ৰাষ্ট্ৰীয় গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্ৰীয় গুজৱ.কম

ৰাষ্ট্ৰীয় গুজৱ.কম

Share This
মাটি ৰসাল, হৃদয় বিশালঃ
 অসমৰ বাবে সংৰক্ষিত আসনত আন ৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তিক লৈ অৰ্ধ সামৰিক বাহিনীত কেলেংকাৰী হোৱা বুলি সংবাদ মাধ্যমত প্ৰচাৰ কৰা কাৰ্যক সচেতন মহলে প্ৰচণ্ড সমালোচনা কৰিছে ৷


 অসমৰ বাবে সংৰক্ষিত আসনত যদি পাঞ্জাৱৰ মানুহে অসমত ভাড়া ঘৰত থকাৰ এখন কাগজ দেখুৱাই সেই স্থানত এদিনো বসবাস নকৰাকৈ পাঁচবাৰকৈ ৰাজ্য সভালৈ যাব পাৰে,  দেশৰ প্ৰধানমন্ত্ৰী হব পাৰে, তেন্তে সেই দেশত তেনে কাগজৰ বলতে সাধাৰণ অৰ্ধ-সামৰিক বাহিনীত বাহিৰৰ প্ৰাৰ্থীক নিযুক্তি দিয়াটো অতি উত্তম কামেই কৰা হৈছে বুলি সচেতন মহলৰ সম্পাদক শৰ্মা বৰুৱাই মত ব্যক্ত কৰিছে ৷ এইটো কেলেংকাৰী নহয়, মহানুভৱতাৰহে নিদৰ্শন বুলি তেখেতে মত ব্যক্ত কৰিছে৷ 

 অসমৰ মাটি যিমান ৰসাল, সিমানেই অসমীয়া মানুহৰ হৃদয় বিশাল ৷আমি মানুহক কেনেকৈ আদৰি লব পাৰো, সেয়া সলোৱে মানবই লাগিব, আমি একেখন দেশৰে কিয়, আন দেশৰ মানুহকো আদৰি লৈ খিলঞ্জীয়া, জনজাতিৰ বাবে সংৰক্ষিত মাটি-ভেটি দি আপোন কৰি লোৱা নাইনে? এনে বজৰুৱা প্ৰচাৰৰ দ্বাৰা সংবাদ মাধ্যমে অসমীয়া বিসাল মনক ঠেক গণ্ডীলৈ লৈ যাব বিচৰাক শৰ্মা বৰুৱাই প্ৰৱল সমালোচনা কৰিছে ৷

ৰাহুলৰ বাৰ্থডেত ৰাষ্ট্ৰজুৰি লুকা ভাকু খেল


জন্মদিনত আমূলৰ উপহাৰঃ এক কাৰ্টুন
ৰাহুল মাইনাৰ বাৰ্থ ডে উপলক্ষে দেশৰ ভিন্ন ভিন্ন প্ৰান্তত অনুৰাগী সকলে লুকাভাকু খেল অনুষ্ঠিত কৰে ৷ লুকা-ভাকু খেলত কোনোৱে ব্লেক মানি লুকুৱাই, কোনোৱে সোনৰ বিস্কুট, কোনোৱে ছুইচ বেংকৰ পাচবুক আদি লুকুৱাই৷ ৰাহুল মাইনাই নিজৰ মেণ্টৰ চিবিআই খুডাৰ সতে দল বান্ধি এই লুকাভাকু খেলত জিকিবলৈ সক্ষম হয় ৷

এই লুকা-ভাকু খেলৰ লগতে ট্ৰেজাৰ হাণ্ট প্ৰতিযোগিতাও আৰম্ভ হয়৷ টু-জি, থ্ৰী-জি, কয়লা, মাইনিং লাইচেঞ্চ আদি ট্ৰেজাৰ হান্ট প্ৰতিযোগিতাত টাটা, বিৰলা, জিণ্ডালৰ ঘৰৰ শিশু সকলেও ভাগ লয়৷ 

ৰাহুলৰ জন্মদিন উপলক্ষে দেশ জুৰি থকা তেওঁৰ দেউতাকৰ নামৰ সকলো ৰিয়েল ইষ্টেট প্ৰৰ্পাটিত কেক কাটে (সকলো ভৱনকে ৰা.ভৱন বুলি মতাটো উল্লেখনীয়)৷ অসমতো এক বিশাল কেক কাটে কনপোনা গগৈয়ে৷ কনপোনা গগৈয়ে দিয়া ৰাহুলৰ সৈতে জনপথত শৈশৱৰ সোনালী দিন সম্বন্ধীয় চকু সেমেকি যোৱা ভাষণত উপস্থিত সকলোৰে চকু চলচলীয়া হৈ পৰে৷

ৰাহুলৰ জন্মদিনৰ ব্যাপক উদযাপনত ভাগ লোৱা বাবেই মহানগৰীৰ ৫১ শতাংশ ৰাইজে পৌৰ সভাৰ নিৰ্বাচনতো ভাগ লব নোৱাৰিলে৷ জন্মদিনৰ সতে সংগতি ৰাখি দিনটো বন্ধ দিন ৰূপে ঘোষণা হোৱাত সকলোৱে সেই বন্ধত জন্মদিনৰ পূৰ্ণ আনন্দ উপভোগ কৰে ৷ আৰু এই দিনটো প্ৰতি বছৰেই গেজেটেট হলিডে কৰি দিবলৈ সচেতন ৰাইজে দাবীও উত্থাপন কৰে ৷

ঘোঁৰাৰ শিং গজাটোৱেই বেমাৰঃ
কাৰ্টুনিষ্ট কেশৱৰ দৃষ্টিৰে

উত্তৰাখণ্ডৰ বান- প্ৰাকৃতিক দুৰ্যোগৰ চাবলৈ যোৱা প্ৰধান মন্ত্ৰীৰ ফটো ফেচবুক যোগে সম্প্ৰচাৰ হৈ আছে৷ লগতে দেশ বিদেশৰ ডেকা-ডেকা ৰাষ্ট্ৰনেতা সকলে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হাতে কামে উদ্ধাৰ কাৰ্যত লাগি থকাৰ তুলনামূলক বিশ্লেষণো চ’চিয়েল মেডিয়াত চলি আছে৷

তাৰ মাজতে এজন ৰসিক পণ্ডিতে দেশৰ এই সকল টুটকীয়া ফেচবুকাৰীক গৰিহণা দি কৈছে যে, আন দেশৰ ৰজা-মন্ত্ৰী, ডেকা ডেকেৰী৷ ফ্ৰান্সৰ এজনে নতুনকৈ বিবাহ বিচ্ছেদ কৰি নতুন সংগীৰ সন্ধান কৰিছে, ৰাচিয়াৰ জনে বোলে ১৭বছৰীয়া জিমনাষ্টৰ সতে নকৈ প্ৰেমত পৰিছে৷ সেই সকলৰ লগত এখেতৰ তুলনা কৰিছা কিয়৷ মা-দেউতাই কি সংস্কাৰ শিকাইছেহে? যে তুমি ফেচবুকত ৮২বছৰীয়া বৃদ্ধ এজনে বেগ উঠাই, দুৰ্গত জনক উদ্ধাৰ কৰিব বুলি আশা কৰিছা, বা দাবী কৰিছা৷ এইজন সেইবোৰৰ বাবে অক্ষম, আৰু সেই আশা এই চাঙীত উঠৰ বয়স হোৱা মানুহৰ পৰা কৰাটো ভাৰতীয় সংস্কাৰ বিৰোধীও!!!!

ৰসিক পণ্ডিতজনে কয় যে, তেখেতে মাত্ৰ আৰামত হেলিকপ্তাৰত ঘূৰিব পাৰে, চৰকাৰী খৰচতে যাতে চৰকাৰী পদবী নোহোৱা মেডামেও লগত গৈ চাব পাৰে, তাৰ বাবে যোগাৰ কৰিব পাৰে৷ আৰু তেওঁ এই বিষয়ত ফিল্ডত নমাতকৈ "সিদ্ধান্ত"হে গ্ৰহণ কৰি দেশক বিপদৰ সময়ত উদ্ধাৰ কৰিব পাৰে বুলি সজোৰে দাবী উত্থাপন কৰে ৷

কিন্তু সকলো মানি ল’লেও, মা কচম, পাপ্পা কচম খালেও, লক্ষ্মী মাইৰ কচম খালেও দেশৰ সচেতন জনতাই সিং চাৰে "সিদ্ধান্ত" লয় কথাটো মানি লব পৰা নাই৷ সেয়ে ৰসিক পণ্ডিত জনক কথাষাৰ হজম কৰিবলৈ হাজমোলাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷

 তেওঁ বয়সৰ সতে শাৰিৰীক ভাৱে অক্ষম, সেয়া ৰসিক পণ্ডিতেই কৈছে৷ আৰু সিদ্ধান্ত লোৱাত যে অক্ষম, সেয়া দেশৰ পেন-পিন্ধিবলৈ নিশিকা কেইটায়ো জানে! সেয়ে সচিতেন মহ’লে সিং চাহাব, ৰিটায়াৰ লওক, ঘোঁৰাৰ শিং গজাটোৱেইটো বেমাৰ বুলি গুজৱ চলোৱাৰ খবৰ আহিছে!

No comments:

Post a Comment