মহৎলোকৰ ৰসাল অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহৎলোকৰ ৰসাল অনুভৱ

মহৎলোকৰ ৰসাল অনুভৱ

Share This
 চাৰ্লি চেপলিনৰ দৃষ্টিত জীৱনঃ
১. এটা হাঁহিবিহীন দিন মানেই হ’ল এটা নষ্ট যোৱা দিন৷

২. এজন মানুহৰ আচল চৰিত্ৰ সুৰাপান কৰাৰ পাছতহে ওলাই পৰে ৷

৩. আমি ভাবো বহুত, কিন্তু অনুভৱ কৰো অতি কমকৈহে ৷

৪. এই কুটিল পৃথিৱীত একোৱেই স্থায়ী নহয়, আনকি আমাৰ যন্ত্ৰণাবোৰো ৷

৫. মোৰ কল্পনাত আটাইতকৈ দুখজনক কথাটোৱেই হ’ল বিলাসিতাত অভ্যস্ত হৈ পৰাটো ৷

৬. সঁচাকৈ হাঁহিবলৈ আপুনি যন্ত্ৰণাখিনিক লৈ খেলিব পাৰিব লাগিব৷

৭. ক্লজ’-আপত চালে জীৱনটো ট্ৰেজেডী, কিন্তু লং-চটত ই এটা ডাঙৰ কমেডীয়েই৷

৮. জীৱনটো বৰ ধুনীয়া হ’লহেতেন, যদি মানুহে আপোনাক অকলশৰে থাকিবলৈ দিলে হেতেন!

৯. মই ভগৱানৰ সৈতে শান্তিত আছো, মোৰ সংঘাত মানুহৰ সতেহে৷

১০. আমি সকলোৱে ইজনে সিজনক সহায় কৰিব খোজো৷ মানুহবোৰ এনেকুৱাই৷ আমি আচলতে ইজনে সিজনৰ আনন্দখিনিক লৈ জীয়াই থাকিব খোজো, দুৰ্দশাখিনিক লৈ নহয়৷

No comments:

Post a Comment