জুতি লগা আখলত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখলত

জুতি লগা আখলত

Share This
কলডিলৰ সতে ৰন্ধা কুকুৰা মাংসৰ ব্যঞ্জন
উপকৰণঃ
ভীমকলৰ মজলীয়া আকৃতিৰ কলডিল এটাৰ আধা অংশ
কুকুৰা মাংস চাৰিশ গ্ৰাম, সৰু সৰুকৈ টুকুৰা কৰিলে ভাল৷
অলপ ডাঙৰ চাইজৰ এটা আলু, 
পিঁয়াজ এটা (ডাঙৰ), 
আদা-নহৰু অনুমান অনুসাৰে পিচি লওক ৷
মিঠাতেল, হালধি, গৰম মচলা বা মীট মচলা এচামুচ, জলকীয়া (স্বাদ অনুসাৰে),
কেইটিমান গোটা জালুক ৷

ৰন্ধন প্ৰণালীঃ
কলডিলটোৰ পৰা আধা অংশ উলিয়াই ভিতৰৰ কোমল অংশটো ৰান্ধিবৰ বাবে সৰু সৰুকৈ কাটি লওক৷ মাংসখিনি ধুই লৈ ডাঙৰ টুকুৰা থাকিলে সৰু সৰু কৰি লওক ৷আলুটো ঘনক আকাৰত সৰু সৰু টুকুৰা কৰি লব৷পিয়াঁজটো সৰু সৰুকৈ কাটি লওক ৷

সকলো যোগাৰ হোৱাৰ পাছত কেৰাহীত তেল গৰম কৰক ৷ তাতে পিয়াজ খিনি দি ৰঙচুৱা হোৱাকৈ ভাজক৷ এতিয়া তাত মাংসখিনি দি তাত নিমখ, হালধি, মীট মচলা বা গৰম মচলা আদি দি দিয়ক৷ মাংসখিনি ভালকৈ লৰাই লৰাই ভাজিবলৈ আৰম্ভ কৰক ৷আদা নহৰু পিচা খিনি তাতে ঢালি দিয়ক ৷কেঁচা জলকীয়া বা জলকীয়া গুৰি এইখিনি সময়তে স্বাদ অনুসাৰে দি দিব পাৰে৷ এতিয়া মাংসখিনি অলপ সিজা যেন লাগিলে তাত কলডিলখিনি দি দিয়ক৷এতিয়া তাতে দুটামান জালুক খুন্দি আৰু দুটামান এনেয়ে গোটা জালুক দি দিয়ক৷ 

জুইতো চীমতে ৰাখি ৰান্ধিব, যাতে কেৰাহীত লাগি নধৰে৷ কম জুইতে ঢাকোন মাৰি মাংসৰ সতে কলডিল, আলু সিজালৈ অপেক্ষা কৰক ৷ এতিয়া সকলো সিদ্ধ হোৱা যেন লাগিলে, নিমখ আদি ঠিকেই হৈছেনে পৰীক্ষা কৰক ৷ আৰু গৰমে গৰমে খোৱাৰ টেবুলত পৰিবেশন কৰি ভামকলৰ কলডিলৰ সৈতে ৰন্ধা কুকুৰা মঙহৰ অপূৰ্ব ব্যঞ্জনৰ সোৱাদ লওক৷

No comments:

Post a Comment