জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখল

জুতি লগা আখল

Share This
শুকান মিছামাছৰ ব্যঞ্জন
শুকান মিছামাছৰ সতে কণী আৰু পাপৰ ভাজি
উপকৰণঃ
এমুঠিমান শুকান মিছামাছ৷
কুকুৰাৰ কণী দুটা
লিজ্জত পাপৰ চাৰিখন
পিয়াঁজ এটা ডাঙৰ আকাৰৰ
কেঁচা জলকীয়া তিনিটা
স্বাদ অনুসৰি নিমখ, হালধি
মিঠাতেল বা ৰিফাইন তেল৷


ৰন্ধন প্ৰণালীঃ
প্ৰথমে পিঁয়াজটো কাটি যতনাই লওক৷ এটা কেঁচা জলকীয়া জ্বলা হবৰ বাবে সৰু সৰুকৈ কুটি লওক৷ বাকী দুটা দীঘলে দীঘলে ফালি লওক৷ 

এতিয়া কেৰাহীত তেল গৰম কৰি তাত পিয়াজ খিনি জলকীয়াৰ সৈতে ৰঙচুৱা হোৱাকৈ ভাজক৷

তাৰ পাছত তাত শুকান মিছামাছ খিনি দি অলপ ভালকৈ ভাজক৷ মিছামাছ খিনিৰ সতেই নিমখ, হালধি বা প্ৰয়োজন অনুভৱ কৰিলে কিছু পৰিমানৰ গৰম মছলাও দি দিয়ক৷

এতিয়া সেইখিনি অলপ সিজিছে যেন লাগিলে, সৰু সৰুকৈ পাপৰ কেইখন টুকুৰা কৰি লগতে ভাজিবলৈ আৰম্ভ কৰক৷ পাপৰৰ টুকুৰাবোৰ অলপ গৰম তেলৰ পৰশত মচমচীয়া হোৱা যেন অনুভৱ কৰিলে তাৰ ওপৰত কণী দুটা ভাঙি দিয়ক৷ এতিয়া হেতাৰে কণী কেইটা ভাঙি ভুৰ্জি বনোৱাৰ দৰে মিছামাছ আৰু পাপৰৰ সৈতে লেটিয়াই দিয়ক৷ গেছৰ জুই ছীমতে ৰাখক৷

অলপ পৰ এইদৰে ভজাৰ পাছতে আপোনাৰ বাবে এই জুতি লগা ব্যঞ্জনটো তৈয়াৰ হৈ উঠিব৷ এতিয়া গৰমে গৰমে খোৱাৰ টেবুলত পৰিবেশন কৰক৷ ভাতৰ সতে বা সন্ধিয়া পানীয়ৰ সতে সংগ দিবলৈ ই এক উত্তম ৰেচিপি ৷

মতামত জনাবলৈ নাপাহৰিব৷ জুতি লগা আখলৰ আন আন ৰেছিপিৰ বাবে ইয়াতে ক্লিক কৰক

No comments:

Post a Comment