পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. দেউতাকৰ সতে হাতত ৰাজমিস্ত্ৰীৰ কৰ্ণি ধৰিও ৰাষ্ট্ৰীয় খেলৰ স্বপ্নত বিভোৰ হৈছে ছিপাঝাৰৰ ক্ৰীড়া প্ৰতিভাধৰ ভৃগু চহৰীয়াঃ ইতিমধ্যে ৰাষ্ট্ৰীয় উত্তৰ পূৱ মণ্ডল কাৰাটেত স্বৰ্ণ পদক বিজয় কৰা খেলুৱৈ জনলৈ খবৰ পাই নাথ যোগী উন্নয়নৰ পৰিষদৰ অধ্যক্ষই আগবঢ়ালে ২০হাজাৰ টকাৰ সাহাৰ্য৷

২. সদৌ আন্তঃজিলা স্কুল ফুটবলত কোকৰাঝাৰৰ মাগুৰমাৰী হাইস্কুল চেম্পিয়নঃ চিৰাঙৰ আমটেকা হাইস্কুলক পৰাজিত কৰি জয় কৰিলে সন্মানজনক  “দেউকন ট্ৰফী”৷
৩.কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰণালয়ৰ বন পৰামৰ্শদাতা সমিতি(FAC)য়ে ১৫০০মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰে স্থাপন কৰিব লোৱা বিতৰ্কিত টিপাইমুখ বহুমুখী প্ৰকল্পলৈ ক্লিয়াৰেঞ্চ দিবলৈ কৰিলে অস্বীকাৰঃ বৰাক আৰু মণিপুৰৰ টুভই নদীৰ সংগম স্থলীত বান্ধ নিৰ্মাণৰ বাবে দিয়া হৈছিল প্ৰস্তাৱ৷

৪. বিগত বৰ্ষত আমৰ্চ এক্টৰ অধীনত ৫০০গোচৰ ৰুজু অসমতঃ কিন্তু অভিযোগ প্ৰমাণিত হোৱাৰ হাৰহে পাঁচ শতাংশতকৈ কম ৷

৫. সন্দিকৈ কলেজে উদযাপন কৰিব হীৰক জয়ন্তীৰ বৰ্ষঃ কলেজৰ আন্তঃ গাঁথনি, শিক্ষাৰ পাঠ্যক্ৰমকে ধৰি বিভিন্ন দিশত সম্প্ৰসাৰণৰ বাবে সুন্দৰ পৰিকল্পনা ৰাজহুৱা কৰিলে অধ্যক্ষা ডঃ ইন্দিৰা বৰদলৈয়ে৷

৬. হিংসাত অনাথ শিশু তথা পৰিয়ালৰ আৰ্জন কৰ্তাক হেৰুৱা দুৰ্ভগীয়া সকলৰ বাবে ৰাজ্য চৰকাৰে অতি সোনকালেই আনিব বিশেষ সাহাৰ্য তথা পুনঃ সংস্থাপন আঁচনিঃ মুখ্যমন্ত্ৰীয়ে ক’লে নিযুক্তি তথা স্বাৱলম্বী হোৱাৰ পথৰ সন্ধান হব এই আঁচনিৰ দুটা মূল পথ৷

৭. ৩৬তম নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবলত গ্ৰীণভেলী স্পৰ্টছ ক্লাৱ চূড়ান্ত বিজয়ীঃ গ্ৰাম্যাঞ্লৰ ক্ৰীড়া চৰ্চাৰ অন্যতম কেন্দ্ৰ চামতা আঞ্চলিক ক্ৰীড়া সন্থাই বিগত তিনিদশক জুৰি আয়োজন কৰি আহিছে এই সন্মানীয় ফুটবল খেল৷ ফাইনেলত পৰাজিত হৈ ৰানাৰ্চ-আপ হয় অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ দল৷

৮. উচ্চ শিক্ষাত ক’লা বজাৰ নিয়্ন্ত্ৰণৰ বাবে বিশ্ব-বিদ্যালয় অনুদান আয়োগৰ কঠোৰ নিৰ্দেশঃ চৰকাৰী বা বেচৰকাৰী কোনো বিশ্ববিদ্যালয়ৰ চৌহদৰ বাহিপত ষ্টাডি চেণ্টাৰ, কাউনঞ্চেলিং চেণ্টাৰ, লাৰ্নিং চেণ্টাৰ বা ফ্ৰেঞ্চাইজী থাকিব নোৱাৰিব ৷

৯. আইন শৃংখলা পৰিস্থিতি মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰীৰ পদক্ষেপঃ ঘোষণা কৰিলে, শীঘ্ৰেই ৰাজ্যত ৮হাজাৰ নতুন আৰক্ষী পদত হব নিযুক্তি ৷

১০. গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগত দহ শতাংশ আসন বৃ্দ্ধিঃ ডেৰ দশক ধৰি এই বৃ্দ্ধি নোহোৱাৰ প্ৰতিবাদত শ শ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদত সেও মানি অৱশেষত কৰ্তৃপক্ষই কৰিলে ঘোষণা ৷

১১. ধেমাজিত অসম সাহিত্য সভাৰ উদ্যোগত আৰু ধেমাজি আৰ্টিষ্ট গীল্ডৰ সহযোগত বিগত ৬জুলাইৰ পৰা অনুষ্ঠত ২১দিনীয়া চিত্ৰ কৰ্মশালা আৰু আলোচনা সত্ৰৰ সফল সামৰণি ৷

১২. গগৈপন্থী ১৪ বিধায়কে কৰিলে প্ৰধান মন্ত্ৰীক সাক্ষাৎঃ মন্ত্ৰীত্ব নহয়, দাবী কৰিলে কেন্দ্ৰীয় প্ৰকল্পৰ বাবে ৰাজ্যত বিশেষ সঞ্চালকালয়, অ’বিচি উন্নয়ন পৰিষদ, ১৮টা উন্নয়ন পৰিষদলৈ সুকীয়াকৈ ১০০কোটি, বান-গৰাখহনীয়াৰ প্ৰতিৰোধত ১০০০কোটি টকাৰ বিশেষ পেকেজৰ কৰিলে দাবী৷

১৩. আছুৰ সকিয়নীৰ পাছত এইবাৰ এন এছ ইউ আইৰ উদ্যমঃ ১ আগষ্টত প্ৰতিখন জিলাত খুলিব ৰেগিং নিৰ্মূলৰ উদ্দেশ্যে হেল্প লাইন৷

১৪. ৰঙিয়া প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপঃ জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰতিমাহে এদিন বিনামূলীয়া চিকিৎসাৰ কৰিব ব্যৱস্থা ৷

১৫. মায়ঙৰ দীঘলবড়ীত ১০দিনীয়া তিৱা লোকনৃত্যৰ প্ৰশিক্ষণৰ সফল সামৰণিঃ অহা বৰ্ষৰ পৰা তিৱা নৃত্যৰ প্ৰশিক্ষক-প্ৰশিক্ষাৰ্থীলৈ ১০হাজাৰ টকাৰ এক-কালীন বাৰ্ষিক সাহায্য দিব বুল্ ঘোষণা কৰিলে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্যই৷ অহা বৰ্ষত স্বকীয় লোকনৃত্যৰে ১লাখ তিৱা শিল্পীয়ে জগত জয়ৰ কৰাৰ লক্ষ্যৰে ৰাইজে ল’লে সংকল্পঃ ৰমাকান্ত দেউৰী আৰু বাঁহীবাদক মুকুম্দ টেৰণলৈ ১০হাজাৰকৈ পুৰস্কাৰ ঘোষণা ৷

চিন্তনীয় খবৰঃ
১. ভ্ৰাম্যামান শিবিৰত উদযাপন আলফা(স্বাধীন)ৰ অমৰ মৃতক দিৱসঃ পৰেশ অসমৰ ভাষ্যৰ উদ্ধৃতি দি সংবাদ শিৰোনাম “পাকিস্তানৰ হেঁচাত চলা নাই অসমৰ স্বাধীনতা আন্দোলন”৷

২. দহ কোটি প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ ৰৈছে চিকনী বাগানৰ শ্ৰমিকঃ পৱন সিং ঘাটোৱাৰৰ সন্দেহজনক ভূমিকাক লৈ সংবাদ পৰিবেশিত প্ৰচাৰ মাধ্যমত ৷

৩. অসমৰ জনজাতীয় লোকৰ ভোটেৰে ৬-৭খন লোকসভাৰ আসন দখলৰ লক্ষ্য অসমতঃ বড়োলেণ্ডৰ সমৰ্থন জনাই হাগ্ৰামাৰে মিত্ৰতা কৰিব খুজিছে বিজেপিয়ে৷

৪. অগপই ক’লে- বাংলাদেশলৈ মাটি হস্তান্তৰ, অসমবিদ্বেষী সৰ্ব-ভাৰতীয় শক্তিৰ ষড়যন্ত্ৰ আছে অব্যাহত৷

৫. ম্যানমাৰ-মিজোৰামৰ যুৱক-যুৱতীসহ বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট জব্দঃদুই পলাতকক গ্ৰেপ্তাৰ পাটাছাৰকুচিত ৷

৬. কেগৰ প্ৰতিবেদনে উদঙালে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ কাণ্ডঃ গুৱাহাটীৰ ৰ’প ৱেৰ নামত পানীত পৰিল ৩.১১কোটি টকা ৷

৭. মুখ্যমন্ত্ৰী গগৈয়ে সংবাদ মেলত তুলিলে প্ৰশ্ন-”কূটাঘাত নকৰিলে বিদেশ ৰাষ্ট্ৰই পৰেশ বৰুৱাক আশ্ৰয় দিবইবা কিয়?”

৮. ২৫জুলাইত চন্দ্ৰপুৰত কেমেৰাৰ সমুখত যুৱক কেইজনমানক গুৰুল-গুৰুল দিয়াত হাত উজান দিয়া জোৱান মহম্মদ আলীক আটক কৰাৰ বাতৰি৷

৯. যোৰহাট গোলাঘাট সীমান্তত বানৰ সংহাৰ ৰূপঃ মুদৈজান নদীয়ে দুঠাইত ভাঙিলে মাথাউৰি ৷

১০. মৰিগাঁৱত উত্তেজনাৰ সৃষ্টি কৰাৰ অভিযোগত আমছু নেতা দিলৱাৰৰ বিৰুদ্ধে অৱশেষত মৰিগাঁও আৰক্ষীয়ে কৰিলে গোচৰ ৰুজু৷

No comments:

Post a Comment