যি কথা নহ’ল সঁচা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

যি কথা নহ’ল সঁচা

যি কথা নহ’ল সঁচা

Share This
(সামাজিক ব্যংগৰে সত্যৰ সন্ধান)
শৰ্মিলা ঠাকুৰক শংকৰদেৱ বঁটাঃ এক বিশেষ "সামাজিক" গৱেষণা

বলিউদী বিকিনি গাৰ্লৰূপে খ্যাত শৰ্মিলা ঠাকুৰক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাদন কৰাৰ সময়তে অসমীয়া মানুহৰ এক বিশাল প্ৰতিবাদী সত্বাই পুনৰ পাৰ পাই উঠিলে ৷ কি কাৰণে শ্ৰীমন্ত শংকৰদেৱ বঁটা শৰ্মিলা ঠাকুৰক প্ৰদান কৰা হ’ল তাকে লৈ টিভিৰ পৰ্দা, অনলাইন, অফলাইন সকলোতে চৰ্চা চলিবলৈ ধৰিলে ৷

 সেয়ে ৰসৰাজ সামাজিক গৱেষণা সংস্থাই তাকে লৈ এটা বিশ্ববিদ্যালয় অনুদান আয়োগৰ মাইনৰ প্ৰকল্পৰ নামত ৫লাখ টকা সৰকাবলৈ সক্ষম হয়৷ সেই পাঁচ লাখ টকাক খৰছ হোৱা দেখুৱাবলৈ কৰা গৱেষণাত কিন্তু নতুন নতুন তথ্য পোহৰলৈ আহিছে আৰু ই সচেতন মহলক অচেতন কৰিব পৰা ধৰণৰ খোৰাক যোগাবলৈ সক্ষম হৈছে ৷


এই অধ্যয়নৰ প্ৰথমটো হাইপ’থেচিচ মতে শৰ্মিলাৰ শ্ৰীমন্ত শংকৰদেৱৰ সতে দূৰ দূৰণিলৈকে দেখা নোপোৱা সম্পৰ্কক নকৈ উন্মোচন কৰাৰ বাবে কিছু ফৰ্মূলা তৈয়াৰ কৰিল লোৱা হয় ৷ দেৱদাস চিনেমাত চুন্নীবাব্বু ফৰ্মূলা মতে শ চে শংকৰদেৱ আৰু শ চে শৰ্মিলা, এক প্ৰথম যোগসূত্ৰ হব পাৰে বুলি তেওঁলোকে নিৰ্ণয় কৰে ৷


আৰু বিকিনি গাৰ্ল বুলিও সাংবাদিকে তেখেতক হাঁহিব নালাগে৷ সেয়াও আঁচলতে অসমীয়া "ছাঁতে শুকুৱা মুঠিতে লুকুৱা" বস্ত্ৰক এক বিশ্ব সভালৈ তুলি ধৰাৰ সাহসী পদক্ষেপহে ৷ সেই কথা আমি এক বিশাল সামাজিক দৃষ্টিকোনৰ পৰা হৃদয়ংগম কৰিব পাৰিব লাগিব ৷

আকৌ জ্যোতিষ পইণ্ট ফৰ্মূলাৰ পৰা শংকৰদেৱ আৰু শৰ্মিলাৰ একে ৰাশি আৰু সেই সূত্ৰে সকলো গ্ৰহ-নক্ষত্ৰীয় দোষ-গুণ একে ধৰণৰ হোৱাৰ ফলতে শংকৰদেৱৰ সৈতে শৰ্মিলাৰ এক জ্যোতিষী সম্পৰ্কৰ কথা পোহৰলৈ আহে৷ এই গুৰুত্বপূৰ্ণ সম্পৰ্কটো অনা-জ্যোতিষ সাংবাদিকে অনুধাৱন কৰিব নোৱাৰাৰ বাবেই এনেয়ে উপৰুৱা সমালোচনা কৰা বুলি জ্যোতিষ জননী খনাৱতীয়ে মতামত প্ৰদান কৰে ৷

গৱেষণা সংস্থাই এইবাৰ বিখ্যাত "ভোকেন্দ্ৰ বৰুৱা" ফৰ্মূলাত ঠাকুৰ উপাধিয়ে তেওঁক বিশ্ব-বিখ্যাত কবি বিশ্বগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ আপোনজন আৰু একেই বাংগালী সূত্ৰে, সাংস্কৃতিক উপাদানেৰে সমৃদ্ধ হোৱাৰ কথা প্ৰমাণ কৰিছে ৷ সেয়ে বিশ্ব নাগৰিক শংকৰদেৱৰ নামত দিয়া বঁটাৰ বাবে বিশ্ব কবিৰ এলেকৰ পেলেক শৰ্মিলা ঠাকুৰক দিয়াটো অতিশয় উত্তম কথা হৈছে বুলি উন্মোচিত হৈছে ৷

তাতে শ্ৰীমন্ত শংকৰদেৱে কৈ যোৱা এক ধৰ্মবিহীন সমাজৰ বাণী এই শৰ্মিলাই নিজে বহন কৰিছে ৷ যেনেকৈ গুৰুৱে "কুকুৰ শৃগাল গদভৰ্ৰো আত্মাৰাম" বুলি নামঘৰৰ মজিয়াত গৰীয়াৰ ছান্দ খাঁ, গাৰোৰ গোবিন্দক ঠাই দিছিল, সেইদৰে বিখ্যাত ঠাকুৰ লিখিও শৰ্মিলাই নিজে ইছলাম ধৰ্মী নৱাবৰ বৰঘৰ শুৱনি কৰিবলৈ গুচি গৈছিল৷ ইও প্ৰমান কৰে যে শংকৰদেৱৰ মহান বাণীৰ দ্বাৰা পৰিচালিত হোৱা শৰ্মিলা ঠাকুৰ, নিজে সংসাৰত ধৰ্মৰ সীমাৰেখা চিঙি দিয়াৰ বাবে বঁটাৰ যোগ্য নহয়, একেবাৰে অতি যোগ্য প্ৰাৰ্থী হৈ উজ্বলি উঠিছে ৷ ইয়াৰ দ্বাৰা শংকৰৰ বাণীৰে হিন্দু ছোৱালী মুছলিমলৈ বা আন ধৰ্মলৈ ঘৰৰ অমতত পলাই যোৱা বা বিয়া হোৱাৰ এক আদৰ্শ প্ৰতিষ্ঠা হব আৰু ই এক সামাজিক ৰূপান্তৰৰ বাহক হব ৷ আৰু ধৰ্মৰ ভিত্তিত থকা বাঢ়ি অহা ৰাজনীতিবোৰক ওফৰাই পেলাবলৈ শৰ্মিলা ঠাকুৰক এই বঁটা প্ৰদানে বুঢ়া আঙুলি দেখুৱাৰ কাম পাৰিব, ৰাষ্ট্ৰীয় মঞ্চতো এই কথা উজ্বলি উঠিব!

গৱেষণা সংস্থাই জিনীয় বিশ্লেষণ সূত্ৰ আধাৰত আৱিস্কাৰ কৰিছে যে শৰ্মিলা ঠাকুৰৰ প্ৰকৃততেই আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ অসমীয়া জিনৰ এক বাহক স্বৰূপহে ৷ জ্ঞানাভিৰাম বৰুৱাৰ জীয়াৰীৰ কণ্যা সূত্ৰে ২৩ডাল অসমীয়া জিনেই তেওঁৰ সতে অসমীয়াৰ অলক্ষিতে দেশ-বিদেশ পৰিভ্ৰমণ কৰি অহা বুলি পোহৰলৈ আহিছে ৷ সেই ফৰ্মূলাতে ১১.৫ ডাল জিনৰ সৈতে চইফ আলি খানো চাৰিভাগ এভাগ অসমীয়া, আৰু কৰিণাও চাৰিভাগৰ এভাগ অসমীয়া বোৱাৰী ৰূপে সংস্থাই গৱেষণাত আৱিস্কাৰ কৰিছে ৷ ইও এক চকু মেল খাই যাব লগা বৃহৎ আৱিস্কাৰেই ৷ আৰু এই যোগসূত্ৰ সমূহে শংকৰদেৱ বঁটা যে অতি যোগ্য জনক দিয়া হ’ল তাক প্ৰতীয়মান কৰিলে ৷

এনে মাইনৰ সৰু সুৰা গৱেষণা মাত্ৰ পাঁচ লাখ টকাৰে সামৰিব নোৱাৰি বুলি তাক দহলাখলৈ বৃদ্ধি কৰিব লাগে বুলি এই আপাহতে কলেজ শিক্ষক সংস্থাই শিক্ষা মন্ত্ৰী, মুখ্যমন্ত্ৰী, বিশ্ব-বিদ্যালয় অনুদান আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে ৷
-----------------------------------------------------------
পুনশ্চঃ এই সকলো তথ্য শিক্ষামন্ত্ৰীৰ তালৈ যোৱাৰ পাছতহে আচলতে প্ৰকৃত কথাৰ গুৰি ওলাল৷ এইবোৰ ৰিপৰ্ট দেখি শৰ্মা দাই হেঃ হেঃ কৈ হাঁহবলৈ ধৰিলে ৷ তেখেতে পৰিবাৰলৈ ফোন লগাই কথাষাৰ উমান দিও বুলি ফোন কৰাত হে পি,এ জনৰ পৰা সুখ দুখে ৰহস্যৰ মূল কথাবোৰ আহৰণ কৰিবলৈ সক্ষম হ’ল ৷

(সেই কাহিনী পিছৰ খণ্ডত)
শেহতীয়া লেখাৰ বাবে তলত ক্লিক কৰক
অসমীয়া চলচিত্ৰক যৌৱন দিবলৈ আহিব চাইনি লিয়নী

No comments:

Post a Comment