অজ.লা. দত্তৰ ৰসাল বাণীঃ
১. এতিয়ালৈকে চিগাৰেট হুপিবলৈ শিকা নাই, জুবিনদাকো লগ পোৱা নাই৷ জুবিনদাই লগ কৰাৰ কথা দিলে, চিগাৰেট হুপিবলৈ শিকিবৰ বাবে আমিও কথা দিব পাৰো !
২. অস্কাৰ দিম বুলি নিশ্চিতি দিলেও মই কেচেৰু গছৰ ডালত বহি গান জুৰিবলৈ নাযাও৷ প্ৰলোভনৰো যে এটা সীমা থাকে, মোৰ ভালকৈয়ে জনা আছে৷
৩. কোনোৱে ক’লে- বাহিৰা পইচা খোৱাতো সহজ, হজম কৰাটো টান৷ হজম কৰিব পাৰিম বুলিয়ে কি মল-মূত্ৰও খামনে? কদাপি নাখাম!
৪. বায়নৰ ঘৰৰ বোন্দাই ৰাগ টানিলে বুলিয়ে বামুনৰ ঘৰৰ বোন্দায়ো শ্লোক মাতিবই বুলি কথা নাই৷ কাৰণ ৰাগৰ কোনো ভাষা নাই, শ্লোকৰ আছে!
৫. গৰু খালেই ধৰ্মভষ্ট হয় বুলি নাভাবো, মৃতদেহত মচলা দি খোৱাবোৰৰ আকৌ ধৰ্ম কিহৰহে! শগুনেতো চাফাই কৰিবলৈ খায়, আমিতো জুতি লবৰ বাবে৷ আমাতকৈ নিকৃষ্ট মাংসহাৰী প্ৰাণী পৃথিৱীত আৰু কোন আছে?
৬. গীটাৰ লৈ গান গাবলৈ, ৰক ষ্টাৰ হবলৈ কাৰনো মন নাযায়! এটা কথা, মানুহ মৰিলেহে হেনো তৰা হব পাৰি, আৰু এইদৰে আমাৰ দৰে মানুহে ষ্টাৰ সাজি মঞ্চলৈ গ’লে মাৰ খাইয়েই মৰিব লাগিব! পিছে তেতিয়া ষ্টাৰ নহলেও অন্ততঃ তৰা হোৱাটো অন্ততঃ নিশ্চিত৷
৭. মায়ে কয়, ইমান পাতল কিয়, এতিয়া ডাঙৰ হ’লি৷ ১০০কেজি হ’লো আৰু কিমান গধুৰ হ’ম? মায়ে আচলতে ব্যক্তিত্বৰ কথা কৈছিল!
৮. ৰসাল কথা কোৱা বা লিখা মানেই মানুহৰ ব্যক্তিত্ব পাতল হোৱাটো নুবুজায়৷উদাহৰণ লাগে যদি ৰসৰাজলৈ চাওক, তেওঁকটো সাহিত্যৰথী নামেৰেও গধুৰ সন্মান দিয়ে!
৯. ৰসাল কথা কবলৈ অশ্লীলতা লাগিবই বুলি কথা নাই, অশ্লীলতাই কওতাজনৰহে মুখখনকহে লেতেৰা বুলি পৰিচয় কৰাই দিয়ে আৰু নিজকে "কৌতুক" বনায় পেলায়৷
১০. ৰসাল কথা লিখিলেই এজন মানুহ সহজ, সৰল বা সকলোৱে জোকাব পৰা মানুহত পৰিণত নহয়৷ মনত ৰাখিব, বহুত কৌতুক আচলতে প্ৰচণ্ড খঙ আৰু বিৰক্তিৰহে বাহ্যিক অথচ এক শান্তিপূৰ্ণ বিস্ফোৰণ৷
মস্তি...অস্কাৰ দিম বুলি নিশ্চিত দিলেও মই কেচেৰু গছৰ ডালত বহি গান জুৰিবলৈ নাযাও৷ প্ৰলোভনৰো যে এটা সীমা থাকে, মোৰ ভালকৈয়ে জনা আছে৷ মজ্জা দিছে
ReplyDeleteগৰু খালেই ধৰ্মভষ্ট হয় বুলি নাভাবো, মৃতদেহত মচলা দি খোৱাবোৰৰ আকৌ ধৰ্ম কিহৰহে! শগুনেতো চাফাই কৰিবলৈ খায়, আমিতো জুতি লবৰ বাবে৷ আমাতকৈ নিকৃষ্ট মাংসহাৰী প্ৰাণী পৃথিৱীত আৰু কোন আছে?.......
ReplyDelete.....তামাম, পঢ়ি বহুত ভাল পালো । আগেলৈও পঢ়িব পাম বুলি আশা কৰিলো ।
গৰু খালেই ধৰ্মভষ্ট হয় বুলি নাভাবো, মৃতদেহত মচলা দি খোৱাবোৰৰ আকৌ ধৰ্ম কিহৰহে! শগুনেতো চাফাই কৰিবলৈ খায়, আমিতো জুতি লবৰ বাবে৷ আমাতকৈ নিকৃষ্ট মাংসহাৰী প্ৰাণী পৃথিৱীত আৰু কোন আছে?.......
ReplyDelete.....তামাম, পঢ়ি বহুত ভাল পালো । আগেলৈও পঢ়িব পাম বুলি আশা কৰিলো ।