লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সপোনৰ বাতৰিৰ সন্ধান)

১. মাজনিশা গীতানগৰ থানাত জুবিন, বাতি ভৰাই চিৰা খুৱালে আৰক্ষী বিষয়াই, গম পাই গৰম হ’ল অধিবক্তা৷ কনিষ্টবলে ল’লে লাঠিত অট’গ্ৰাফ ৷

২. বজাৰত শাক-পাচলিৰ দাম অতিপাত বঢ়াত যোগান মন্ত্ৰীয়ে ৰাইজক জনালে আহ্বান, ঘৰত বনাই খোৱাতকৈ কেএফচিতে খাওক কুকুৰাৰ সৈতে ভাত, তাত বঢ়া নাই দাম !

৩. ৰাজ্যত সকলো খণ্ডতে আয়োজিত হৈছে গ্ৰীষ্মকালীন কৰ্মশালাঃ ছাত্ৰ সংগঠনৰ ফালৰ পৰা ফাঁচী বজাৰত, শান্তিপূৰ্ণভাৱে চান্দা কেনেকৈ তুলিব শীৰ্ষক এক বিশেষ কৰ্মশালাৰ আয়োজনৰ বাতৰি ৷

৪. বুঢ়া পাহাৰত পুনৰ গঁড়ে হত্যা কৰিলে চোৰাং চিকাৰীকঃ ক্ষতিপূৰণ দাবী কৰি চোৰাং চিকাৰীৰ পৰিয়ালৰ প্ৰতিবাদী কাৰ্যসূচী, দিছপুৰ লাষ্টগেটত ৷

৫. অগপৰ দলত্যাগী সকলৰ বাবে কংগ্ৰেচৰ দুৱাৰ খোলা বুলি ক’লে গগৈয়েঃ লেতেৰা ৰাজনীতিতনো কি বাচ বিচাৰ কৰি দলত লব বুলি কৰিলে মন্তব্য ৷

৬. হাইকামাণ্ডক লগ কৰিলে বিদ্যুত বৰদলৈয়েঃ লাভ কৰিলে মিলাপ্ৰীতিৰে ভগাই বতাই খাই বৈ চলি থকাৰ নিৰ্দেশ৷ 

৭. ছেবাত চলিছে "ভুল শুধৰণি মহোৎসৱ", ভাগ লবলৈ আহিছে ৰাজ্যৰ কেইবাহাজাৰ শিক্ষাৰ্থী আৰু অভিভাৱকঃ উখলমাখল চৌহদত গৰম হৈছে কেৰেণী, বিষয়াৰ পকেট৷

৮. বিদ্যুত মাচুল বঢ়াবলৈ লওতে বাৰে বাৰে থিয় দিয়ে কৃষক মুক্তিঃ সেয়েহে কৃষকৰ ঘৰত বিদ্যুত যোগান দিবই নালাগে বুলি মন্তব্য কৰিলে নিয়ামক আয়োগৰ বিষয়াই৷

৯. দুৰ্বল মাথাউৰিৰ বাতৰিয়ে শংকিত কৰিলে ৰাজ্যবাসীকঃ মাথাউৰিতে অখণ্ড নাম-কীৰ্তন কৰি বানৰ পৰা বচাবলৈ প্ৰাৰ্থনা কৰিবলৈ ক’লে বান-বিভাগৰ মন্ত্ৰীয়ে ৷

১০. ১১০০০হাজাৰ কোটি টকা ৯৯খন আঁচনিত কেন্দ্ৰত পৰি থকাৰ বাতৰিত দুখ প্ৰকাশ কৰিলে আমোলা বিষয়া সন্থাইঃ সোনকালে আনি ভগাই বিতাই খাব লাগে বুলি কৰিলে মন্তব্য ৷

No comments:

Post a Comment