"ধন্য নাৰী, যাৰ তনু ভাল"
-----------------------------
অসমীয়া চলচিত্ৰ উদ্যোগক দিব পুনৰ যৌৱনঃ চাইনী লিয়নিয়ে অসমীয়া বোৱাৰীৰ চৰিত্ৰত অভিনয়ৰ বাবে হ’ল চুক্তিবদ্ধ
-----------------------------------------------------------
(শেহতীয়াঃ "যি বোৰ নঘটিল সঁচাই"ৰ বাবে ইয়াত ক্লিক কৰক)
-----------------------------
অসমীয়া চলচিত্ৰ উদ্যোগক দিব পুনৰ যৌৱনঃ চাইনী লিয়নিয়ে অসমীয়া বোৱাৰীৰ চৰিত্ৰত অভিনয়ৰ বাবে হ’ল চুক্তিবদ্ধ
-----------------------------------------------------------
অসমীয়া চলচিত্ৰ উদ্যোগক পুনৰ যৌৱন দিয়াৰ বাবে অতিশয় প্ৰতিভাবান পৰিচালক তনু ভূঞাই সৃষ্টি কৰিলে নতুন চমক৷ "নতুন ঢং" চেনেলৰ প্ৰযোজনাত হলিউদী পৰ্ণষ্টাৰ চাইনী লিয়নিক অসমীয়া চিনেমাৰ বাবে কৰিলে চুক্তিবদ্ধ৷ জিএচ ৰোডৰ ভিডিঅ’ৰে বিশ্বৰ চলচিত্ৰ-প্ৰেমী দৰ্শকৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰা তনু ভূঞাৰ এই পদক্ষেপ অসমৰ সাংস্কৃতিক ইতিহাসক পুনৰোজ্জিবতি কৰি তুলিব পাৰিব বুলি সচেতন মহলে মত ব্যক্ত কৰিছে ৷
সমগ্ৰ বিশ্বৰ দৰ্শকে কাপোৰ পিন্ধা অৱস্থাত চাইনীক চাবলৈ প্ৰৱল আগ্ৰহ পুহি ৰখাৰ কথাক মূলধন হিচাবে লৈ তীক্ষ্ণ তনু ভূঞাই এই পৰিকল্পনা কৰি পেলালে বুলি সূত্ৰত প্ৰকাশ ৷ অসমীয়া মেখেলা চাদৰ পৰিহিতা আৰু উৰণি বাউনিলৈ সলাজ খোজেৰে অসমৰ জলিউদী ৰূপালী পৰ্দাত খোজ দিব বুলি বতৰা ওলোৱাৰ লগে লগেই বিশ্বৰ কেইবাটাও ভাষালৈ ভাষান্তৰ তথা চাব-টাইটলৰ বাবে ব্যৱসায়িক চুক্তি সম্পন্ন হোৱা বুলি ভূঞাই জানিবলৈ দিছে ৷
ইমান দিনে কোপোৰৰ অভাৱতে চৰিত্ৰত অভিনয় কৰি ভূয়সী প্ৰশংসা লাভ কৰি অহা লিয়নীয়ে অসমীয়া সাজপাৰ, তথা মুগা-পাটৰ কাপোৰক লৈ অত্যন্ত উৎসাহী হৈ পৰাৰ কথা জানিব পৰা গৈছে৷ চিল্কালয়ত কাপোৰ চাবলৈ আহি ট্ৰায়েল দিওতেই "অ মাই গড!" বুলি বাৰে বাৰে ভগৱানৰ নাম লৈ থকা বুলি শুনি তেওঁ ধাৰ্মিক পত্নীৰ চৰিত্ৰটো সৱল অভিনয় কৰিব পৰাটো খাটাং বুলি চিল্কালয়ৰ চেলচ গাৰ্ল সকলে জনাইছে ৷
বেনাৰসী শাৰী নহয়, অসমৰ হস্ত তাঁতৰ কাপোৰহে মাত্ৰ পৰিধান কৰি অসমৰ বস্ত্ৰ উদ্যোগকো আন্তৰ্জাতিক মঞ্চত থিয় কৰাই দিব বুলি লিয়নিয়ে সংবাদিকৰ আগত মন্তব্য কৰে ৷ সেয়ে এই ছবিখনত হস্ত-তাঁত বস্ত্ৰ শিল্প বিভাগৰ পৰাও কিছু স্পনছ’ৰ তনু ভূঞাই যোগাৰ কৰি লবলৈ সক্ষম হৈছে বুলিও জনাইছে ৷ লগতে কাজিৰঙাৰ এশিঙীয়া গঁড়ত উঠি, "অহ ইটচ নট আফ্ৰিকা, ইটচ কাজিৰঙা" বুলি সংলাপ সমৃদ্ধ দৃশ্যাংশও থকাৰ লগতে এশিঙীয়া গঁড় হত্যা কৰা চোৰাংচিকাৰীৰ খবৰ বন বিভাগত দি কেইবাটাও গঁড়ৰ জীৱন ৰক্ষা কৰাৰ কাহিনীও মূল ছবিখনৰে অংশ যদিও ব্যৱসায়ীক গোপনীয়তাৰ খাতিৰত সকলো কথা কবলৈ ভূঞাই অস্বীকাৰ কৰে ৷ এই দৃশ্যাংশৰ বাবেও বনৰজাৰ বিভাগ আৰু পৰ্যটন বিভাগৰ পৰা স্পনচৰশ্বিপৰ ধন ভূঞাই লাভ কৰা বুলি সূত্ৰই জনাইছে ৷
এইদৰে বিভিন্ন বিভাগৰ পৰা "স্পনচ’ৰশ্বিপ" চান্দাৰ দৰে গোটাই লৈহে এই ব্যয়বহুল প্ৰকল্প সম্ভৱ হৈছে বুলি প্ৰযোজক পক্ষই ব্যক্ত কৰিছে ৷ বিশেষ কিছু প্ৰযোজনাত উত্তৰ কাছাৰৰ পৰিষদৰ পৰাও কৰা হৈছে, যাতে লিয়নীৰ দেহত কাৰ্বি সাজপাৰেও শোভা পায়, আন্তৰ্জাতিক মৰ্যদা লাভ কৰে, সেই উদ্দেশ্যে৷
অসমৰ ৰাইজৰ সকলো আশা আকাংখ্যাক সন্মান কৰিহে লিয়নিয়ে এই ছবিৰ অফাৰ গ্ৰহণ কৰিছে ৷ লিয়নিয়ে সংবাদ মাধ্যমক জনোৱা মতে, যি ৰাজ্যত ৰজাই উলংগ ভাৱে টকা পইচা লুটিছে, কেলেংকাৰী কৰিছে, তাত নাৰী উলংগ হৈ দেখুওৱাৰ কি ভেল্যু আছে? সেয়ে তেওঁ কাপোৰৰ আবুৰৰ মাজত সোমাই বিশ্ববাসীক "উলংগ ৰজাৰ দেশতো কাপোৰৰ কিমান মূল্য" তাক প্ৰমাণ কৰি দিব খুজিছে ৷ বিশ্বই জানক, অসমৰ দৰে অতি সাংস্কৃতিক উপাদানেৰে, হস্ত শিল্পৰে ভৰপূৰ এখন ৰাজ্যত কি দৰে নিৰীহ প্ৰজাৰ ৰূপত কাপোৰৰ আবুৰেৰে নাৰীক আৱৰি ৰখা হয়৷ আৰু সেই বহুমূলীয়া পাটৰ চেট কিনি শ্ৰীমতী সকলক আৱৰি ৰখাৰ সংগ্ৰামতে দেশৰ মন্ত্ৰী, বিষয়া সকলে উলংগ ৰূপত ৰাজকোষ লুণ্ঠন কৰিব লগাত পৰে ৷ ইয়াৰ দ্বাৰা অভাৱত মানুহৰ কেনেকৈ স্বভাৱ নষ্ট হয় সেই হিতোপদেশো দিবলৈ চেষ্টা কৰা হৈছে ৷
শিশু সকলকো মাক দেউতাকৰ সতে এনে হিতোপদেশ চাব পৰাকৈ ছবিখন নিৰ্মাণ কৰিব লগা আছিল যদিও কাহিনীৰ প্ৰয়োজনত কাজিৰঙাৰ বিল এখনত তিয়নি পিন্ধি গা-ধোৱা এজাক কিশোৰৰ মাজত বুকুত মেথনি মাৰি গা-ধোৱা চাইনিৰ দৃশ্যাংশক লৈ চেন্সৰ বৰ্ডৰ সৈতে তনু ভূঞাৰ প্ৰৱল সংঘাত হব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে ৷
যি কি নহওক, এই প্ৰকল্পৰ জড়িয়তে পশ্চিমীয়া বিশ্বক সম্পূৰ্ণ কাপোৰ পিন্ধি ওলাই চমক দিবলৈ ওলোৱা চাইনি লিয়নিয়ে অসমীয়া সাজপাৰৰ লগতে অসমীয়া নাৰী সত্বাকো বিশ্বজনীন কৰি পেলাব বুলি প্ৰযোজকে আশা প্ৰকাশ কৰিছে ৷ চুইজাৰ, মেক্সি, টপ আদি পশ্চিমীয়া কাপোৰে অসমৰ জনজীৱনৰ সংস্কৃতি বিঘ্নিত কৰাৰ সময়তে এনে আন্তৰ্জাতিক শিল্পীয়ে এনে "ব্যতিক্ৰমী" চৰিত্ৰৰে এক খলকনি তুলিব সেয়া নিশ্চিত ৷ বিশ্বৰ কেইবাটাও ভাষাৰ লগতে চাবটাইটেল তথা দেশৰ চিনেমা হলত মুক্তি লভিব লগীয়া এই চিনেমাই অসমীয়া চলচিত্ৰলৈ পুনৰ গ্লেমাৰ, ধন আৰু প্ৰাচুৰ্য ঘূৰাই আনিব বুলি অসমৰ পুৰণি চলচিত্ৰ কৰ্মী সংস্থাই আশা পোষণ কৰিছে ৷
অসমৰ উজ্জ্বল প্ৰতিভা তনু ভূঞা আৰু বিশ্বৰে নায়িকা চাইনি লিয়নিৰ এই যুটী এক বিগ হিট ৰূপে বিশ্বসভাত এক মিশাল হৈ ৰব বুলি আত্মবিশ্বাস প্ৰকাশ কৰি শুভেচ্ছা জনালে খাটী অসমীয়া যুৱক সংঘই ৷
অসমৰ উজ্জ্বল প্ৰতিভা তনু ভূঞা আৰু বিশ্বৰে নায়িকা চাইনি লিয়নিৰ এই যুটী এক বিগ হিট ৰূপে বিশ্বসভাত এক মিশাল হৈ ৰব বুলি আত্মবিশ্বাস প্ৰকাশ কৰি শুভেচ্ছা জনালে খাটী অসমীয়া যুৱক সংঘই ৷
সুন্দৰ নাৰীক আবুৰেহে আৰু শোভিত কৰে, এই মূল বাণী লৈ আগবাঢ়া এই তনু ভূঞাৰ নতুন চলচিত্ৰ "ধন্য নাৰী, যাৰ তনু ভাল"লৈ আমাৰ শুভেচ্ছা থাকিল ৷ লগতে অহা বাৰৰ শংকৰদেৱ বঁটাৰ বাবে নায়িকাৰ নাম মনোনয়ন কৰাৰ বাবে মনত ৰাখিবলৈ সাংস্কৃতিক বিভাগক ইয়াৰে গোহাৰি জনোৱা হ’ল ৷
(শেহতীয়াঃ "যি বোৰ নঘটিল সঁচাই"ৰ বাবে ইয়াত ক্লিক কৰক)
No comments:
Post a Comment