কথা-বাৰ্তাঃ চিন্তাবিদ যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ সতে 'দৈয়াঙ-টেঙানি, কৃষক মুক্তিৰ পাছত ৰাজনীতিলৈ "অখিলৰ আলেখ-লেখ" সন্দৰ্ভত... - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কথা-বাৰ্তাঃ চিন্তাবিদ যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ সতে 'দৈয়াঙ-টেঙানি, কৃষক মুক্তিৰ পাছত ৰাজনীতিলৈ "অখিলৰ আলেখ-লেখ" সন্দৰ্ভত...

কথা-বাৰ্তাঃ চিন্তাবিদ যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ সতে 'দৈয়াঙ-টেঙানি, কৃষক মুক্তিৰ পাছত ৰাজনীতিলৈ "অখিলৰ আলেখ-লেখ" সন্দৰ্ভত...

Share This
দৈয়াঙ-টেঙানি, কৃষক মুক্তিৰ পাছত ৰাজনীতিলৈ
"অখিলৰ আলেখ-লেখ" সন্দৰ্ভত

সুখ-দুখৰ প্ৰশ্নঃ অখিল গগৈৰ নেতৃত্বত ৰাজনৈতিক দল গঠনে অসমৰ ৰাজনীতিলৈ কি পৰিবৰ্তন আনিব বুলি আশা কৰিব পাৰি?

বৰগোহাঞিদেৱৰ উত্তৰঃ আমি এতিয়ালৈকে অখিল গগৈৰ ভূমিকা আমি দেখা পাইছো, তেওঁ সাধাৰণভাৱে এটা পাৰিপাৰ্শ্চিকতা সচেতন আন্দোলনৰ নায়ক হিচাবে বৃহৎ নদী-বান্ধৰ বিৰোধিতা কৰিলে, তাৰ পাছত কৃষকৰ ওপৰত যি দখল আছে সেইটোৰ ওপৰত ভিত্তি কৰি অসমত এটা কৃষকৰ সংগঠন গঢ়ি তুলিবৰ বাবে যোৱা সময়চোৱাত কাম কৰিছে ৷ গতিকে তেওঁ যদি এটা ৰাজনৈতিক দল গঠন কৰে তেন্তে সেইটো কৃষকৰ স্বাৰ্থত আৰু যিসকলে পাৰিপাৰ্শ্চিকতাক সুৰক্ষা দিবলৈ বিচাৰে সেইসকলৰ মনপুত এটা ৰাজনৈতিক দল হব, বা তেনেকুৱা ৰাজনৈতিক দল এটাই তেওঁ কৰিব লাগিব৷


আমি ভাবো অসমত এতিয়া যিমানবোৰ ৰাজনৈতিক দল এতিয়া দ্ৰুতগতিত গঠন হৈ আছে, হৈ আছে কিছুমান গোট, বিভিন্ন ধৰণৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি, তেনেকুৱা এটা সৰু গোট হওক অখিল গগৈৰ দলটো, সেয়া অসমৰ ৰাইজে নিবিচাৰে৷ অখিল গগৈৰ লগৰে এটা অংশ ওলাই গৈ "আম আদমী পাৰ্টি" কৰিলে৷বুদ্ধিজীৱি সকলৰ এটা অংশই আম আদমী পাৰ্টিত যোগ দিলে৷ তাত কিন্তু বেছিভাগেই যোগ দিয়া নাই বা এটা বৃহৎ অনুসৰণকাৰীৰে দল এটা গঢ়ি তুলিবলৈ সেই দলো সমৰ্থ হোৱা নাই৷ 

তাৰ পাছত অসমৰ তেৰজনমান বুদ্ধিজীৱিয়ে লগ হৈ অগপ দলৰ বিকল্প এটা গঠন কৰিবৰ কাৰণে বা এটা জাতীয় আঞ্চলিকতাবাদী শক্তি এটা গঢ়িবৰ কাৰণে আহ্বান জনাইছে বা সৰুকৈ মিটিঙ এখন পাতি সংগঠিতও হৈছে৷আনহাতে অগপ দলটোও প্ৰায় মৃত্যুমুখলৈ গতি কৰিছে, সেয়ে পুৰণি মানুহখিনি আকৌ একেলগ হৈছে, এচাম পুৰণি মানুহে আকৌ খোপনিটো এৰি দিবলৈ বিচৰা নাই৷ নিৰ্বাচনত হাৰিছে যদিও তেওঁলোকে তেওঁলোকৰ অস্তিত্ব একেবাৰে বিলুপ্ত হৈছে বুলি ভবা নাই৷ তাৰে আকৌ এটা ভাগে বাহিৰলৈ ওলাই আহি নতুন দল গঢ়িবৰ বাবেও এটা কুচ-কাৱাজ চলাই আছে৷ দেখা গৈছে যে, যোৱা দুই-তিনিটা মাহত অসমত এনেকুৱা দুই তিনিটা সৰু গোট হৈ ৰাজনৈতিক দল গঠন কৰিবৰ যো-জা কৰিছে৷ তাৰ মাজতে অখিল গগৈৰ দলো যদি তেনে এটা গোট হয়, তেন্তে অসমৰ ৰাজনীতিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে৷

সুখ-দুখৰ প্ৰশ্নঃ যিটো সময়ত আঞ্চলিকতাবাদী শক্তিক পুনৰোদ্ধাৰ কৰাৰ এটা বতাহ চলিব লাগিছে, সেই সময়তে এই ঘোষণাই কিবা বিশেষ ইংগিত বহন কৰিছে নেকি?

বৰগোহাঞিদেৱৰ উত্তৰঃ এটা অৰ্থতটো ইংগিত এটা আছেই যে আঞ্চলিকতাবাদী দলত তেওঁ নাযায়৷ গতিকে যি সকল গ’লহেতেন তাৰো ডেকা শক্তিটো অখিল গগৈৰ ফালে আহিব বুলি ভবা হৈছে৷

সুখ-দুখৰ প্ৰশ্নঃ অসমৰ কোন খিনি মানুহে অখিল গগৈৰ নেতৃত্বত ৰাজনৈতিক দলক সমৰ্থন কৰিব?
বৰগোহাঞিদেৱৰ উত্তৰঃ তেওঁৰ কৃষকৰ মাজত এটা গণভিত্তি আছে, তাৰে কৃষকৰ এটা অংশ আহিব, মানে কৃষকৰ ডেকা ল’ৰা বিলাক, তাৰ পিছত তেওঁ পাৰিপাৰ্শ্চিক সচেতন মানুহ হিচাবে, এটা সংগঠনৰ নেতা হিচাবে বৃহৎ নদী-বান্ধ বিৰোধী আন্দোলন এটা কৰিলেতো, সেয়ে নদী-বান্ধ বিৰোধী আন্দোলনৰ লগত জড়িত শক্তি, তাৰে এটা পাৰিপাৰ্শ্চিকতা সচেতন অংশ এই দললৈ আহিব ৷


সুখ-দুখৰ প্ৰশ্নঃ জনজাতীয় জন-সংগঠনবোৰ যিবোৰে নদী-বান্ধৰ সংগ্ৰামত গৈছিল, তেওঁলোকে তেওঁৰ ৰাজনৈতিক দলক সমৰ্থন দিব জানো ?
বৰগোহাঞিদেৱৰ উত্তৰঃ জনজাতীয় সংগঠন বিলাকে যোৱা দুবছৰত, তেওঁলোকে কৰা আন্দোলনবোৰৰ ফলশ্ৰুতি হিচাবে বিভিন্ন ধৰণৰ স্বায়ত্ব-শাসন পাই মোটামুটি ভাৱে স্বায়ত্ব-শাসনৰ ভিতৰত যিখিনি সা-সুবিধা পাইছে সেইখিনি লৈয়েই ব্যস্ত হৈ আছে৷তাৰে ভিতৰৰ যি সকলৰ মাজত সম্পূৰ্ণ সুকীয়া ৰাজ্য পাবৰ বাবে হাবিয়াস আছে, যি সকলে ডিভাইড আচাম ৫০-৫০টো সমৰ্থন কৰে, বেলেগ ৰাজ্য গঠনৰ বাবে যিবোৰৰ স্পৃহা আছে, সেই শক্তিবোৰে অখিলৰ লগত যোগ দিব বুলি মই নাভাবো৷ আৰু সেই দাবীলৈ অখিলে সমৰ্থন কৰে নে নকৰে এতিয়ালৈ স্পষ্ট হোৱা নাই, বা নকৰিব বুলিয়ে এটা ধাৰণা হয়৷


সুখ-দুখৰ প্ৰশ্নঃ অখিল গগৈৰ গণতান্ত্ৰিক সংগ্ৰামৰ যিটো আৰম্ভণি, সেই সময়ত থকা বুদ্ধিজীৱি সকল এতিয়া লগত নাই৷ এতিয়া বৌদ্ধিক ভাৱে কোনে সেইদলক নেতৃত্ব দিব বুলি আশা কৰিব পাৰি ? নে অখিল গগৈয়েই সকলো দিশৰ পৰা হব সৰ্বে-সৰ্বা ৷
বৰগোহাঞিদেৱৰ উত্তৰঃ বুদ্ধিজীৱি বুলি ক’লে এতিয়া দুটা গোট আছে, ধৰি লৈছো সেই তেৰজনে যি এটা আঞ্চলিক শক্তি গঠন কৰিবৰ কাৰণে মিটিং কৰিলে, আনহাতে ডঃ হীৰেন গোহাঁইৰ নেতৃত্বত বামপন্থী চিন্তাধাৰাৰ এক বৌদ্ধিক গোট এটা আছে৷ সেইখিনিও যতদূৰ সম্ভৱ অখিল গগৈৰ দলটোৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ দলটোৰ লগত যোগ নিদিয়ে বা তেওঁলোকক শক্তিশালী কৰি নোতোলে৷ এই দুয়োটা গোটেই অখিল গগৈৰ ফালে যোৱাৰ সম্ভাৱনা নাই৷


এতিয়ালৈকে যি দেখা গৈছে, তেওঁ নিজেই সেই গোটটোৰ সম্পূৰ্ণ নেতৃত্ব গ্ৰহণ কৰিব৷ এই বিষয়ত সংগঠনৰ বাহিৰৰ পৰা মতামত দিয়াতো ভাল নহয়, কিন্তু সেই বিষয়ত সংগঠনৰ মজিয়াত মতানৈক্যও হৈছে বা তেওঁৰ সংগঠনৰ পৰা কিছু লোকো ওলায়ো গৈছে৷ কিন্তু মই কোনো এনে সৰু গোটৰ সমৰ্থন নকৰো৷ সৰু সৰু গোট হৈ ভোট বিভাজন বা মানুহৰ মাজত বিভাজন অনাৰ বাহিৰে কিবা কৰিব পাৰিব বুলি মোৰ বিশ্বাস নহয়৷

সুখ-দুখৰ প্ৰশ্নঃ এই দলে মূলতঃ কাৰ ৰাজনৈতিক ক্ষেত্ৰক প্ৰত্যক্ষ ভাৱে ক্ষতি কৰিব?
বৰগোহাঞিদেৱৰ উত্তৰঃ প্ৰত্যক্ষভাৱে ই শাসক দলৰ ক্ষতি কোনো কৰিব নোৱাৰে, সৰু সৰু গোটবোৰে ৷


সুখ-দুখৰ প্ৰশ্নঃ এই দলে অনাগত নিৰ্বাচনত কংগ্ৰেছ-বিজেপিৰ এক বিকল্প হৈ উঠাৰ কিবা সম্ভাৱনা দেখিছেনে?

বৰগোহাঞিদেৱৰ উত্তৰঃ এতিয়ালৈকে কোনো বিকল্প হোৱা নাই৷ আৰু আগন্তুক নিৰ্বাচনৰ ভিতৰত যদি কিবা মেজিক বা ফলাফল দিব পৰা ঘটনা ঘটে, তেতিয়া হব পাৰে৷ এতিয়ালৈকে তেনে কোনো সংগঠিত প্ৰচেষ্টা চলোৱা দেখা নাই, বা কিবা চেষ্টা চলিলেও এতিয়ালৈকে হোৱা গোটবোৰে সেই বোৰৰ সৈতে সহযোগিতা নকৰে৷ কোনো প্ৰচেষ্টা নাই, সেই কথাটো শুদ্ধ নহয়৷ জেনুইন যি সকল লোকে ভাৱে যে কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে এটা শক্তিশালী দল হওক, সেইবিলাকে এই সময়ত কোনো থাউনি পোৱা নাই বা খোপনি লব পৰা নাই৷

শক্তিশালী ৰাজনৈতিক শক্তি এটা প্ৰয়োজন আছিল৷ সাম্প্ৰদায়িকতাবাদ আৰু নিষ্পেষণৰ বিৰোধিতা কৰি যদি কিবা এটা কৰিব লাগে তেন্তে এনেকুৱা সৰু-সুৰা গোট হৈ উৎকৃষ্ট কথা-বতৰা কৈও লাভ নাই, যদি ৰাজনৈতিকভাৱে কাৰ্যকৰী বৃহৎ শক্তি এটা থিয় কৰাব নোৱাৰে ৷

আৰু বাওঁদল সমূহ কাৰ্যত আজি অসমত দুৰ্বল ৰূপতহে বৰ্তি আছে৷ সাংগঠনিক দিশত অবিৰত নিৰলস প্ৰচেষ্টাৰ অভাৱ আৰু সময়ে সময়ে কৰি অহা কিছু ভূল সিদ্ধান্তৰ ফলতে তেখেতসকলৰ এই অৱস্থা৷ কিন্তু সেই দল সমূহেও আজি অগপ দুভাগ হোৱাৰ পৰিস্থিতিত কোনটো অংশক সমৰ্থন দিব সেয়াও স্পষ্ট হৈ উঠা নাই৷

সুখ-দুখৰ প্ৰশ্নঃ অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতি শেহতীয়া ভাৱে সাংগঠনিক খহনীয়াৰ সন্মুখীন হৈছে বা বিতৰ্কলৈ আহিছে৷ ৰাজনৈতিক দল ঘোষণা এইবোৰৰ বিতৰ্কৰ পৰা ফালৰি কটাৰ এক চেষ্টা নেকি বাৰু ?
বৰগোহাঞিদেৱৰ উত্তৰঃ ফালৰি কটাৰ চেষ্টা বুলি কব নোৱাৰি৷ ২০১৪ চনলৈকে তেওঁলোকে ৰাজনৈতিক দল গঠন কৰাৰ লক্ষ্য থকা বুলি আগতেও কৈছিল৷ পিছে সেইটো আগুৱালে, সেইটো হয়৷

সুখ-দুখৰ প্ৰশ্নঃ এতিয়া অসমত কি ৰাজনৈতিক পদক্ষেপ লক্ষণীয় হৈ গঢ় লৈ উঠা উচিত?

বৰগোহাঞিদেৱৰ উত্তৰঃ এতিয়া অসমত আঞ্চলিকতাবাদী শক্তিবোৰ একেলগ হব লাগে৷ পুৰণি যিবোৰ বদনামী মানুহ আছে সেইবোৰক উলিয়াই দিব লাগে৷ সেইটো এটা আহ্বানো জনাইছিলো এটা সময়ত, কিন্তু সেইটোৱে কাৰো কাণত ভালকৈ স্পৰ্শ কৰিব পাৰিলে বুলি মোৰ মনে নধৰে৷


দ্বিতীয়তে আম আদমী পাৰ্টিয়েও বিশেষ খুটি পুতিব নোৱাৰিলে৷ যিসকলক দ্বায়িত্ব দিলে, অৰুণাচলৰ এজনক দ্বায়িত্ব দিলে, তেওঁলোকৰ অসমৰ বিষয়ে বিশেষ জ্ঞানেই নাছিল, সেয়ে অসমত ক’ত দল কৰিব পাৰিব? সেয়ে নতুন শক্তি আছিল যদিও আম আদমী পাৰ্টিয়ে ইয়াত ভেটি গঢ়িব নোৱাৰিলে৷


এতিয়ালৈ সকলোৱে নিজে নিজে নিজৰ গোট কৰি বহি আছে, কিন্তু গৰিষ্ঠ সংখ্যক লোকৰ স্বাৰ্থত, কৃষক, শ্ৰমিক, বা সচেতন ৰাইজৰ সমৰ্থন এই গোটবোৰৰ সৈতে আছে বুলিও ধাৰণা নহয়৷


কংগ্ৰেছৰ বিৰোধিতা কৰিবলৈ যিটো লাগে, আদৰ্শনিষ্ট, গণভিত্তি থকা আৰু অসমৰ বৌদ্ধিক আৰু বৌদ্ধিকভাৱে সচেতন অসমৰ জনসম্পদ আৰু সাধাৰণ জনতাক একেলগে লৈ শক্তিশালী এটা দল কৰিব পৰাৰ সামৰ্থ থকা স্বত্বেও কোনো দলেই কিন্তু এই কামত সফলতা অৰ্জন কৰিব পৰা নাই৷

অগপতো এতিয়াও পুৰণি মানুহ বহুত আছে, কিন্তু ৰাইজক একেলগ কৰাত বিফল হৈছে৷ একেদৰে বামপন্থী দলবোৰতো মানুহ নাই সেইটো নকও, বহুত ভাল মানুহ আছে, তেওঁলোকেও সেই একেধৰণেই মানুহক লগত লৈ শ্ৰমিক কৃষকৰ এটা শক্তিশালী দল বা মৰ্চা গঠন কৰিবলৈ সফল হব পৰা নাই৷

আম-আদমী পাৰ্টিয়েও দুৰ্নীতি-বিৰোধী সকলো মানুহক একেলগ কৰিব নোৱাৰিলে৷

অখিল গগৈয়ে যিখিনি একবাৰে তেওঁৰ ভক্ত, যি তেওঁৰ কথামতে চলে সেইখিনি মানুহ লৈ আন্দোলন কৰি আছে৷ তেওঁ যে জনসাধাৰণৰ সকলো অংশকে আনিব পাৰিব সেই নিশ্চয়তাটো এতিয়াও দেখা নাই৷


আমি বিচাৰো বাওঁপন্থী দল হওক, আঞ্চলিকতাবাদী দল হওক, আম-আদমী পাৰ্টি হওঁক, অখিলৰ দলেই হওক, সৰু সৰু গোট হৈ শক্তিৰ অপচয় কৰাতকৈ একেলগ হৈ সকলো সকলো দুৰ্নীতিবিৰোধী মানুহ, শ্ৰমিক-কৃষক, পাৰিপাৰ্শ্চিকতাক সুস্থ কৰি ৰখাত গুৰুত্ব দিছে সেই লোক সকল, সকলোৱে একেলগ হৈ এটা শক্তি গঠন কৰিব পাৰে, যিটো এতিয়াও হৈ উঠা দেখা নাই৷

1 comment:

  1. Akhil Gogoi's stand regarding influx, flood, un-employment and it's eradication, bodoland, industrialisation(farmer' interest and industrialisation does not seem to go hand in hand), anti Cong/BJP/AUDF grand alliance with regional parties not known. Electricity charges in Guwahati/ Assam is more than that of Delhi, water is plenty during rainy days and scarcity during dry season, those issues never raised like in Delhi elections.

    ReplyDelete