জীৱন-যৌৱন (শিক্ষা-নিযুক্তি) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱন-যৌৱন (শিক্ষা-নিযুক্তি)

জীৱন-যৌৱন (শিক্ষা-নিযুক্তি)

Share This
কেৰিয়াৰ গঢ়াৰ বাবে প্ৰস্তুতি
 -প্ৰতিম প্ৰতাপ বৰুৱা
কিছুদিন আগতে এটা চৰকাৰী কামত হাৰিয়ানাৰ এখন গাঁৱলৈ যাব লগা হৈছিল। কামৰ শেষত সেই গাঁৱখনৰ কেইজনমান সাধাৰণ মানুহৰ লগত বহি এনেয়ে ইটো-সিটো কথা পাতোঁতে লৰা-ছোৱালীৰ চাকৰি-বাকৰিৰ কথা ওলাল। সেই বিষয়ত তেওঁলোকে কোৱা কথাবোৰ সাধাৰণভাৱেই শুনি গৈছিলোঁ। কথাখিনিৰ সাৰাংশ এনেধৰণৰ
হাৰিয়ানা, ৰাজস্থান আদি প্ৰদেশৰ গাঁওবিলাকত লৰা-ছোৱালীবিলাকে বংশানুক্ৰমে বা সাধাৰণভাৱেই একো একোটা কেৰিয়াৰৰ প্ৰতি সৰুতেই আকৰ্ষিত হয় আৰু সেই কেৰিয়াৰত সফলতা লাভ কৰিবলৈ তেওঁলোকে সৰুৰেপৰাই নিৰৱে সাধনা কৰে। উদাহৰণ স্বৰূপে হাৰিয়ানাৰ ৰোহ্‌টক জিলাৰ কছি, দীগ্গল, বাধানি, মহিন্দৰগড়ৰ কছ্‌ৰি, ৰাজস্থানৰ জাথ্‌-ভেৰুৰ আদি কেইখনমান গাঁৱৰ লৰাবিলাকৰ বেছিভাগ ভাৰতীয় স্থল, বায়ু আৰু নৌ সেনাত বিষয়া হিচাপে কৰ্মৰত। সেইকেইখন গাঁৱৰ উঠি অহা চামৰ মাজত NDA ৰ পৰীক্ষাত সফলতা পাবলৈ একপ্ৰকাৰ অঘোষিত প্ৰতিযোগিতা চলে। এজনে কোৱা মতে ভাৰতীয় সেনাবাহিনীৰ তিনিজনকৈ লেফটেনেন্ট জেনেৰেল পৰ্য্যায়ৰ বিষয়া দীগ্গল গাঁৱৰ। সেইকেইখন গাঁৱত কেপ্তেইন, মেজৰ, কৰ্ণেল, বিগ্ৰেডিয়াৰ পৰ্য্যায়ৰ বিষয়া কিমান আছে তেওঁলোকে নাজানে, মাত্ৰ বহুত আছে বুলিহে কলে। প্ৰতিঘৰতে গড়ে অন্তত: দুজনকৈ ভাৰতীয় স্থল, বায়ু অথবা নৌ সেনাৰ বিষয়া পোৱা যাব বুলিও কলে।

তেনেদৰে হাৰিয়ানাৰ চনিপট জিলাৰ প্ৰকাশপূৰ, চানা আদি গাঁৱৰ লৰা-ছোৱালীবোৰ সৰুতেই মল্লযুদ্ধ, কাবাড্ডি আদি থলুৱা খেলসমূহৰ প্ৰতি আকৰ্ষিত হয়। এইকেইখন গাঁৱৰ পৰা কেইবাজনো ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মল্লযুঁজাৰু ওলাইছে।

এইকেইটা মাথো উদাহৰণহে। আৰু বহুত আছে। বিহাৰ, উত্তৰপ্ৰদেশৰ পিছপৰা অঞ্চলৰ বহু লৰা-ছোৱালীয়ে প্ৰতিবছৰে IAS, IPS, IRS আদি পৰীক্ষাত উত্তীৰ্ণ হৈছে, বহুতে প্ৰতিবছৰে IIT, IIM, ISM আদি দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানত স্থান লৈছে। তাৰ বাবে তেওঁলোকে কিমান কষ্ট স্বীকাৰ কৰে সেয়া নেদেখিলে বুজিব নোৱাৰি। নিজৰ ভবিষ্যতৰ বিষয়ে তেওঁলোকে বহুত কম বয়সতেই এটা সিদ্ধান্ত লয় আৰু এবাৰ সেই সিদ্ধান্ত লোৱাৰ পিছত তেওঁলোকে কোনো ধৰণৰ অজুহাতৰ আঁৰত নিজকে লুকুৱাই নাৰাখে। এই লৰা-ছোৱালীখিনিৰ পৰা অসমৰ লৰা-ছোৱালীয়ে শিকিবলগা বহুত আছে।

সাধাৰণতে দেখা যায় যে আমাৰ অসমৰ বেছিভাগ লৰা-ছোৱালীয়ে কোনো আগতীয়া পৰিকল্পনা আৰু প্ৰস্তুতি নোহোৱাকৈ চাকৰিৰ বাবে পতা পৰীক্ষাবিলাকত অৱতীৰ্ণ হয়। ফলত বেছিভাগেই কৃতকাৰ্য্যতা লাভ কৰিব নোৱাৰে। আৰু দুবাৰমান অকৃতকাৰ্য্য হোৱাৰ পিছ্ত তেওঁলোকে হয়  পৰীক্ষাবিলাকলৈ ভয় কৰে নহয় পৰীক্ষাবোৰ ভেকোভাওনা, দূৰ্ণীতিৰে ভৰা ইত্যাদি বুলি নিজকে আৰু আনক সান্তনা (?) দিয়ে। ইফালে নিজৰ বয়স বেছি হৈ যায় আৰু এটা সময় আহে যেতিয়া হঠা এদিন আবিস্কাৰ কৰে যে এতিয়া আৰু চাকৰি পোৱাৰ বয়সেই নাই।

আমি ভাবো দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ স্নাতক শ্ৰেণীত নামভৰ্ত্তিৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলে ভবিষ্যতৰ চাকৰিৰ কথা চিন্তা কৰা ভাল। (যিহেতু স্নাতক হোৱাৰ পিছতেই চাকৰিৰ দুৱাৰখন খোল খাই যায়)। স্নাতক শ্ৰেণীৰ পঢ়াৰ কাষে কাষে সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলে চাকৰিৰ বাবে পতা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ বাবে, (যেনে - বেংক, আয়কৰ বিভাগ, পুলিচ বিভাগ, বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ সংস্থা, বিভিন্ন ইঞ্চুৰেঞ্চ কোম্পেনী, সৈন্যবাহিনী, অৰ্ধ-সামৰিক বাহিনী আদি) নিজকে প্ৰস্তুত কৰা উচিত। একেঠাইৰে  তিনিজন বা চাৰিজন ছাত্ৰ-ছাত্ৰীয়ে মিলি একো একোটা সৰু সৰু ষ্টাডি গ্ৰুপ পাতি লব পাৰে। প্ৰয়োজনীয় কিতাপ, চি.ডি. আদি গোটেইকেইজনে মিলি কিনিলে গাইপতি খৰছ কমকৈ পৰিব। নিজৰ চহৰত থকা জনা-শুনা ব্যক্তিসকলৰ (য়েনে - মহাবিদ্যালয়ৰ শিক্ষক, বেংকৰ মেনেজাৰ, বিভিন্ন কোম্পেনীৰ উচ্চ পদস্থ বিষয়া আদি) পৰা মাজে মাজে সহায় লব লাগে। আগ্ৰহেৰে আৰু ভদ্ৰভাবে কাৰোবাক অনুৰোধ কৰিলে সকলোৱে নিশ্চয় সহায় কৰিব। 

এনেকৈ প্ৰস্তুতি চলাই স্নাতক হোৱাৰ পিছতেই যদি পৰীক্ষাবিলাকত অৱতীৰ্ণ হোৱা যায়, তেন্তে কৃতকাৰ্য্যতা লাভ কৰাৰ সম্ভাবনা বহুত বাঢ়ি যাব। যিমান কম বয়সত চাকৰি পোৱা যায় সিমানে ভাল। চাকৰি পোৱাৰ পিছতো স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে বা তাতোকৈও ওপৰৰ পঢ়া-শুনা কৰিব পাৰি।
--**--
লেখকৰ ঠিকনাঃ
চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্‌চ্‌,
ওৱান এ, বেটেৰী লেন্‌, ৰাজপুৰ ৰোড,
দিল্লী-৫৪
(ম’বাইল : +৯১৯৮৭১০১৮৮৭৪)

ই-মেইল – ppbaruah.delhi@gmail.com  

No comments:

Post a Comment