছো৷ ঢাক ঢোল অলচ্ এ ইম্পৰটেণ্ট্ মেটাৰ.... হেঃ হেঃ হেঃ...

আকৌ কও প্ৰগতিৰ কথা, আগতে অসমৰ বেলেগ বেলেগ ঠাইৰ পৰা আহি মানুহে পাহাৰৰ তৰ্জাবেৰৰ ঘৰ বনায়৷ সেইটো প্ৰকৃতিক ধ্বংস কৰাৰ এক ভয়ানক পদক্ষেপ৷ সেয়ে মই চব পাহাৰৰ ঘৰ ভঙাই দিছো, বন বিভাগক কৈছো, সংৰক্ষিত বনাঞ্চলত গছ কাটিছা বাৰু কাটা, এই পাহাৰৰ ঘৰ ভাঙি তাতেই নতুনকৈ বনাঞ্চল তোমালোকে পাতিব লাগিব ৷ বনৰজা ডাঙৰীয়াই সেই কথাত হয়ভৰ দিছে আৰু সেই প্ৰতিশ্ৰুতি দিয়াতহে অসমৰ সংৰক্ষিত বনাঞ্চল সমূহত অবাধ ধ্বংস কাৰ্য চলাবলৈ মইও হা কৰি দিছো ৷ হেঃ হেঃ হেঃ

মই আকৌ কৈছো, মানুহৰ যদি খাবলৈ ভাত নাই, তেন্তে পিজ্জা খাওক, চাওমিন খাওক, কেএফচি নে কি তাত গৈ কুকুৰা খাওক৷ এইবোৰ দোকান মল আদি মহানগৰীত হৈছেই, ই প্ৰগতিৰ চিন৷ 

সেইদৰে থাকিবলৈ যদি পাহাৰত তৰ্জাবেৰৰ ঘৰ নাই, আপোনালোকে ফ্লেটত বসবাস নকৰে কিয়? চিৰিয়াখানাৰ ওচৰতে কোটি টকীয়া ফ্লেট বনাবলৈ পাৰ্মিচন দিছো, তাৰ পৰা ওলায়েই পাৰ্কত ফুৰিব পৰাকৈ কেইবাকোটি চৰকাৰী ধনেৰে কেইবাশ কোটি দামৰ মাটিত বিনামূলীয়াকৈ মৰ্নিংৱাকৰ পাৰ্ক বনাই দিছো ৷ এইসব আপোনালোকৰ কাৰণেই.....মিচা ক’লে কি ডাল হব নহয়নে?

ইমান সুবিধা দিয়াৰ পাছতো মানুহ বোৰে পাহাৰৰ মাটিৰ পট্টা লাগে বুলি অখিল বোলাটোক লৈ সমদল কৰে ৷সেইসকল মানুহেই প্ৰগতিৰ বিৰোধী৷ পাহাৰত এতিয়াও উচ্ছেদ জোৰকৈ বন্ধ কৰিছে, ঘৰ বনাই থাকি পাহাৰ খনন কৰিছে, প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰিছে ৷ পাহাৰৰ মাটি খহিছে, বানপানী হৈছে৷ গুৱাহাটীৰ বানপানীৰ বাবে তেওঁলোকেই একমাত্ৰ জগৰীয়া৷ এই বানপানী আমাৰ বিৰুদ্ধে এক পূৰ্ৱ-পৰিকল্পিত ষড়যন্ত্ৰৰ বাহিৰে একো নহয়!


ভাল ভাল প্ৰগতিৰ পক্ষে থকা মহানগৰবাসীয়ে  মলে চলে, ৰেষ্টুৰাই, কে এফচিয়ে খাবলৈ লৈছে, খোৱাপানী নাই কি হ’ল পেপচি, কোকাকোলা পিবলৈ লৈছে৷ বাটৰ দাঁতিত, নৰ্দমাত সেইবোৰ বটলৰ সংখ্যাই তাৰ প্ৰমাণ নিদিয়েনে৷ সিদিনা দেখিলো ফ্লেটৰ বেলকনিতে এগৰাকীয়ে তুলসী পুলি ৰুইছে, তাকো কেএফচিৰ বাকেটত! মহানগৰখনে আধুনিক যুগ সভ্যতা, গোলকীকৰণৰ লগত সমানে আগবাঢ়িছে অথচ তুলসী পূজা কৰাৰ দৰে ঐতিহ্য এৰি মহানগৰীৰ বাসিন্দা চিন্নমূল হৈ যোৱা নাই৷ ই তাকেই প্ৰমাণ নকৰেনে? হেঃ হেঃ হেঃ তুলসী ইজ অলচ’ এ ইম্পৰটেণ্ট মেটাৰ, নে কি কয়?

মানুহে পেণ্টালুনৰ পৰা কিনিছে, বিগ বাজাৰত ভিৰ দেখিছে, সোমাবই নোৱাৰি, বিশালত কিনিছে, সেই বুলি জানো ফেন্সিত ভীৰ কমিছে৷ মানুহে যে ইমান বোৰ কিনিছে, তাৰ মানে জানো অৰ্থনৈতিক প্ৰগতি হোৱা নাই, বাটে ঘাটে সিবোৰৰ পলিথিনেই তাৰ প্ৰমাণ!

সিদিনা গম পালো, গুৱাহাটীত ফ্লেটৰ ভূমি পূজনৰ দিনাই বুকিং খতম৷ তাকে দেখি দিল্লী, মুম্বাইৰ পৰাও বিল্ডাৰ ইয়ালৈ ঢাপলি মেলিছে৷ মোলৈ স্বয়ং হাইকামাণ্ডৰ ফোন আহিছে৷ স্বয়ং তেখেতৰ জোঁৱায়েকেই গুৱাহাটীত বিশাল ৰিয়েল ইষ্টেট অকন কৰি ৰাখিবলৈ হেপাঁহ কৰিছে৷ গুৱাহাটীৰ হেনো বিৰাট স্কোপ আছে, মিচা ক’লে কি ডাল হবহে! 

সেয়ে ৰাইজ মই কৈছো, নহয় এয়া নহয় সাধাৰণ জাৱৰ জোথৰ, এয়া হ’ল প্ৰগতিৰ আকৰ৷ আচলতে অংকৰ ভাষাত কবলৈ গ’লে মহানগৰীত জাৱৰ জোথৰৰ দমৰ সংখ্যা প্ৰগতিৰ বৰ্গৰ সমানুপাতিকহে! এগুণ যদি প্ৰগতি তেন্তে তাৰ বৰ্গৰ সমান জাৱৰ জোথৰ ৷ 

মাত্ৰ জাৱৰ জোথৰেই বাঢ়িছে এনে নহয়, জাৱৰৰ সতে বাঢ়িছে নিয়োগৰ সম্ভাৱনাও ৷ গুৱাহাটীবাসীৰ ঘৰত থকা ২৬০০০হাজাৰ শিশু শ্ৰমিকৰ সংখ্যাইও এক অভিলেখ গঢ়িছে৷ প্ৰগতি হ’লেই নহব নহয়, চাওকচোন মহানুভৱ গুৱাহাটীবাসীয়ে চাফ-চফাইৰ বাবেও কিমান খেয়াল ৰাখিছে৷ অভাৱত থকা শিশু সকলক সেই কামত নিয়োগ কৰি ঘৰে ঘৰে এক আদৰ্শ দেখুৱাইছে ৷

মইতো কও, অভাৱী মানুহক বিশেষকৈ অভাৱত থকা শিশু সকলক এইদৰে আশ্ৰয় প্ৰদান কৰাটো অতি শলাগনীয় কথা ৷ আজিকালি নতুন ধনী মানুহে গাঁৱৰ ঘৰলৈ গ’লেই, তেনেকৈ দ্বায়িত্ব লব বিচৰা শিশু বিচাৰি গাঁৱে গাঁৱে দুখীয়া মানুহৰ ঘৰে ঘৰে যায়৷ এনে মহানুভৱতা দেখিলেই ভাল লাগি যায়৷ এই দৰেই মহানগৰীৰ প্ৰগতি হব, জাৱৰ বাঢ়িব, নিয়োগৰ সম্ভাৱনা বাঢ়িব আৰু নতুন নতুন অভিলেখেৰে অসম জগত সভালৈ যাব, সেয়া নিশ্চিত ৷

সদৌ শেষত, 
আকৌ ধৈৰ্যশীল মহানগৰবাসীক কওঁ, আপোনালোক নাগৰিক হিচাবে দেশৰ আদৰ্শ৷ সেয়ে ভাল নাগৰিকৰ দৰে আমাক ভোট দিয়ক৷ অহা পাঁচ বছৰতো গুৱাহাটীক জাৱৰ-জোথৰেৰে ভৰা এক আগশাৰীৰ প্ৰগতিশীল মহানগৰ কৰি আমি গঢ়ি তুলিম ৷

কথা দিছো, ভৰলু এই মহানগৰৰ সমন্বয়ৰ সুঁতি হৈ চিৰদিন বব৷ প্ৰগতিৰ সকলো আকৰ, জাৱৰ জোথৰ, মল-মূত্ৰ ই বহন কৰি নিব৷ মইতো কও, ভৰলু আচলতে মহানগৰীৰ বৰ্ণময় সকলো জীৱন ধাৰাৰ মহামিলনৰ সেতু! বৈচিত্ৰৰ মাজত ঐক্য, সমম্বয়ৰ প্ৰতীক এক পবিত্ৰ ধাৰাহে৷ ইংৰাজীত গোটেই কথাবোৰৰ সাৰমৰ্মটো যেন এনেধৰণৰ- "Guwahatians are devided by flats, kitchens & toilets, but united by Bharalu".

সেয়ে আহক সমস্বৰে কও, 
জয়তু মহানগৰ, 
জয়তু জাবৰ জোথৰ, 
এক বিশাল প্ৰগতিৰ আকৰ!

1 comment:

  1. "Guwahatians are devided by flats, kitchens & toilets, but united by Bharalu".
    Great quote of the day !

    কিন্তু কি হব ?
    হাতীৰ গালৈ তৰাৰ ফৰ্মুঠি !!

    ReplyDelete