ঠিকাদাৰৰ ধনেৰে হয় কিয় আধাৰশিলা স্থাপন
মাননীয় সম্পাদক মহোদয়,
আমাৰ ৰাজ্যখনৰ মন্ত্রী আৰু বিধায়ক সকলে বিভিন্ন আঁচনিৰ উদ্ধোধন তথা গৃহ আৰু দলং আদিৰ আধাৰ শিলা স্থাপন আৰু উদ্ধোধন কৰা বিষয়ে বাতৰি পঢ়িবলৈ পোৱা যায়। ইয়াৰ কাৰণে আয়োজন কৰা সভাবোৰৰ লগতে আধাৰ শিলা আৰু উদ্ধোধনৰ ফলকবোৰৰ নামতও বহুত টকা খৰছ হয় ।
কিন্তু এতিয়া কথা হ’ল এই কার্য্যসূচীবোৰৰ বাবে আঁচনিবোৰত টকা বাজেটত ধার্য্য নকৰে। গতিকে, সংশিষ্ট বিষয়াসকলে ঠিকাদাৰ সকলকে ইয়াৰ বাবে টকা খৰছ কৰিবলে আদেশ দিয়ে আৰু ঠিকাদাৰকলেও বিভিন্ন আঁচনিৰ বাবে বাজেটত ধার্য্য কৰি দিয়া টকাৰ পৰাই এই কার্য্যসূচীবোৰৰ বাবে খৰছ কৰিব লগা হয় ।
ফলত বিভিন্ন আঁচনিবোৰৰ কামবোৰ ভাল নহয়। আমি ভাবোঁ এই বিভিন্ন আঁচনিৰ উদ্ধোধন, গৃহ আৰু দলং আদিৰ আধাৰ শিলা স্থাপন আৰু উদ্ধোধনৰ অনুষ্ঠানবোৰৰ বাবেও টকা বাজেটত ধার্য্য কৰি দিব লাগে।
- ড° বুলজিৎ বুঢ়াগোহাঁই
No comments:
Post a Comment