পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. এই বৰ্ষতে ৰাইজৰ সেৱাত উৎসৰ্গীত হব ৬০খন নতুন আদৰ্শ চিকিৎসালয়ঃ সৰ্বমুঠ ১০০খন এনে চৰকাৰী আদৰ্শ চিকিৎসালয়ৰ চলি আছে কাম৷
২. এই বৰ্ষত অসমৰ কৃষি খণ্ডত বৈপ্লৱিক পৰিবৰ্তন আনিব ২২খন আঁচনিয়েঃ বেছিভাগেই কেন্দ্ৰীয় চৰকাৰে স্পনচ’ৰ কৰা আঁচনি আৰু ইয়াৰ সফল ৰূপায়ন কৰা হব বুলি কৃষি মন্ত্ৰীয়ে কৰিলে বিধান সভাত ঘোষণা ৷

৩. আজি নতুন ট্ৰেইনৰ ফ্লেগ-অফঃ কামাখ্যা আৰু নতুন দিল্লীৰ আনন্দ বিহাৰৰ মাজৰ সাপ্তাহিক ট্ৰেইনখন ঘোষিত হৈছিল যোৱা ৰেল’ৱে বাজেটত ৷

৪. উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাছত নিৰ্মাণ হব আৰু এটা নতুন হোষ্টেলঃ  কেন্দ্ৰৰ সহাঁৰিৰ কথা জনালে সাংসদ টাকাম সঞ্জয়ে, ভূমিকে ধৰি আন আনুষ্ঠানিকতাত সহায় কৰিব বুলি নিশ্চিতি দিলে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ৷

৫. সাংস্কৃতিক বিনিময়ৰ লক্ষ্য লৈ আগষ্ট মাহত দহ দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দক্ষিণ কোৰিয়াৰ সাংস্কৃতিক দলঃ সাংস্কৃতিক দিশৰ অন্বেষণ তথা পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ সম্ভাৱনীয়তা বহনে কৰিছে এই কাৰ্যসূচীয়ে ৷ 

৬. কিৰ্গিছস্থানত জুনিয়ৰ এছিয়ান ভাৰত্তোলন চেম্পয়নশ্বিপত সফলতা দেখুওৱা প্ৰতিভাবান অসমীয়া ভাৰত্তোলক অপূৰ্ব চেতিয়া আৰু পাপুল চাংমাই বৰ্তমান নিজৰ মান উন্নীতকৰণত ব্ৰতী হৈছে পাটিলায়াত হৈ থকা ৰাষ্ট্ৰীয় শিবিৰতঃ চৰকাৰ তথা কৰ্পৰেট সংস্থাক এই দুয়োজনৰ প্ৰতিভাক উচ্চ স্তৰলৈ নিয়াৰ বাবে প্ৰয়োজনীয় সা-সুবিধা তথা স্পনচ’ৰ প্ৰদান কৰিবলৈ দাবী কৰিলে অসম ভাৰত্তোলন সংস্থাই ৷ 

৭. ছিকিমক অহা ২০১৫ৰ ভিতৰত ঝণমুক্ত ৰাজ্য কৰাৰ প্ৰচেষ্টাত আগুৱাইছে চৰকাৰঃ ৯৬মেগাৱাট জৰথাঙ জল-বিদ্যুত প্ৰকল্পৰ কাম ৮০% সম্পূৰ্ণ, ২০১৪ত আৰম্ভণি হব উৎপাদনৰ, ১২% বিনামূলীয়া বিজুলী শক্তি লাভ কৰিব ছিকিমে, লগতে পাব ১% আৰ্জন স্থানীয় উন্নয়নৰ বাবেও ৷

৮. দশম শ্ৰেণীৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত হব অসম বুৰঞ্জীৰ পাঠঃ দীৰ্ঘদিনৰ দাবীৰ প্ৰতি অচিৰেই শিক্ষা বিভাগে পদক্ষেপ লব বুলি জনালে শিক্ষা মন্ত্ৰীয়ে ৷

৯. বিধান সভাত গৃহীত হ’ল অসম বিনিয়োজন(নং ৩) বিধেয়কঃ ৰাজ্যৰ পৰিকল্পনা আৰু পৰিকল্পনা বৰ্হিভূত শিতানত খৰছ কৰিবৰ বাবে অনুমোদিত হ’ল ২১৪০কোটি টকা ৷

১০. তেৰ বছৰৰ অনুৰ্ধৰ বাবে ছ’চিয়েল নেটৱৰ্কিং চাইট নিষিদ্ধ কৰিবলৈ পৰামৰ্শ দিলে উচ্চতম ন্যায়ালয়ে ৷

১১. চলিত বৰ্ষতে প্ৰাদেশিকীকৰণ হ’ব অনুমোদিত অতিৰিক্ত শিক্ষকৰ পদঃ বঞ্চিত শিক্ষকক আশ্বাস দিলে শিক্ষামন্ত্ৰীয়ে ৷

১২. প্ৰকাশ পালে উত্তৰ পূৱৰ পাঁচখন ৰাজ্যত ১৩০টা জীৱিত ভাষা থকাৰ তথ্যঃ  অহা ছেপ্তেমবৰত প্ৰকাশ পাব ভাৰতীয় জনভাষা জৰীপৰ অসম খণ্ডৰ অসমীয়া তাঙৰণ, সন্নিবিষ্ট হব ৫৫টা ভাষাৰ তথ্য ৷

১৩. মৰিগাঁও জিলাৰ কৃষকে গঢ়িলে বৰোধান উৎপাদনৰ অভিলেখঃ চলিত বৰ্ষতে উৎপাদন কৰিলে আঢ়ৈ লাখ মেট্ৰিক টন ধান ৷

১৪. নগাঁৱৰ মাহৰোল বিলৰ পাৰত অনুষ্ঠিত হ’ল উত্তৰ-পূৰ্বাঞ্চল ভিত্তিক বৰশীবোৱা প্ৰতিযোগিতাঃ ১৪জুলাইত জাছিংফা পৰিবেশানকুল পৰ্যটন কেন্দ্ৰৰ উদ্যোগত ইয়াৰে কৰা হয় পৰ্যটকৰ সহাঁৰি লাভৰ শলাগনীয় প্ৰচেষ্টা ৷

১৫. তামিলনাডুৰ নীলগিৰিত এতিয়াও ধৰি ৰাখিছে আদৰ্শঃ মাত্ৰ খাদী বস্ত্ৰ ব্যৱহাৰ কৰা তিনিখন আদৰ্শ গাঁৱে পালে সংবাদ শিৰোনামা৷

চিন্তনীয় বাতৰিঃ

১. দিল্লীত ওলমি ৰৈছে ৰহমৰীয়াৰ জেঅ’ বেগ প্ৰকল্পৰ ৯২কোটি টকাৰ প্ৰস্তাৱঃ ৬.৪ কিল’মিটাৰ জিঅ’বেগ প্ৰকল্পৰ কাম এতিয়াও বাকী থকাৰ খবৰ৷

২. সৰ্বশিক্ষাৰ আৰ এছ টি চিত অনিয়ম মানি ল’লে শিক্ষামন্ত্ৰীয়েঃ তদন্ত কমিটি গঠন কৰাৰ কথা জনালে বিধান সভাক ৷

৩. মাটিৰ অভাৱতে আৰম্ভ হোৱা নাই লখিমপুৰ-ধুবুৰী মেডিকেল কলেজৰ কাম৷

৪. মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ যোগান মন্ত্ৰীক বিধান সভাত তুলাধুনা দিলে বিৰোধীয়ে৷

৫. জুলাই মাহৰ ১৭দিনৰ ১০দিনেই ওদালগুৰি বন্ধঃ বন্ধ সংস্কৃতিয়ে কোঙা কৰিছে সাধাৰণ খাটি খোৱা ৰাইজৰ জীৱন ৷

৬. নলবাৰীত মাটি ক্ৰয়ৰ জালিয়াতিৰ ঘটনা, তিনিজন গ্ৰেপ্তাৰ ৷

৭. মাজুলীক ইউনেস্কৰ ৱৰ্ল্ড হেৰিটেজ ঘোষণাৰ বাবে মনোনয়নৰ কাৰণে এতিয়াও পৰ্যাপ্ত তথ্য দিয়া নাই অসম চৰকাৰে ৷

৮. উচ্চতম ন্যায়াসয়ে হ্ৰাস নকৰিলে জুভেনাইল সংজ্ঞাৰ বয়সৰ সীমা৷

৯. বিহাৰৰ মধ্যাহ্ন ভোজনৰ বিষক্ৰিয়াত মৃত শিশুৰ সংখ্যা ২৩জনলৈ বৃদ্ধিঃ কীট নাশকৰ বটলত মিঠাতেল নিয়াৰ ওলাল বাতৰি ৷


১০. এতিয়াও ৰাজ্যৰ ৪৩৫১ খন প্ৰাথমিক বিদ্যালয় চলিছে এজনকৈ শিক্ষকেৰে ৷

No comments:

Post a Comment