অসমীয়াত বলিউদী সংলাপ-৩
* এটা মহ , মাথো এটা মহে চাল্লা মানুহক আঠুৱা তৰিবলে, লিকুইড জলাবলে বাধ্য কৰাই দিয়ে, মাত্র এটা মহে । ইফালে লেদিজ মহে কামুৰিলেতো ডাইৰেক্ট মেলেৰিয়াই ।
*ৰহ ৰহ, ফৰ-ফৰিয়া ইংলিচ কব লাগে যদি আধা ঘণ্টা ৰ, কোৱাটাৰ এটা মাৰি লবলৈ দে...তাৰ পাছত চাবি!
* মোৰ কৰণ অর্জুন আহিব অ, মোৰ কৰণ অর্জুন আহিব আৰু সোলা দাঁতেৰে খাব পৰাকৈ মলাই চম-চম আনিব ।
* কানুনৰ হাত বৈদ্য দীঘল হয় সেয়ে লোকৰ বাৰীত আম জলফাই বগৰী চুৰ কৰিবলে যাওতে নবীনে সদায় থানাৰ পৰা কাৰোবাক লৈ যায় ।
* মই গীতাৰ ওপৰত হাত থৈ কচম খাইছো যে মই যি ক’ম সঁচাই ক’ম সঁচাৰ বাহিৰে একো নকও আৰু সঁচা কথাটো হ’ল যে মই সঁচা কৈয়ে পোৱা নাই আজিলৈকে ।
* জ্বলি যোৱা খিনিক জুই আৰু নুমাই যোৱা খিনি ছাই বুলি কয়, যি ছাইৰ পৰাই মিঠাতেলৰ সতে মিলি বাৰুদ বনে তাক তাক ফাঁকুৱাৰ দিনা মুখত ৰং হিচাপে লগালে বহুত ধুলেও নেৰোৱা হয় ।
* যি টো মই কও সেইটো মই কৰো আৰু যিটো মই নকও সেইটো মই জৰুৰ কৰো । তাৰমানে নকৰা কাম একো নায়েই । সৰুতে ‘ নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ’ টো খুব পঢ়িছিল যেন পাও ।
* বাচ্চা ল’ৰাটোৰ জান লবা নেকি ঔ । যোৱা পলিঅ’ খুৱাই আনা, চিটা দিয়াই আনা ।
* মই মোৰ বংশৰ প্রথম ল’ৰা হ’ম যি লন্ডনত গৈ ফুলশয্যা নিশা যাপন কৰিম । তাকো যদিহে পাচর্পট ভিজা সময় মতে পাও ।
No comments:
Post a Comment